ETV Bharat / state

খাম্ফাৰ পিছত এইবাৰ ট্ৰেক্টৰত উঠি বহিল প্ৰাক্তন বিধায়ক হিতেশ বসুমতাৰী - HITESH BASUMATARY JOINS UPPL

পৰিষদীয় নিৰ্বাচনৰ পূৰ্বে বড়োভূমিত আৰম্ভ দল বাগৰাৰ ৰাজনীতি ।

UPPL joining meeting in Musalpur
ইউ পি পি এলত যোগদান প্ৰাক্তন বিধায়ক হিতেশ বসুমতাৰীৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Feb 14, 2025, 8:06 PM IST

বাক্সা: এইবাৰ নাঙল এৰি ট্ৰেক্টৰত উঠিল আন এগৰাকী বি পি এফ নেতা । সমাগত পৰিষদীয় নিৰ্বাচনৰ পূৰ্বে বড়োভূমিৰ ৰাজনীতিত আকৌ পট-পৰিৱৰ্তন । কেইদিনমান পূৰ্বে বি পি এফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ একালৰ ঘনিষ্ঠ সহযোগী তথা দলটোৰ উপ-সভাপতি খাম্ফা বৰগয়াৰীয়ে দলত্য়াগ কৰাৰ পিছত এইবাৰ ট্ৰেক্টৰত উঠি বহিল প্ৰাক্তন বিধায়ক হিতেশ বসুমতাৰী ।

শুক্ৰবাৰে ইউ পি পি এলত আনুষ্ঠানিকভাৱে যোগদান কৰে প্ৰাক্তন বিধায়ক হিতেশ বসুমতাৰীয়ে । বিশাল সমদল লৈ যোগদান কাৰ্যসূচীত উপস্থিত হয় বাক্সাৰ প্ৰভাৱশালী নেতাগৰাকী । এইগৰাকী নেতাই কেইদিনমান পূৰ্বে বি পি এফ ত্যাগ কৰিছিল । আজি বি টি চিৰ মুখ্য় কাৰ্যবাহী সদস্য় প্ৰমোদ বড়োৰ উপস্থিতিত মুছলপুৰ দুৰ্গা মন্দিৰ প্ৰাংগনত অনুষ্ঠিত ইউ পি পি এলৰ বিশাল যোগদান সভাত হিতেশ বসুমতাৰীয়ে দলটোত যোগদান কৰে ।

ইউ পি পি এলত যোগদান প্ৰাক্তন বিধায়ক হিতেশ বসুমতাৰীৰ (ETV Bharat Assam)

এই অনুষ্ঠানটোত উপস্থিত থাকে খাম্পা বৰগয়াৰী, চন্দন ব্ৰহ্ম আদি কেইবাগৰাকীও নেতা । উল্লেখ্য যে ২০০৩ চনৰ ১০ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ আৰু বি এল টিৰ মাজত স্বাক্ষৰিত বি টি চি চুক্তিৰ অন্যতম স্বাক্ষৰকাৰী আছিল হিতেশ বসুমতাৰী ৷ আজি যোগদান কাৰ্যসূচীত প্ৰায় পাঁচশ লোকে ইউ পি পি এল দলত যোগদান কৰে ৷

মূল্যবোধৰ ৰাজনীতি বুজি নাপায় হাগ্ৰামাই :

ইয়াৰ পিছতেই বি টি চিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে সাংবাদিকৰ আগত কয়, "বি টি আৰত আমি সৰ্বস্তৰৰ উন্নয়নৰ বাবে কাম কৰি আছো । ইউ পি পি এলত একত্ৰিকৰণৰ যাত্ৰা আৰম্ভ হৈছে । সস্তীয়া ৰাজনীতি আৰু মূল্যবোধৰ ৰাজনীতি কি এইবোৰ বুজি নাপায় হাগ্ৰামা মহিলাৰীয়ে ৷ ৰাজনীতিৰ নামত বেপাৰ চলাই আছে ৷ যিয়ে বি পি এফ দলত প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰিছে সিয়ে দুই লাখকৈ টকা দিব লাগে ৷"

হাগ্ৰামাৰ একনায়কত্ববাদী ৰাজনীতিয়ে খহনীয়াৰ মূল কাৰণ :

আনহাতে, বি পি এফ ত্য়াগ কৰা সন্দৰ্ভত হিতেশ বসুমতাৰীয়ে কয়, "বি টি চিত শক্তিশালী ৰাজনীতি সৃষ্টি কৰিবলৈ আমি ইউ পি পি এল দলত যোগদান কৰিছো ৷ হাগ্ৰামা মহিলাৰীৰ একনায়কত্ববাদী ৰাজনীতিয়েই বি পি এফৰ খহনীয়াৰ মূল কাৰণ ৷ যোৱা বি টি চি নিৰ্বাচনত বি পি এফ দলে অধিক আসন লাভ কৰিলে যদিও চৰকাৰ গঠনৰ কাৰণে আগবাঢ়ি নাহিল, এইটো এটা সন্দেহৰ বিষয় ৷ দলৰ কাৰ্যনিৰ্বাহক সভাত কোনো আলোচনা নকৰাকৈ হাগ্ৰামা মহিলাৰীয়ে নিজে নিজেই কাৰ্যপন্থা হাতত লোৱাটো সন্দেহৰ বিষয় ।"

ইফালে, হিতেশ বসুমতাৰীয়ে হাগ্ৰামা মহিলাৰীয়ে প্ৰায়ে সন্দেহজনক ভূমিকা পালন কৰে বুলি উল্লেখ কৰি তেওঁৰ বিৰুদ্ধে সৰৱ হৈ পৰে । লগতে তেওঁক হাগ্ৰামা মহিলাৰীয়ে কামাণ্ডাৰ আখ্যা দিয়াত সুখীহে হৈছে বুলি উল্লেখ কৰি কামাণ্ডাৰে যুদ্ধৰ নেতৃত্ব দিয়ে বুলি কয় ।

লগতে পঢ়ক:আধাৰাস্তাৰ পৰাই বেণ্ডপাৰ্টীৰে আদৰি খাম্ফাক ট্ৰেক্টৰত বহুৱাই দিলে প্ৰমোদ বড়োৱে - KAMPA BORGOYARI JOINED UPPL

খাম্ফা বৰগয়াৰীক ইউ পি পি এললৈ ডেপুটেশ্যনত পঠিয়াইছো: হাগ্ৰামা মহিলাৰী - KAMPA BORGOYARI JOINED UPPL

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.