ETV Bharat / bharat

শুই থাকোতেই ইটাৰ বেৰ খহি চাৰি শিশুৰ মৃত্যু - HISAR WALL COLLAPSE CHILDREN DIED

নিশা শিশুকেইটিক শ্ৰমিকসকলে শুৱাই থৈ কাম কৰি আছিল । তেনেতেই ঘটিল দুৰ্ঘটনাটো ।

Haryana Tragic Incident
হাৰিয়ানাৰ হিছাৰ জিলাত মৰ্মান্তিক ঘটনা (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Dec 23, 2024, 2:20 PM IST

হিছাৰ: হাৰিয়ানাৰ হিছাৰ জিলাত দেওবাৰে নিশা সংঘটিত হয় এক মৰ্মান্তিক ঘটনা । শুই থকা অৱস্থাতেই শিশুৰ ওপৰত ইটাৰ বেৰ খহি পৰাত এই দুৰ্ঘটনাটো সংঘটিত হয় । এই দুৰ্ঘটনাটোত চাৰিটা শিশুৰ মৃত্যু হয় । মৃত এই চাৰি শিশুৰ ভিতৰত এটা তিনিমহীয়া কেঁচুৱাও আছে ।

দুৰ্ঘটনাটোৰ সময়ত শিশুকেইটিৰ পিতৃ-মাতৃয়ে ভাতাত কাম কৰি আছিল । নিহত শিশুকেইটিৰ আটাইকেইটাৰ পৰিয়াল উত্তৰ প্ৰদেশৰ । আনহাতে, আঘাতপ্ৰাপ্ত শিশুসকলক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। আন এগৰাকী ৫ বছৰীয়া কন্য়াশিশুৰ অৱস্থা সংকটজনক।

দুৰ্ঘটনাটোত ৪ টা শিশুৰ মৃত্যু :

এই ঘটনাটো নৰনাউণ্ডৰ বুদানা গাঁৱত সংঘটিত হৈছে । বহুতো শ্ৰমিকে ইয়াত ইটাভাতাত কাম কৰি আছিল । তেওঁলোকৰ ল'ৰা-ছোৱালীকেইটি চিমনিৰ ওচৰৰ দেৱালৰ ওচৰত শুই আছিল । দেৱালখন চাৰিওফালৰ পৰা আগুৰি থকা আৰু বাহিৰলৈ যাবলৈ এখন ডাঙৰ গেট আছে ।

শিশুসকল য'ত শুই আছিল তাতেই ভাতা চিমনিৰ কাষৰ দেৱালখন নিশা খহি পৰে । লগে লগে ঘটনাস্থলীত তিনিটা শিশুৰ মৃত্যু হয় । আনহাতে, এই দুৰ্ঘটনাটোত কেইবাটাও শিশু আঘাতপ্ৰাপ্ত হয় । আহত সকলক খৰখেদাকৈ চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। চিকিৎসালয়লৈ যোৱাৰ পথত এটি তিনিমহীয়া শিশুৰ মৃত্যু হয় ।

এই ঘটনা সন্দৰ্ভত ওম প্ৰকাশ নামৰ এজন শ্ৰমিকে কয়," নিশা প্ৰায় ১২ বজাত ২৫ জন শ্ৰমিকে কাম কৰি আছিল । সকলো শিশু চিমনিৰ ওচৰৰ দেৱালৰ ওচৰত শুই আছিল । এই দেৱালখন চাৰিওফালে আগুৰি আছে । বাহিৰলৈ যাবলৈ এখন ডাঙৰ গেট আছে । য'ত শিশুবোৰ শুই আছিল তাত এখন ইটাৰ বেৰ আছিল আৰু এইখনেই শিশুসকলৰ ওপৰত পৰে । ঘটনাস্থলীত তিনিটা শিশুৰ মৃত্যু হয় । আটাইকেইটি আহত শিশুক হিছাৰলৈ প্ৰেৰণ কৰা হৈছে । অৱশ্য়ে চিকিৎসালয়লৈ যোৱাৰ পথত এটি শিশুৰ মৃত্যু হয় । আঘাতপ্ৰাপ্ত শিশুসকল চিকিৎসাধীন হৈ আছে ।"

গাঁওখনত শোকাকুল পৰিৱেশ:

একে সময়তে শিশুকেইটিৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে । মৃত শিশুকেইটিৰ পৰিয়ালৰ সদস্য়সকল কান্দোনত ভাগি পৰিছে । একেলগে ৪ টা শিশুৰ মৃত্যু হোৱা গাঁওখনত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে ।

লগতে পঢ়ক:খহি পৰিল বহুমহলীয়া অট্টালিকা; মৃতকৰ সংখ্যা ২ লৈ বৃদ্ধি - MOHALI BUILDING COLLAPSE

পেট্ৰ'ল পাম্পত ভয়ংকৰ অগ্নিকাণ্ড; জীৱন্তে অগ্নিদগ্ধ প্ৰায় ৮, ভস্মীভূত ৪০ খনতকৈ অধিক বাহন - JAIPUR PETROL PUMP FIRE

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.