প্ৰয়াগৰাজ : গৌতম আদানিৰ পিছত মঙলবাৰে ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষ মুকেশ আম্বানী তেওঁৰ পুত্ৰ-বোৱাৰী, নাতি-নাতিনী আৰু মাতৃ কোকিলাবেন আম্বানীৰ সৈতে কুম্ভমেলাত উপস্থিত হয় ।
আম্বানী পৰিয়ালে স্বামী কৈলাসানন্দ গিৰিৰ সৈতে সঙ্গমস্থলত স্নান কৰে । কেৱল সেয়াই নহয়, তেওঁলোকে এখন বিশেষ বিমানৰ পৰা কুম্ভমেলাৰ আকাশী দৃশ্যও উপভোগ কৰে ।
বিশেষ বিমানেৰে আম্বানী পৰিয়াল মহাকুম্ভত উপস্থিত
#WATCH | Uttar Pradesh | Reliance Industries chairman Mukesh Ambani along with his family members visited #MahaKumbh2025 and took a holy dip at Triveni Sangam, in Prayagraj pic.twitter.com/YwQ9ncjG7I
— ANI (@ANI) February 11, 2025
আম্বানী পৰিয়াল মঙলবাৰে এখন বিশেষ বিমানেৰে কুম্ভমেলাত উপস্থিত হয় । আনহাতে, সঙ্গমত পবিত্ৰ স্নানৰ পিছত আম্বানী পৰিয়ালে চিদানন্দ সৰস্বতী আৰু সাধ্বী ভাগৱতী সৰস্বতীৰ পৰা আশীৰ্বাদ ল'বলৈ পৰমাৰ্থ নিকেতন শিবিৰলৈ যায় । তাত তেওঁলোকে বিশ্ব শান্তিৰ বাবে যজ্ঞত আহুতিও আগবঢ়ায় ।
![AMBANI FAMILY SANGAM SNAN](https://etvbharatimages.akamaized.net/etvbharat/prod-images/12-02-2025/up-prj-03-mahakumbh-ambani-famili-sangam-snaan-7212585_11022025204648_1102f_1739287008_599.jpg)
অনন্ত আম্বানীক পানীত খেলি থকা দেখা যায়
![AMBANI FAMILY SANGAM SNAN](https://etvbharatimages.akamaized.net/etvbharat/prod-images/12-02-2025/up-prj-03-mahakumbh-ambani-famili-sangam-snaan-7212585_11022025204648_1102f_1739287008_1083.jpg)
ধন কুবেৰ মুকেশ আম্বানীৰ পুত্ৰ অনন্ত আম্বানীক গঙ্গাত একেলগে কেইবাটাও ডুব মৰা দেখা যায় । তেওঁৰ চকু-মুখত আনন্দৰ হাঁহি স্পষ্ট ৰূপত প্ৰকাশ পায় ।
![AMBANI FAMILY SANGAM SNAN](https://etvbharatimages.akamaized.net/etvbharat/prod-images/12-02-2025/up-prj-03-mahakumbh-ambani-famili-sangam-snaan-7212585_11022025204648_1102f_1739287008_41.jpg)
গঙ্গাত স্নান কৰাৰ সময়ত অনন্ত আম্বানীক যথেষ্ট আনন্দিত দেখা গৈছিল । আনহাতে, ডুব মাৰি থকাৰ সময়ত তেওঁ কেইবাবাৰো ভাৰসাম্য হেৰুওৱাও প্ৰত্যক্ষ কৰা হয় । এই সময়ত কেইবাজনো লোকে তেওঁক ভাৰসাম্য ৰক্ষাত সহায় কৰে । স্নানৰ পিছত স্বামী কৈলাসানন্দ গিৰিয়ে মন্ত্ৰ উচ্চাৰণ কৰি গংগাৰ পানীৰে অনন্ত আম্বানীৰ মুখত হাত বুলোৱাও দেখা যায় ।
#WATCH | Reliance Industries chairman Mukesh Ambani's mother, Kokilaben Ambani attended Mahakumbh in Prayagraj, today pic.twitter.com/JhMuIn4Xfo
— ANI (@ANI) February 11, 2025
চাৰি প্ৰজন্মৰ সৈতে মহাকুম্ভত উপস্থিত মুকেশ আম্বানী
ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষ মুকেশ আম্বানী চাৰি প্ৰজন্মৰ সৈতে কুম্ভমেলা চহৰত উপস্থিত হয় । তেওঁৰ সৈতে তেওঁৰ মাতৃ কোকিলাবেন, পুত্ৰ-বোৱাৰী আকাশ-শ্লোকা আৰু অনন্ত-ৰাধিকা আৰু নাতি-নাতিনী পৃথিৱী আৰু বেদো আছিল ।
![AMBANI FAMILY SANGAM SNAN](https://etvbharatimages.akamaized.net/etvbharat/prod-images/11-02-2025/up-prj-03-mahakumbh-ambani-famili-sangam-snaan-7212585_11022025204648_1102f_1739287008_418.jpg)
আনহাতে, সঙ্গম স্নানৰ পিছত আম্বানী পৰিয়ালে নিৰঞ্জনী আখাড়াৰ আচাৰ্য মহামণ্ডলেশ্বৰ স্বামী কৈলাসানন্দ গিৰি মহাৰাজৰ উপস্থিতিত গঙ্গাক পূজাও আগবঢ়ায় । স্নানৰ পিছত পৰিয়ালটো পৰমাৰ্থ নিকেতন আশ্ৰমত উপস্থিত হৈ অনাময় কৰ্মী, নাৱৰীয়া আৰু তীৰ্থযাত্ৰীসকলক মিঠাই বিতৰণ কৰে । পৰিয়ালৰ সদস্যসকলে তীৰ্থযাত্ৰীসকলক খাদ্য প্ৰসাদো বিতৰণ কৰে ।