ডিব্ৰুগড়, ৯ অক্টোবৰ : শাৰদীয় দুৰ্গোৎসৱ উপলক্ষে ডিব্ৰুগড়ত ৰিক্সাচালক-ঠেলাচালকসকলৰ কাষত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল । ডিব্ৰুগড় চহৰৰ মাৰোৱাৰীপট্টিত উপস্থিত হৈ ৰিক্সা আৰু ঠেলাচালকসকলৰে মত-বিনিময় ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ ।
আনহাতে, ৰিক্সাচালক-ঠেলাচালকসকলৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ সৈতে বিভিন্ন বিষয় আলোচনা কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে । ইফালে পূজাৰ আনন্দ-উল্লাসৰ মাজতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ নিকট সান্নিধ্য লাভ কৰি অতি আনন্দিত হৈ পৰে ডিব্ৰুগড়ৰ ৰিক্সাচালক-ঠেলাচালকসকল ।
ল'ৰালিৰ স্মৃতি সুঁৱৰি পুৰিৰ সোৱাদ ল'লে সৰ্বানন্দ সোণোৱালে (ETV Bharat Assam) ইয়াৰ পাচতে চহৰখনৰ পুৰণি হোটেল মহাৰাজ হোটেলত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰিক্সাচালক- ঠেলাচালকসকলৰ সৈতে পুৰি আৰু আলু চবজিৰ জুতি লয় । লগতে ছাত্ৰাৱস্থাৰ পুৰণি স্মৃতি ৰোমন্থন কৰে সোণোৱালে । দুৰ্গাপূজা চাবলৈ আহি পুৰি আৰু আলু চবজি খোৱাৰ স্মৃতি ৰোমন্থন কৰে কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে । আনহাতে, মাৰোৱাৰীপট্টিৰ পূজা মণ্ডপো দৰ্শন কৰে তেওঁ ।
ইফালে সংবাদ মাধ্যমৰ আগত মঙলবাৰে ভোটগণনা অনুষ্ঠিত হোৱা হাৰিয়ানাৰ নিৰ্বাচনৰ ফলাফলক লৈ মন্তব্য প্ৰকাশ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে । হাৰিয়ানাৰ নিৰ্বাচনত বিজেপিয়ে যথেষ্ট ভাল ফল দেখুওৱা বুলি উল্লেখ কৰি সোণোৱালে কয়, "প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হাৰিয়ানাৰ ৰাইজক যি সেৱা আগবঢ়ালে তাৰবাবেই হাৰিয়ানাত বিজেপিৰ ভাল ফল হৈছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতি হাৰিয়ানাৰ ৰাইজৰ এয়া কৃতজ্ঞতা ।"
তেওঁ লগতে কয়, "ৰিক্সাচালক-ঠেলাচালকসকলে পুৱাৰে পৰা গধূলিলৈকে নিষ্ঠাৰে পৰিশ্ৰম কৰে নিজৰ পৰিয়লটোৰ বাবে । আজি তেওঁলোকৰ লগত সময় পাৰ কৰিলোঁ । তেওঁলোকৰ লগত পুৰি আৰু আলু চবজি খাই শৈশৱলৈ মনত পৰি গ'ল ।"