ETV Bharat / technology

সুখবৰ! পুনৰ সক্ৰিয় হ’ল জিঅ’ৰ সস্তীয়া ৰিচাৰ্জ প্লেন - JIO RECHARGE PLAN UNDER 200

জিঅ’ই পুনৰ সক্ৰিয় কৰিছে ইয়াৰ এটা পুৰণি প্লেন । এই প্লেনত 28 দিনৰ বাবে কলিং আৰু ডাটা বেনিফিট উপলব্ধ হ’ব । মূল্য কিমান জানো আহক---

jio-relaunched-its-most-affordable-monthly-recharge-plan-priced-at-rs-189-with-unlimited-calling-data-and-sms-details-in-assamese
সুখবৰ! পুনৰ সক্ৰিয় হ’ল জিঅ’ৰ সস্তীয়া ৰিচাৰ্জ প্লেন (Getty Image)
author img

By ETV Bharat Tech Team

Published : Feb 12, 2025, 9:55 AM IST

হায়দৰাবাদ: জিঅ’ই পুনৰ আৰম্ভ কৰিছে সস্তাতম মাহেকীয়া ৰিচাৰ্জ প্লেন । ৰিলায়েন্স জিঅ’ই এই প্লেন নিজৰ এপত লাইভ কৰিছে । My Jio app ৰ value section ত গৈ এই প্লেনৰ বিষয়ে চাব পাৰিব । এই প্লেনৰ মূল্য মাত্ৰ 189 টকা । এই প্লেনৰ অধীনত ব্যৱহাৰকাৰীয়ে আনলিমিটেড কলিঙৰ লগতে ডাটা আৰু এছএমএছৰ সুবিধাও লাভ কৰিব । এই প্লেনৰ বিষয়ে বিতংকৈ জানো আহক---

জিঅ'ৰ সস্তীয়া প্লেন

ইতিমধ্যে উল্লেখ কৰা হৈছে যে ৰিলায়েন্স জিঅ’ৰ নতুন প্লেনৰ মূল্য মাত্ৰ 189 টকা । কোম্পানীয়ে পুনৰবাৰ এই প্লেনটো ভেল্যু পেক ছেকচনত প্ৰৱৰ্তন কৰিছে । ইয়াৰ লগে লগে ব্যৱহাৰকাৰীয়ে 28 দিনৰ বৈধতা লাভ কৰিব । এই প্লেনৰ জৰিয়তে ব্যৱহাৰকাৰীয়ে 28 দিনৰ বাবে আনলিমিটেড কল কৰিব পাৰিব । ইয়াৰ উপৰিও এই প্লেনৰ জৰিয়তে ব্যৱহাৰকাৰীয়ে মুঠ 300 এছএমএছ আৰু 2 GB ডাটা লাভ কৰিব ।

উল্লেখ্য যে ভাৰতীয় টেলিকম ৰেগুলেটৰী অথৰিটি (TRAI)-এ সকলো টেলিকম কোম্পানীক কেৱল কলিং প্লেন আৰম্ভ কৰিবলৈ কৈছিল, তাৰ পিছত শেহতীয়াকৈ জিঅ’, এয়াৰটেল আৰু ভোডাফোন-আইডিয়াই কেৱল কলিং প্লেনহে আৰম্ভ কৰিছিল । এই ক্ৰমত জিঅ’ই ৱেবছাইট আৰু এপৰ পৰা 189 টকাৰ সস্তীয়া প্লেন আঁতৰাই পেলাইছিল যদিও এতিয়া কোম্পানীয়ে পুনৰ এবাৰ এই ৰিচাৰ্জ প্লেন সক্ৰিয় কৰিছে ।

কেৱল ভইচ কলিং প্লেন

ওপৰত উল্লেখ কৰা সুবিধাসমূহৰ উপৰিও এই পৰিকল্পনাত জিঅ’ টিভি, জিঅ’ চিনেমা আৰু জিঅ’ ক্লাউড চাবস্ক্ৰিপচনৰ সুবিধাও উপলব্ধ । মন কৰিবলগীয়া যে শেহতীয়াকৈ জিঅ’ই কেৱল ভইচ কলিং আৰু এছএমএছৰ সৈতে দুটা ৰিচাৰ্জ প্লেন মুকলি কৰিছে । এই প্লেন দুটাৰ মূল্য 448 টকা আৰু 1748 টকা ।

  • 448 টকীয়া এই প্লেনত আনলিমিটেড ভইচ কলিং, 1000 এছএমএছৰ লগতে জিঅ’ টিভি, জিঅ’ চিনেমা আৰু জিঅ’ ক্লাউডত 84 দিনৰ বাবে চাবস্ক্ৰিপচনৰ ব্যৱস্থা আছে ।
  • 1748 টকীয়া প্লেনত 336 দিনৰ বাবে আনলিমিটেড কলিং, মুঠ 3600 এছএমএছৰ লগতে জিঅ’ টিভি, জিঅ’ চিনেমা আৰু জিঅ’ ক্লাউডৰ বিনামূলীয়া চাবস্ক্ৰিপচনৰ সুবিধা আছে ।

লগতে পঢ়ক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.