তিনিচুকীয়া: তিনিচুকীয়া জিলাৰ মাকুম ধুলিজান গাঁৱৰ ৰাইজৰ গা সাতখন-আঠখন । যিহেতু চলিত বৰ্ষৰ গণৰাজ্য দিৱসৰ দিনটোত ৰাষ্ট্ৰপতিৰ উৎকৃষ্ট সেৱা পদকৰ বাবে নিৰ্বাচিত হোৱা অসম ঔদ্যোগিক সুৰক্ষা বাহিনীৰ শিৱসাগৰত কৰ্মৰত কনিষ্টবল গজেন মৰাণে উপস্থিত হয় মাকুম ধূলিজান গাঁওস্থিত নিজ বাসগৃহত । বাসগৃহত উপস্থিত হোৱাৰ লগে লগে সমগ্ৰ ধূলিজানবাসী ৰাইজে বিপুল আদৰণি জনায় গজেন মৰাণক ।
মাকুম চহৰৰ পৰা এক মটৰচাইকেল সমদলেৰে আদৰি গজেন মৰাণক ধূলিজান গাঁৱৰ চাৰিআলিত ধূলিজান অমৰজ্যোতি যুৱক সংঘ আৰু অঞ্চলবাসী ৰাইজে ৬টাকৈ হাতীসহ মৰাণ জনগোষ্ঠীৰ আইসকলৰ খেৰী নাম, বিহু আৰু ঝুমুৰ দল আদিৰে এক বিশাল শোভাযাত্রা কৰি নিজ বাসগৃহত উপস্থিত হয় । ৰাষ্ট্ৰীয় পদকপ্ৰাপ্ত গজেন মৰাণক ধূলিজান অমৰজ্যোতি যুৱক সংঘৰ বিষয়ববীয়া সকলে জাপি, চেলেং চাদৰ আৰু সম্বৰ্ধনা পত্ৰৰে বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয় ।
তাৰোপৰি ধূলিজান গাঁৱৰ ৰাইজ, পুত্ৰ-বোৱাৰী, জী-জোঁৱাই, আত্মীয় স্বজনৰ লগতে অসম মৰাণ সভা মাকুম আঞ্চলিক সমিতি, ভাৰতীয় জনতা পাৰ্টী তিনিচুকীয়া জিলা সমিতি, মাকুম মণ্ডল সমিতি আৰু মহিলা কংগ্ৰেছৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয় ।
সম্বৰ্ধনা জ্ঞাপন কৰি স্থানীয় ৰাইজে কয়, "এয়া আমাৰ কাৰণে অতি গৌৰৱৰ কথা । সুদীৰ্ঘকাল গজেন মৰাণে নিজৰ দায়িত্ব নিষ্ঠা আৰু সততাৰে পালন কৰি অহাৰ বাবেই ইতিমধ্যে ৰাষ্ট্ৰপতি বঁটাৰ বাবে নিৰ্বাচিত হৈছে, এয়া এটা দিনৰ কথা নহয় । গতিকে আমিসমূহ গাঁওবাসীয়ে আজি গজেন মৰাণক নিজ গৃহলৈ উষ্ম আদৰণি জনোৱাৰ লগতে অনাগত দিনসমূহৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছো ।"
ইফালে, ৰাইজৰ বিপুল সঁহাৰি লাভ কৰি অভিভূত হৈ পৰে গজেন মৰাণে । সকলোকে ধন্যবাদ জ্ঞাপন কৰে মৰাণে । উক্ত আদৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে বৰডুবি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া শংকৰ দাস আৰু লাংকাছি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ধ্ৰুৱজ্যোতি শৰ্মা প্ৰমুখ্যে কৰি অঞ্চলটোৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে ।