প্ৰয়াগৰাজ : মহাকুম্ভ ২০২৫; ১৩ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছে মহাকুম্ভ মেলা ৷ ১২ বছৰৰ মূৰে মূৰে আৰম্ভ হোৱা এই মেলা এইবাৰ ২৬ ফেব্ৰুৱাৰীৰ দিনা অন্ত পৰিব ৷ ইতিমধ্যে এই মেলালৈ বহু দেশা-বিদেশী পৰ্যটকৰ আগমন ঘটা পৰিলক্ষিত হৈছে ৷
আনকি গংগা, যমুনা আৰু অদৃশ্য সৰস্বতীৰ ত্ৰিবেণী সংগমত স্নান কৰি সকলোৱে নিজৰ পাপ প্ৰায়শ্চিত্ত কৰিবলৈ অহা দেখা গৈছে ৷ বৃহস্পতিবাৰৰ দিনা চুবুৰীয়া দেশ পাকিস্তানৰ পৰা ৬৮ টা হিন্দু পৰিয়াল মহাকুম্ভ মেলাত উপস্থিত হয় ।
জানিব পৰা মতে, পাকিস্তানৰ পৰা অহা এইসকল লোকে ত্ৰিবেণী সংগম ডুব মাৰিব বা স্নান কৰিবলৈ আহিছে ৷ বৃহস্পতিবাৰেই ইয়াৰে কেবাজনো পাকিস্তানী হিন্দুৱে মা গংগাক পূজা কৰে । লগতে কেবাজনো লোকে এই পবিত্ৰ সংগমস্থলীত নিজৰ পূৰ্বপুৰুষৰ অস্তি বিসৰ্জন দিয়া যায় ।
![Maha Kumbh Mela 2025 68 Hindu families from Pakistan reached Maha Kumbh took dip Sangam](https://etvbharatimages.akamaized.net/etvbharat/prod-images/07-02-2025/up-prj-04-mahakumbh-7212585_06022025225335_0602f_1738862615_822.jpg)
প্ৰয়াগৰাজত উপস্থিত হোৱা এই ভক্তৰ দলটো পাকিস্তানৰ সিন্ধু আৰু পঞ্জাব প্ৰান্তৰৰ বাসিন্দা । বিশেষ ভিছাৰে সহায়ত তেওঁলোকে এই সংগম স্থানত উপস্থিত হয় ৷ পাকিস্তানৰ পৰা অহা দলটোৰে মহন্ত ৰামনাথ নামৰ এজনে কয় যে এই পবিত্ৰ স্থানত উপস্থিত হোৱাৰ পূৰ্বে তেওঁলোক সকলোৱে হৰিদ্বাৰলৈ গৈছিল ।
হৰিদ্বাৰৰ পৰা আহি পাকিস্তানৰ এই দলটোৱে প্ৰয়াগৰাজৰ মহাকুম্ভৰ সংগমস্থলীত স্নান কৰে। লগতে তেওঁলোকে পূৰ্বপুৰুষৰ আত্মাৰ শান্তিৰ বাবে প্ৰাৰ্থনা কৰে । ১৪৪ বছৰৰ পাছত অনুষ্ঠিত হোৱা এই মহাকুম্ভ ভ্ৰমণ কৰিবলৈ পাই তেওঁলোক যথেষ্ট আনন্দিত হৈছে বুলি মন্তব্য কৰে ৷ লগতে উত্তৰ প্ৰদেশৰ যোগী চৰকাৰে কৰা উন্নত ব্যৱস্থাৰ বাবে তেওঁলোকে ভূয়সী প্ৰশংসা কৰে ।