চেলেং বাগান প্ৰাথমিক বিদ্যালয় যোৰহাট,২১ ফেব্ৰুৱাৰী:যোৰহাট জিলাৰ মৰিয়নীৰ চেলেং বাগান প্ৰাথমিক বিদ্যালয়ত আজি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । প্ৰাথমিক বিদ্যালয়তখনত বুধবাৰে পৰীক্ষা দিবলৈ আহিল ছাত্ৰ-ছাত্ৰী । পিছে নাহিল শিক্ষক । স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰি কয় যে নিৰ্দিষ্ট সময়ৰ পিচতহে সুৰামত্ত হৈ বিদ্যালয়ত উপস্থিত হয় প্ৰধান শিক্ষকজন ।
এই ঘটনাক কেন্দ্ৰ কৰি মৰিয়নীৰ চেলেং বাগান প্ৰাথমিক বিদ্যালয়ত আজি পুৱাবেলা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । উল্লেখ্য় যে বিদ্যালয়খনত আজিৰে পৰা অনুষ্ঠিত হৈছে বছৰেকীয়া পৰীক্ষা । পৰীক্ষা দিবলৈ আহে ছাত্ৰ- ছাত্ৰী । উল্লেখ্য যে বাগিচা এলেকাৰ বিদ্যালয় পুৱা ৭.৩০ বজাৰ পৰা আৰম্ভ হয় যদিও পৰীক্ষা ল'বলৈ পুৱা ৯ বজা পৰ্যন্ত উপস্থিত নহ'ল বিদ্যালয়ৰ শিক্ষক-শিক্ষয়ত্ৰী ।
ইফালে, পুৱা ৯ বজাৰ পাচত বিদ্যালয়ত এজন শিক্ষক উপস্থিত হৈ পৰীক্ষা অনুষ্ঠিত কৰে যদিও অধিকাংশ শিক্ষাৰ্থীয়ে ঘৰলৈ উভতি যায় । চাৰিজন শিক্ষক থকা বিদ্যালয়খনৰ প্ৰধান শিক্ষকসহ দুগৰাকী সহকাৰী শিক্ষয়ত্ৰী ১১ বজা পৰ্যন্ত উপস্থিত নহ'ল বিদ্যালয়ত । এই বিষয়ে জানিব পাৰি ছাত্ৰ- ছাত্ৰীৰ অভিভাৱক আৰু আটছাৰ নেতৃত্বসহ এটা দল বিদ্যালয়ৰ চৌহদত উপস্থিত হয় । আটছা নেতৃত্বই প্ৰধান শিক্ষক তৰুন পাওগামক ফোন কৰি বিদ্যালয়লৈ মাতি আনে ।
ইয়াৰ পিচতেই সুৰামত্ত অৱস্থাত থকা প্ৰধান শিক্ষকজনক অভিভাৱক আৰু আটছা নেতৃত্বই বিদ্যালয়লৈ কিয় অহা নাই সেই সন্দৰ্ভত জবাবদিহি কৰে । উত্থাপিত অভিযোগ মতে, বিদ্যালয়খনত দীৰ্ঘদিনে ছাত্ৰ-ছাত্ৰীক মধ্যাহ্ন ভোজন খাবলৈ দিয়া হোৱা নাই । তদুপৰি ছাত্ৰ -ছাত্ৰীক যোগান ধৰা নাই ইউনিফৰ্ম । বিদ্যালয়ত প্ৰায়ে উপস্থিত নাথাকে প্ৰধান শিক্ষকজন । শিক্ষাৰ্থীৰ শৈক্ষিক জীৱনক লৈ হেতালি খেলা এইসকল শিক্ষকৰ বিৰুদ্ধে শিক্ষা বিভাগে কেনেধৰণ ৰ পদক্ষেপ গ্ৰহণ কৰে সেয়া সময়তহে উল্লেখনীয় হৈ পৰিব ।
লগতে পঢ়ক:শালমৰা চাহ বাগিচাৰ সুৰা ট্ৰেজেডী : শতাধিক পৰিয়ালে আজিও নাপালে ন্যায়