প্ৰয়াগৰাজ : আজি মহাকুম্ভৰ ২৬ নম্বৰৰ দিন ৷ ২৬ নম্বৰৰ দিনটোত মহাকুম্ভ মেলাত পুনৰ এক অঘটন সংঘটিত হয় ৷ উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ মহাকুম্ভ মেলাক্ষেত্ৰৰ ১৮ নং ছেক্টৰত শুকুৰবাৰে সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা ৷ এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ পাচতে অতি ক্ষিপ্ৰতাৰে অগ্নিনিৰ্বাপক বাহিনীৰ লোকে জুই নিৰ্বাপনৰ বাবে চেষ্টা চলায় ৷
সংবাদ সংস্থা ANI-এ উল্লেখ কৰা মতে, কেনেদৰে এই অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটিল, সেই বিষয়ে জানিব পৰা হোৱা নাই ৷ লগতে এই অগ্নিকাণ্ডৰ ফলত কোন লোক হতাহত হৈছে সেই বিষয়েও জানিব পৰা হোৱা নাই ৷ পাৰ্যমানে অগ্নিনিৰ্বাপক বাহিনীৰ লোকে জুই নিৰ্বাপন কৰিবলৈ যৎপোৰনাস্তি চেষ্টা চলাই আছে ৷ ইতিমধ্যে প্ৰশাসনৰ ফালৰ পৰা যাৱতীয় সকলো ব্যৱস্থাই কৰা হৈছে ৷
#WATCH | Prayagraj | The Fire that broke out in Sector 18, Shankaracharya Marg of Maha Kumbh Mela Kshetra has been brought under control
— ANI (@ANI) February 7, 2025
There has been no loss of lives. The reason behind the fire is under investigation..." says sp city sarvesh kumar mishra pic.twitter.com/SBshdMCkrT
উল্লেখ্য যে, যোৱা সপ্তাহটো মহাকুম্ভ মেলাস্থলীত সংঘটিত হৈছিল আন এক অগ্নিকাণ্ডৰ ঘটনা ৷ তম্বু নগৰ মহাকুম্ভত প্ৰায় ২০ৰ পৰা ২৫ টা তম্বুত জুই লাগে । তম্বুত খাদ্য ৰান্ধি থকাৰ পৰাই এই জুইৰ সূত্ৰপাত হোৱা বুলি জানিব পৰা গৈছে ৷
Prayagraj: Fire breaks out in Mahakumbh Mela area, firefighters rush to scene
— ANI Digital (@ani_digital) February 7, 2025
Read @ANI Story | https://t.co/UJd2wq2NQu#MahaKumbh2025 #mahakumbh #fire pic.twitter.com/zZnmhZW0S6
এই জুয়ে নিমিষতে সমগ্ৰ অঞ্চলটো চানি ধৰে ৷ এই অগ্নিকাণ্ডৰ ফলতে শিবিৰত ৰখা বহুকেইটা চিলিণ্ডাৰ বিস্ফোৰণো হয় ৷ তাৰ পাচতে এই জুয়ে আৰু কাল ৰূপ ধাৰণ কৰে ৷ এই জুই ইমানেই ভয়াৱহ আছিল যে বহু দূৰলৈ ই বিয়পি পৰে । এই অগ্নিকাণ্ডৰ ফলত মেলাত এক বিশৃংখল পৰিৱেশৰো সৃষ্টি হয় । এই ঘটনাৰ ফলত বহু লোক আহত হোৱাৰ লগতে কেবাজনো জীৱন্ত অগ্নিদগ্ধ হোৱা বুলিও জানিব পৰা গৈছিল ৷
(ANI)