অসম

assam

ETV Bharat / state

ৰাজ্যৰ বিদ্যালয়ে বিদ্যালয়ে হ'ব আধাৰ শিবিৰ: শিক্ষাৰ্থীৰ তথ্য বিচাৰি ছেবাৰ নিৰ্দেশনা - Aadhaar camp in School - AADHAAR CAMP IN SCHOOL

SEBA notice to schools : ৰাজ্যৰ বিদ্যালয়ত অনুষ্ঠিত হ’ব আধাৰ শিবিৰ ৷ ৫-৭ আৰু ১৫-১৭ বছৰ বয়সৰ শিক্ষাৰ্থীৰ তথ্য বিচাৰি বিদ্যালয়সমূহলৈ নিৰ্দেশনা দিছে ছেবাই ৷ ১০ ছেপ্টেম্বৰৰ ভিতৰত দাখিল কৰিব লাগিব তথ্যসমূহ ৷

SEBA notice to schools
শিক্ষাৰ্থীৰ তথ্য বিচাৰি ছেবাৰ নিৰ্দেশনা (Source: Eenadu)

By ETV Bharat Assamese Team

Published : Aug 18, 2024, 8:26 PM IST

গুৱাহাটী, ১৮ আগষ্ট : ৰাজ্যৰ বিদ্যালয়ে বিদ্যালয়ে হ’ব আধাৰ শিবিৰ ৷ আধাৰ কাৰ্ডৰ বাবে ৫-৭ আৰু ১৫-১৭ বছৰ বয়সৰ শিক্ষাৰ্থীৰ তথ্য ১০ ছেপ্টেম্বৰৰ ভিতৰত দাখিলৰ নিৰ্দেশ দিছে অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ ছেবাই ৷ তদুপৰি আধাৰৰ সৈতে ফোন নম্বৰ লিংক কৰাৰ বাবে নিৰ্দেশনা দিয়া হৈছে পৰিষদৰ তৰফৰ পৰা ৷

শিক্ষাৰ্থীৰ তথ্য বিচাৰি ছেবাৰ নিৰ্দেশনা (SEBA)

উল্লেখ্য যে সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণৰ ক্ষেত্ৰত বায়’মেট্ৰিক, আধাৰ নম্বৰৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি ছেবাই এই বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে । সেই অনুসৰি ছেবাৰ অধীনস্থ সকলো চৰকাৰী, প্ৰাদেশীকৃত, ব্যক্তিগত, অপ্ৰাদেশীকৃত বিদ্যালয়ত শিক্ষার্থীৰ বায়'মেট্ৰিক আপডেটৰ বাবে অনুষ্ঠিত হ’ব আধাৰ শিবিৰ ৷

শিক্ষাৰ্থীৰ তথ্য বিচাৰি ছেবাৰ নিৰ্দেশনা (SEBA)

এই সন্দৰ্ভত ছেবাৰ সচিবে বিদ্যালয়সমূহৰ অধ্যক্ষ, প্ৰধান শিক্ষকলৈ জাননী জাৰি কৰি ১০ ছেপ্টেম্বৰৰ ভিতৰত বিদ্যালয়ৰ নাম-ঠিকনা, ৫-৭ বছৰ, ১৫-১৭ বছৰ বয়সৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা, শিবিৰ স্থাপনৰ বাবে উপযুক্ত সময়সহ যাৱতীয় তথ্য দাখিল কৰিবলৈ নিৰ্দেশ দিছে ৷ ওপৰোক্ত তথ্যসমূহ sebaboardinfo@gmail.com ৰ জৰিয়তে প্ৰেৰণ কৰিবলৈ নিৰ্দেশনাত উল্লেখ কৰা হৈছে ৷

উল্লেখযোগ্য যে সৰ্বভাৰতীয় পৰ্যায়ৰ পৰীক্ষা অনুষ্ঠিত কৰা সংস্থাসমূহে প্ৰ-পত্ৰ পূৰণৰ ক্ষেত্ৰত বায়’মেট্ৰিক, আধাৰ কাৰ্ড বাধ্যতামূলক কৰিছে ৷ এনে দিশৰ প্ৰতি লক্ষ্য ৰাখি বাধ্যতামূলক বায়’মেট্ৰিক আপডেটৰ লগতে আধাৰৰ সৈতে ম’বাইল ফোনৰ নম্বৰ সংযোগৰ বাবে সমগ্ৰ দেশজুৰি বিদ্যালয়সমূহত আধাৰ শিবিৰ স্থাপনৰ প্ৰক্ৰিয়া চলোৱা হৈছে ৷ ইয়াৰ অংশ হিচাপে অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ ছেবাই বিদ্যালয়সমূহত আধাৰ শিবিৰ স্থাপনৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে ৷

লগতে পঢ়ক :মাধ্যমিক স্তৰত অসমৰ ২০.২৫ শতাংশ শিক্ষাৰ্থীয়ে আধাতে ত্যাগ কৰে বিদ্যালয়

লগতে পঢ়ক :জহি-খহি যোৱা বিদ্যালয় গৃহতে অব্যাহত পাঠদান

লগতে পঢ়ক :শিক্ষামন্ত্ৰীৰ গৃহ জিলাত এজন শিক্ষকৰে চলিছে চৰকাৰী বিদ্যালয়

ABOUT THE AUTHOR

...view details