নগাঁও/বাক্সা: ৰাজ্যৰ বিশেষকৈ গ্ৰামাঞ্চলৰ খেলুৱৈসকলৰ প্ৰতিভা বিকাশৰ উদ্দেশ্যৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে বিগত বৰ্ষৰ পৰা আৰম্ভ কৰিছে খেল মহাৰণ নামেৰে এক বিশেষ কাৰ্যসূচী । যাৰ জৰিয়তে গ্ৰামাঞ্চলৰ খেলুৱৈসকলে লাভ কৰিছে এখন মঞ্চ ।
বিগত বৰ্ষৰ দৰে এইবাৰো আৰম্ভ হৈছে খেল মহাৰণ ২.০ । পঞ্চায়ত আৰু ব্লক পৰ্যায়ত পাৰদৰ্শিতা দেখুওৱা খেলুৱৈসকলক বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে জিলাভিত্তিক প্ৰতিযোগিতাসমূহ ।
নগাঁৱত খেল মহাৰণ ২.০:
এইবাৰো সাজু হৈছে নগাঁও জিলা । জিলাখনৰ পঞ্চায়ত আৰু ব্লক পৰ্যায়ত ইতিমধ্যে খেল মহাৰণ ২.০ ৰ প্ৰতিযোগিতা অনুষ্ঠিত হৈ যোৱাৰ পাছত বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে জিলাভিত্তিত প্ৰতিযোগিতাসমূহ । জিলাভিত্তিত অনুষ্ঠিত হোৱা খেল মহাৰণৰ পৰা ৰাজ্যিক ভিত্তিত হ'বলগীয়া খেল মহাৰণৰ বাবে খেলুৱৈ বাচনি কৰা হ'ব । নগাঁও ক্ৰীড়া সন্থাৰ খেলপথাৰ নুৰুল আমিন ষ্টেডিয়ামত তিনিদিনীয়াকৈ আৰম্ভ হোৱা খেল মহাৰণৰ বৃহস্পতিবাৰে শুভাৰম্ভ কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই ।
অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যান বিভাগৰ উদ্যোগত আৰু নগাঁও জিলা প্ৰশাসনৰ সহযোগত বৃহস্পতিবাৰৰ পৰা আৰম্ভ হোৱা খেল মহাৰণত জিলাখনৰ ৬৭ হাজাৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰা বুলি সংবাদ মাধ্যমৰ সন্মুখত উল্লেখ কৰে নগাঁও-বটদ্ৰৱা সমষ্টিৰ বিধায়ক শৰ্মাই ।
বৃহস্পতিবাৰে নগাঁও জিলা ভিত্তিত অনুষ্ঠিত হোৱা খেল মহাৰণ ২.০ ৰ শুভাৰম্ভ কৰি জিলাখনৰ পৰা বিগত বৰ্ষত তিনিগৰাকীকৈ খেলুৱৈয়ে সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হোৱাৰ কথাও সদৰী কৰে বিধায়ক ৰূপক শৰ্মাই । ধিং এক্সপ্ৰেছ খ্যাত এথলেটিক হিমা দাসৰ প্ৰসংগও উল্লেখ কৰি জিলাখনৰ পৰা হিমা দাসৰ দৰে আৰু খেলুৱৈ সৃষ্টি হ'ব বুলিও আশা ব্যক্ত কৰে বিধায়কগৰাকীয়ে ।
বৃহস্পতিবাৰৰ পৰা নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামত আৰম্ভ হোৱা খেল মহাৰণ ২.০ ৰ শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকি জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহেও উপস্থিত খেলুৱৈসকৱক অভিনন্দন জ্ঞাপন কৰে । বৃহস্পতিবাৰে নগাঁও জিলা ভিত্তিত অনুষ্ঠিত খেল মহাৰণ ২.০ ৰ শুবাৰম্ভণি অনুষ্ঠানত নগাঁও জিলাৰ অতিৰিক্ত আয়ুক্ত সুদীপ নাথ, জিলা জনসংযোগ বিষয়া মন্দিৰা চায়েঙীয়া দলেৰ লগতে জিলা প্ৰশাসনৰ বিষয়া, নগাঁও ক্ৰীড়া সন্থাৰ বিষয়ববীয়া উপস্থিত থাকে ।
বাক্সাত খেল মহাৰণ ২.০:
বাক্সা জিলাৰ মুছলপুৰৰ বাথৌপুৰী ক্ৰীড়া প্ৰকল্প খেলপথাৰত বৃহস্পতিবাৰে বাক্সা জিলাৰ আয়ুক্ত গৌতম দাস, এমচিএলএ ঘনশ্যাম দাসৰ উপস্থিতিত জিলাখনত খেল মহাৰণ ২.০ আৰম্ভ কৰা হয় । পুৱা খেল মহাৰণৰ শিখা প্ৰজ্বলনেৰে আৰম্ভ হোৱা খেল মহাৰণৰ বেলুন উৰুৱাই আনুষ্ঠানিকভাৱে মুকলি কৰে এমচিএলএ ঘনশ্যাম দাস আৰু আয়ুক্ত গৌতম দাসে ।
ইয়াৰ লগে লগে বাক্সা জিলাৰ ৪২ নং বাক্সা বিধানসভা সমষ্টি আৰু ৪১ নং মানাহ বিধানসভা সমষ্টিৰ খেলুৱৈসকলৰ ৫ টা বিভিন্ন বিভাগৰ খেলসমূহ আৰম্ভ হয় । খেল মহাৰণ ২.০ উদ্বোধন কৰি ঘনশ্যাম দাসে কয়, "খেলৰ দ্বাৰা শৰীৰ সুস্থ ৰখাৰ লগতে মানসিক উৎকৰ্ষ সাধন হয় । খেল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি নিজৰ লগতে দেশৰ নাম উজলাব পাৰিব ।"
তেওঁ যুৱক-যুৱতীসকলক উদ্দেশ্যি কয়, "নিচা জাতীয় দ্ৰব্য মদ, ভাং, ড্ৰাগছ সেৱনৰ পৰা বিৰত থাকক । এই মহাব্যাধিৰ পৰা আঁতৰত থাকিলেহে জীৱনত আগবাঢ়ি যাবলৈ সক্ষম হ'ব ।"