মৰাণ/বিশ্বনাথ : উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ধৰ্মীয় সংগঠন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শত প্ৰতিষ্ঠিত শ্ৰীমন্ত শংকৰদেৱ সংঘ । ১৯৩০ চনত গঠিত এই শ্ৰীমন্ত শংকৰদেৱ সংঘত লাখ লাখ ভকত সমৃদ্ধ হৈছে । গুৰুজনাৰ নীতি-আদৰ্শৰ আধাৰত প্ৰতিষ্ঠিত শংকৰদেৱ সংঘ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান হৈ উঠিছে যদিও বিতৰ্কই যেন লগ নেৰা হৈছে ।
এইবাৰ শংকৰ সংঘৰ বিৰুদ্ধে পুনৰ সৰৱ হৈছে টাই আহোম যুৱ পৰিষদ অসম চমুকৈ টাইপাৰ কেন্দ্ৰীয় সমিতি । শুকুৰবাৰে মৰাণত এক সংবাদমেলৰ জৰিয়তে টাইপাৰ সভাপতি বিজয় ৰাজকোঁৱৰ আৰু কাৰ্যকৰী সভাপতি ৰুদ্ৰ সাগৰ বুঢ়াগোঁহায়ে ৩১ জানুৱাৰীৰ মে-ডাম-মে-ফিত অংশ লৈ উক্ত অনুষ্ঠানৰ সভাত সভাপতিত্ব কৰাৰ বাবে শংকৰ সংঘৰ ককিলাগুৰি প্ৰাথমিক শাখাই চন্দ্ৰ বৰুৱালৈ পত্ৰ প্ৰেৰণ কৰি তেওঁক এঘৰীয়া কৰাৰ লগতে জৰিমনা বিহা কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিছে ।
![expel from sankar sangha](https://etvbharatimages.akamaized.net/etvbharat/prod-images/14-02-2025/23544373_11_aspera.jpg)
শংকৰ সংঘক এনে ভণ্ডামি এৰিবলৈ আহ্বান জনাই টাইপাৰ নেতৃত্বই শংকৰ সংঘৰ নেতৃত্বক ঘটনা সন্দৰ্ভত আহোম জনগোষ্ঠী আৰু অসমবাসীৰ ওচৰত ক্ষমা খুজিবলৈও দাবী জনাইছে । অন্যথা শংকৰ সংঘৰ অনুষ্ঠানত টাইপাই বাধা প্ৰদান কৰিব বুলি উল্লেখ কৰে ।
শংকৰ সংঘক আহোম জনগোষ্ঠী আৰু অসমবাসীৰ ওচৰত ক্ষমা খোজাৰ দাবী
শংকৰ সংঘক লৈ সৃষ্টি হোৱা বিৰ্তক সন্দৰ্ভত টাইপাৰ সভাপতি বিজয় ৰাজকোঁৱৰে কয়, "মে-ডাম-মে-ফিক লৈ চৰ্চা চলিছে ৰাজ্যত । ইয়াৰ কাৰণ হ'ল গহপুৰৰ চন্দ্ৰ বৰুৱাই ৩১ জানুৱাৰীত মে-ডাম-মে-ফিত অংশ লৈ উক্ত অনুষ্ঠানৰ সভাত সভাপতিত্ব কৰাৰ বাবে তেওঁক এঘৰীয়া কৰাৰ লগতে ৫০০ টকা জৰিমনা বিহা হৈছে । আমি শংকৰদেৱ সংঘত গুণী-জ্ঞানী মানুহ আছিল বুলি ভাবিছিলো যদিও এই ঘটনাৰ পাছত সেই ধাৰণা ভুল বুলি প্ৰমাণিত হৈছে ।"
তেওঁ লগতে কয়, "মে-ডাম-মে-ফি টাই আহোমসকলৰ উপৰিপুৰুষক উপাসনা কৰা এটা অনুষ্ঠান । এই অনুষ্ঠানত কোনোধৰণৰ মূৰ্তিপূজা কৰা নহয় । কিন্তু এই অনুষ্ঠানলৈ যোৱা বাবে শংকৰ সংঘই এজন ব্যক্তিক বহিষ্কাৰ কৰিছে । তাক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছো ।"
লগতে সভাপতিগৰাকীয়ে কয়, "শংকৰ সংঘই গাহৰি, কুকুৰা পুহিলে বহিষ্কাৰ কৰে । কিন্তু শংকৰ সংঘৰ অধিবেশনলৈ যিসকলক নিমন্ত্ৰণ কৰি আগস্থান দিয়ে সেইসকলে গাহৰিও খায়, মূৰ্তি পূজাও কৰে । শংকৰ সংঘক আমি এইধৰণৰ ভণ্ডামি এৰিবলৈ আহ্বান জনাইছো । শংকৰদেৱে জাতিভেদ বিচাৰ কৰা নাছিল । শংকৰদেৱৰ নামত সংঘ খুলি ভণ্ডামি কৰা হৈছে । শংকৰ সংঘৰ দৰে ক্লাব খুলি অসমৰ জাতি-জনগোষ্ঠীৰ পৰম্পৰাক অপমান কৰাৰ লগতে অসমৰ সাতামপুৰুষীয়া সম্প্ৰীতি বিনষ্ট কৰা হৈছে । সেয়ে আহোম জনগোষ্ঠী আৰু অসমবাসীৰ ওচৰত ক্ষমা নুখুজিলে শংকৰ সংঘৰ অনুষ্ঠানত টাইপাই বাধা দিব ।"
ঘটনাৰ পটভূমি কি
উল্লেখ্য যে ঘটনা অনুসৰি, যোৱা ৩১ জানুৱাৰীত আহোমৰ পৰম্পৰাগত ধৰ্মীয় উৎসৱ মে-ডাম-মে-ফিৰ অনুষ্ঠান গহপুৰত অনুষ্ঠিত হয় । এই অনুষ্ঠানত স্থানীয় এজন লোকে সভাপতিত্ব কৰাৰ বাবেই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগী পদ বাতিল কৰা ঘটনাই এতিয়া সমগ্ৰ ৰাজ্যতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । গহপুৰ সমষ্টিৰ ককিলাগুৰিৰ চাও চন্দ্ৰ বৰুৱাৰ সংগী পদ বাতিল কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ককিলাগুৰি প্ৰাথমিক শাখাই ।
৩১ জানুৱাৰীত গহপুৰ সমষ্টিৰ ককিলাগুৰিৰ ৰঙ্গমঞ্চত অনুষ্ঠিত মে-ডাম মে-ফিৰ অনুষ্ঠানত চন্দ্ৰ বৰুৱাই সভাপতিত্ব কৰাৰ বাবে বুধবাৰে ককিলাগুৰি প্ৰাথমিক শাখাই চন্দ্ৰ বৰুৱালৈ সংগীপদ বাতিলৰ জাননী প্ৰেৰণ কৰে । প্ৰাথমিক শাখাটোৰ সম্পাদকৰ দ্বাৰা স্বাক্ষৰিত উক্ত জাননীত পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ সভাপতি চন্দ্ৰ বৰুৱাক পুনৰ সংগীপদ লাভৰ বাবে ৫০০ টকা অৰ্থদণ্ড আৰু সংস্কাৰ হোৱাৰ কথাও উল্লেখ কৰিছে ।
ইফালে আহোম জনগোষ্ঠীৰ লোক হৈয়ো আহোমৰ ধৰ্মীয় উৎসৱ মে-ডাম-মে-ফিত আগভাগ লোৱা চন্দ্ৰ বৰুৱাক সংস্কাৰ হ'বলৈ নিৰ্দেশ দিয়া কাৰ্যই প্ৰকৃতাৰ্থত কি সূচাব বিচাৰিছে সেয়া বিচাৰ্যৰ বিষয় হৈ পৰিছে । এই ঘটনাৰ বিষয়ে বিয়পি পৰা লগে লগে আহোম জনগোষ্ঠীৰ দল-সংগঠনসমূহ শংকৰদেৱ সংঘৰ ককিলাগুৰি শাখাৰ বিষয়ববীয়াৰ বিৰুদ্ধে জাঙুৰ খাই উঠে ।