গুৱাহাটী : অসমীয়া ছবিজগতৰ এগৰাকী মোহময়ী অভিনেত্ৰী বৰষা ৰাণী বিষয়া । নিজৰ অনন্য অভিনয়ৰ লগতে স্পষ্টবাদী কথা-বতৰাৰ বাবে অসমবাসীৰ মাজত অতিকে জনপ্ৰিয় অভিনেত্ৰীগৰাকী । বহুসংখ্যক অসমীয়া ছবিত অভিনয় কৰি দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হোৱা বৰষা ৰাণীৰ জীৱনলৈ নৱবৰ্ষৰ প্ৰাকক্ষণত আহিল এটা ভাল খবৰ । বৰষা-ভাস্কৰৰ সংসাৰলৈ আগমন ঘটিছে নতুন অথিতিৰ । দুজনীয়া পৰিয়াল তিনিজনীয়া হ’ল ৷ বৰষা ৰাণী বিষয়াৰ কোলা শুৱনি কৰিলে এটি কন্যা সন্তানে ।
সোমবাৰে পুৱাৰভাগত বৰষা ৰাণী বিষয়াৰ ভাতৃ অংকুৰ বিষয়াই সামাজিক মাধ্যম যোগে এই ভাল খবৰটো শ্বেয়াৰ কৰে । এই খবৰ বিয়পি পৰাৰ লগে লগে সামাজিক মাধ্যমত বৰষা-ভাস্কৰক শুভেচ্ছাবাণীৰে উপচাই পেলাইছে অনুৰাগীয়ে । অভিনেত্ৰীগৰাকীৰ পূৰ্বৰ স্বামীৰ মৃত্যুৰ পাছত পূৰ্বৰ স্বামীৰ পৰিয়ালৰ সমৰ্থনত 2021 চনৰ ফেব্ৰুৱাৰী মাহত যোৰহাটৰ ভাস্কৰ বৰুৱাৰ সৈতে দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আবদ্ধ হয় অভিনেত্ৰী বৰষা ৰাণী বিষয়া । কেইমাহমানৰ পূৰ্বে এক ফেচবুক পোষ্ট যোগে অভিনেত্ৰীগৰাকীয়ে মাতৃত্বৰ আভাস প্ৰদান কৰিছিল । শেহতীয়াকৈ "যৌৱনে আমনি কৰে" ছবিখনৰ ছিকুৱেল "যৌৱনে আমনি কৰে 2" ৰ নিৰ্মাণৰ কামত ব্যস্ত হৈ আছিল অভিনেত্ৰীগৰাকী ৷
বৰষা ৰাণী বিষয়াৰ অভিনয় জীৱন সম্পর্কে
অসমীয়া ছবিৰ লগতে ভ্ৰাম্যমাণ থিয়েটাৰতো অভিনয় কৰি দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হোৱা অভিনেত্ৰী বৰষা ৰাণী বিষয়াৰ বিহু নৃত্য খুবেই জনপ্ৰিয় ৷ বিহু নচাৰ ক্ষেত্ৰত যথেষ্ট সুনাম আছে বৰষাৰ । "যৌৱনে আমনি কৰে" ছবিখনৰ জৰিয়তেই অসমীয়া ছবিজগতত খোজ দিছিল বৰষাই ৷ অভিনেত্ৰীগৰাকীয়ে বৰ্তমান সময়লৈকে কুৰিতকৈয়ো অধিক ছবিত অভিনয় কৰি দর্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে । বৰষা অভিনীত ছবি ‘বসুন্ধৰা’ ই 57 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ শ্ৰেষ্ঠ অসমীয়া ছবিৰ সন্মান লাভ কৰিবলৈয়ো সক্ষম হৈছিল ।
লগতে পঢ়ক : মৃত্যুঞ্জয়ী শিল্পী আইদেউ সন্দিকৈ বঁটাটি মোৰ বাবে অস্কাৰতকৈও বেছি মূল্যৱান: সীমা বিশ্বাস