কলিয়াবৰ : কলিয়াবৰ চাহ বাগিচাৰ সমীপৱৰ্তী কামাখ্যা সংৰক্ষিত বনাঞ্চলৰ সীমাত কিছুদিনৰ পৰা বাঘে সন্ত্ৰাস চলাই আহিছে । পশুধন খোৱাই নহয় কেইবাগৰাকী লোককো আক্ৰমণ কৰিছে বাঘে । তাৰ মাজতে দেওবাৰে এজন লোকৰ মৃতদেহৰ কিছু অংশ হাবিত উদ্ধাৰ হয় । মৃতদেহটো নিৰুদ্দিষ্ট বাসুদেৱ কৰ্মকাৰৰ বুলি ৰাইজে সন্দেহ কৰিছে । যমুনা গ'ড় নামৰ এগৰাকী মহিলা চাহ শ্ৰমিকো বাঘৰ আক্ৰমণত আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন অৱস্থাত আছে ।
দেওবাৰে মৃতদেহৰ অংশ উদ্ধাৰ হোৱাৰ পিছতে অঞ্চলটোত উপস্থিত হয় স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্ত । মন্ত্ৰীজনে প্ৰয়াত লোকজনৰ আত্মাৰ সদগতি কামনা কৰে আৰু শোকসন্তপ্ত পৰিয়ালক সমবেদনা জ্ঞাপন কৰে । গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ থকা মহিলা শ্ৰমিকগৰাকীৰ আশু আৰোগ্যও কামনা কৰে ।
মন্ত্ৰীৰ তৎপৰতা
কেশৱ মহন্তই সংবাদ মাধ্যমৰ আগত কয়,"প্ৰায় এবছৰ ধৰি বাঘৰ বিচৰণৰ বিষয়ে সকলো অৱগত আছিল । সিদিনালৈকে বাঘে গৰু-ছাগলী খাই আছিল কিন্তু এতিয়া সেই বাঘ নৰখাদকলৈ ৰূপান্তৰ হৈছে । গতিকে বন বিভাগে এই বাঘটোক অতি সোনকালে কৰায়ত্ত কৰি নিনিলে ৰাইজৰ বাবে ডাঙৰ বিপদ হ'ব । মই বন বিভাগৰ লগত যোগাযোগ কৰিছো আৰু বাঘটোক ট্ৰেংকুলাইজড কৰি শীঘ্ৰে ইয়াৰ পৰা লৈ যাবলৈ আহ্বান জনাইছো । পাৱাৰ ফেঞ্চিংখনো চাহ বাগিচাৰ মাজৰ পৰা আঁতৰাই বাগিচাৰ সীমাত সংস্থাপন কৰাৰ ব্যৱস্থা কৰা হ'ব ।"
স্থানীয় বিধায়কৰ প্ৰতিশ্ৰুতি
বাঘৰ সন্ত্ৰাসৰ পৰা পৰিত্ৰাণ বিচাৰি শিলঘাট আৰক্ষী চকীত ৰাইজে প্ৰতিবাদ কৰি থকা সময়তে মন্ত্ৰীগৰাকী সেই স্থানত উপস্থিত হয় আৰু ৰাইজক শান্ত কৰাৰ চেষ্টা কৰে । বন বিভাগৰ বিষয়া, চাহ বাগিচাৰ স্বত্বাধিকাৰী, অসম চাহ মজদুৰ সংঘ, চাহ জনজাতি ছাত্ৰ সন্থাৰ নেতৃবৃন্দ আৰু স্থানীয় ৰাইজৰ সৈতে মন্ত্ৰীগৰাকীয়ে সমগ্ৰ বিষয়টো সন্দৰ্ভত আলোচনা কৰে আৰু তৎকালীনভাৱে এইক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰে । বাঘৰ উপদ্ৰৱৰ পৰা স্থানীয় ৰাইজক সুৰক্ষা দিয়াৰ বাবে বন বিভাগ আৰু বাগিচাৰ স্বত্বাধিকাৰীক বিভিন্ন পৰামৰ্শও আগবঢ়াই মন্ত্ৰীজনে ।
মন্ত্ৰীজনে কলিয়াবৰ চাহ বাগিচাত স্থাপন কৰা ফেঞ্চিংখন ৰাইজৰ অসুবিধা নোহোৱাকৈ সঠিক স্থানত নতুনকৈ স্থাপন কৰাৰ লগতে এলেকাটোত তৎকালীনভাৱে বন বিভাগৰ বেটেলিয়ন নিয়োগ কৰিবলৈ পৰামৰ্শ দিয়ে । বাঘৰ আক্ৰমণত নিহত হোৱা পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা যাতে সোনকালে হয় সেই বিষয়েও বিভাগীয় বিষয়াসকলৰ দৃষ্টি আকৰ্ষণ কৰে । লগতে নৰখাদক বাঘটোক শীঘ্ৰে ট্ৰেংকুলাইজ কৰি উক্ত স্থানৰ পৰা আঁতৰ কৰিবলৈও মন্ত্ৰী কেশৱ মহন্তই বন বিভাগক পৰামৰ্শ দিয়ে । তেওঁ লোকসকলক আশ্বাস দি কয়, "বন বিভাগে ইতিমধ্যে পৰিস্থিতিৰ ওপৰত দৃষ্টি ৰাখিছে, সেয়ে ৰাইজ চিন্তিত হ'ব নালাগে । সকলোৱে যাতে অঞ্চলটোত চলা-ফুৰা কৰোতে সজাগ আৰু সাৱধান হয় ।"
লগতে পঢ়ক :ক্ষত-বিক্ষত মৃতদেহ উদ্ধাৰ; বাঘে ভক্ষণ কৰাৰ সন্দেহ - KALIABOR TIGER TERROR