ETV Bharat / state

অসমৰ চাহ উদ্যোগৰ সংকটৰ কাৰণ কি ? - ASSAM TEA INDUSTRY CRISIS

কেইবাটাও কাৰণত অসমৰ চাহ উদ্যোগ দুৰ্বল হৈ পৰিছে । এইক্ষেত্ৰত চৰকাৰক কি আহ্বান জনালে আছাম টী প্লেণ্টাৰ্ছ এছোচিয়েশ্যনে ।

Assam Tea Industry
অসমৰ চাহ উদ্যোগৰ সংকটৰ কাৰণ কি (ETV Bharat assam)
author img

By ETV Bharat Assamese Team

Published : Dec 23, 2024, 9:46 AM IST

যোৰহাট : "অসমৰ চাহ উদ্যোগ এতিয়া সংকটৰ মাজেৰে গৈ আছে । বিদেশত অসমৰ চাহে বজাৰ হেৰুৱাইছে । এই উদ্যোগ অচল হ'লে ৪০ লক্ষাধিক লোকলৈ অন্ধকাৰ নামি আহিব ।" এই মন্তব্য আছাম টী প্লেণ্টাৰ্ছ এছোচিয়েশ্যন চমুকৈ এ টি পি এৰ অধ্যক্ষ সমুদ্ৰ প্ৰসাদ বৰুৱাৰ । দেওবাৰে যোৰহাটত অনুষ্ঠিত এ টি পি এৰ বাৰ্ষিক সাধাৰণ সভাত অসমৰ চাহ উদ্যোগৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰে অধ্যক্ষৰ লগতে আন বিষয়ববীয়াসকলে ।

অসমৰ চাহ উদ্যোগৰ প্ৰতি সংকট

অসমৰ চাহ উদ্যোগৰ সংকটৰ কাৰণ কি (ETV Bharat Assam)

অধ্যক্ষ বৰুৱাই কয় যে অসমত চাহৰ উৎপাদন বৃদ্ধি পোৱাৰ লগতে চাহিদাও বৃদ্ধি পাইছে । কিন্তু উৎপাদন ব্যয় বৃদ্ধি পাই অহাৰ বাবে বহু চাহ বাগিচা চলাই যোৱাত সমস্যাৰ সৃষ্টি হৈছে । তেওঁ উল্লেখ কৰা মতে অসমৰ চাহ উদ্যোগ সংকটৰ মাজলৈ গতি কৰাৰ অন্যতম কাৰণ হৈছে চাহৰ মূল্য হ্ৰাস । ইয়াৰ কাৰণ হৈছে চাহিদাতকৈ অধিক চাহ উৎপাদন হৈছে আৰু চাহৰ উৎপাদন ব্যয়ো বৃদ্ধি পাইছে ।

বিদেশৰ বজাৰ হেৰুৱাইছে অসমৰ চাহে

আন এক উদ্বেগজনক কাৰণ বাখ্যা কৰি তেওঁ কয় যে অসমৰ পৰা বিদেশলৈ ৰপ্তানি কৰা চাহৰ বজাৰখন ক্ৰমান্বয়ে হ্ৰাস পাই আহিছে । বিদেশত অসমৰ চাহৰ বজাৰ কমি যোৱাত সেই অতিৰিক্ত চাহখিনি ভাৰতৰ বজাৰতে থাকি যোৱাত চাহিদাতকৈ চাহৰ যোগান বৃদ্ধি পাইছে আৰু ইয়াৰ মূল্য হ্ৰাস পাবলৈ ধৰিছে বা আগৰ দৰেই আছে । কিন্তু ইয়াৰ বিপৰীতে অসমত চাহৰ উৎপাদন ব্যয় বৃদ্ধি পাইছে প্ৰায় ২০ শতাংশ । ফলত সংকটৰ মাজলৈ গতি কৰিছে অসমৰ চাহ উদ্যোগ ।

ইফালে গেছৰ মূল্য বৃদ্ধিও আন এক কাৰণ বুলি তেওঁ উল্লেখ কৰিছে । এ টি পি এৰ অধ্যক্ষৰ মতে প্ৰায় ৩ বছৰ পূৰ্বে অসমত এক কিঃগ্ৰাঃ চাহ উৎপাদন কৰোতে প্ৰায় ৫-৬ টকাৰ গেছ বা হাইড্ৰকাৰ্বনৰ প্ৰয়োজন হৈছিল । তাৰ বিপৰীতে এতিয়া ব্যয় বৃদ্ধি পাই হৈছেগৈ ২০-২১ টকা । চৰকাৰৰ এই নতুন নীতিৰ ফলত চাহৰ উৎপাদন ব্যয় বহু পৰিমাণে বৃদ্ধি পাইছে বুলি জানিবলৈ দিয়ে অধ্যক্ষগৰাকীয়ে ।

পশ্চিমবংগৰ চাহ বাগিচাত ৰেচন বিনামূলীয়া

তেওঁ লগতে কয় যে চাহ বাগিচাসমূহত শ্ৰমিকসকলক যোগান ধৰা ৰেচনত থকা ৰাজসাহাৰ্য চৰকাৰে আঁতৰাই দিয়াৰ বিপৰীতে পশ্চিমবংগত চৰকাৰে ৰেচন বিনামূলীয়া কৰিছে । দুয়োখন ৰাজ্যত সমহাৰত শ্ৰমিকক মজুৰি প্ৰদান কৰা হয় । কিন্তু ৰেচনৰ ব্যয় অসমত চাহ বাগিচা কৰ্তৃপক্ষই নিজে বহন কৰিব লগা হয় বাবেও ইয়াৰ প্ৰভাৱ পৰিছে ।

চৰকাৰক এ টি পি এৰ আহ্বান

১৯৩৫ চনতে গঠন হোৱা অসমৰ চাহ উদ্যোগৰ অন্যতম পুৰণি সংগঠন এ টি পি এৰ অধ্যক্ষই এই সংকটৰ পৰা অসমৰ চাহ উদ্যোগক ৰক্ষা কৰাৰ বাবে চৰকাৰক গেছৰ মূল্য হ্ৰাস কৰাৰ লগতে ৰেচনৰ ক্ষেত্ৰত কিছু সকাহ প্ৰদান কৰিবলৈ আহ্বান জনায় । ইয়াৰ সমান্তৰালকৈ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলাসমূহত অসমৰ পৰা চাহ উদ্যোগীসকলে অংশগ্ৰহণ কৰি চাহৰ নতুন বজাৰ সৃষ্টি কৰাৰ ক্ষেত্ৰত চৰকাৰে সহায় কৰিব লাগিব বুলিও তেওঁ আশা প্ৰকাশ কৰে । ইয়াৰ মাজতে এ টি পি এই অসমৰ চাহ বাগিচাসমূহত কৰ্মৰত চাহ শ্ৰমিকসকলৰ কল্যাণৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছে বুলিও উল্লেখ কৰে ।

লগতে পঢ়ক :শীতৰ সন্ধিয়া আজি ডিব্ৰুগড়ত বহিব ৰাজদৰবাৰ - ASSAM CABINET MEETING

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.