ETV Bharat / state

বুঢ়ীদিহিঙৰ চাপৰিত সেউজ বিপ্লৱ অৱসৰপ্ৰাপ্ত শিক্ষকৰ - GREEN REVOLUTION AT KHUWANG

খোৱাং হালধিবাৰীৰ এজন অৱসৰপ্ৰাপ্ত শিক্ষকে বুঢ়ীদিহিঙৰ চাপৰিত গঢ়িছে সেউজ বিপ্লৱ । কৃষি কৰ্মত ব্যস্ত অৱসৰপ্ৰাপ্ত শিক্ষক নিত্যানন্দ আহোম ।

Retired teacher create green revolution at Khuwang in Dibrugarh
বুঢ়ীদিহিঙৰ চাপৰিত সেউজ বিপ্লৱ অৱসৰপ্ৰাপ্ত শিক্ষকৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jan 5, 2025, 12:17 PM IST

ডিব্ৰুগড়: অসম কৃষি প্ৰধান ৰাজ্য হিচাপে দেশবাসীয়ে জানিছিল । কিন্তু অসমত কৃষি কৰ্মৰ প্ৰতি আগ্ৰহ কমিছে ৰাইজৰ । আধুনিক সমাজ জীৱন আৰু চাকৰিৰ চিন্তাই কৃষিৰ প্ৰতি আগ্ৰহ কমাইছে অধিকাংশ লোকৰে । ফলত অসমলৈ আমদানী কৰিব লগা হৈছে প্ৰায়সমূহ কৃষি সামগ্ৰী । বিশেষকৈ আজি নতুন প্ৰজন্ম কৃষি কৰ্মৰ প্ৰতি আগ্ৰহী নোহোৱা সময়ত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰত কিছুসংখ্যক লোকে ব্যতিক্ৰমী ৰূপত কৃষি কৰি দেখুৱাইছে আদৰ্শ ।

তেনে সময়ত খোৱাং হালধিবাৰীৰ এজন অৱসৰপ্ৰাপ্ত শিক্ষকে বুঢ়ীদিহিঙৰ চাপৰিত গঢ়িছে সেউজ বিপ্লৱ । টকা নহয়, কামৰ পিছত দৌৰি ভালপোৱা এজন অৱসৰপ্ৰাপ্ত শিক্ষকৰ কাহিনী এইয়া । ডিব্ৰুগড় জিলাৰ খোৱাং হালধিবাৰীৰ দীঘলীয়াহোলাৰ এজন অৱসৰপ্ৰাপ্ত শিক্ষকে বুঢ়ীদিহিঙৰ চাপৰিত গঢ়িছে সেউজ বিপ্লৱ । দুই শিক্ষিত পুত্ৰৰ এজন সেনাবাহিনীৰ লেফটেনেণ্ট কৰ্ণেল হোৱা পাছতো কৃষি কৰ্মত ব্যস্ত অৱসৰপ্ৰাপ্ত শিক্ষক নিত্যানন্দ আহোম ।

বুঢ়ীদিহিঙৰ চাপৰিত সেউজ বিপ্লৱ অৱসৰপ্ৰাপ্ত শিক্ষকৰ (ETV Bharat Assam)

নিত্যানন্দ আহোম নামৰ অৱসৰপ্ৰাপ্ত শিক্ষকজনে ২৬ বিঘাকৈ মাটিত ৰঙালাও খেতি কৰি আন দহজনৰ বাবে হৈ পৰিছে আদৰ্শ । সৰুৰে পৰা খেতিৰ প্ৰতি বিশেষ ৰাপ থকা শিক্ষকজনে অৱসৰৰ সময়খিনি ঘৰতে নকটাই বুঢ়ীদিহিঙৰ চাপৰিত কৰি আহিছে খেতি । বানৰ পিছত শৰৎ সোমোৱাৰ লগে লগে তেওঁ প্ৰতিবছৰে আৰম্ভ কৰে ৰবি শস্যৰ খেতি । বৰ্তমান ২৮ বিঘা মাটিৰ ভিতৰত ২৬ বিঘাত ৰঙালাউ আৰু ২ বিঘা মাটিত বগৰী, কবি, মূলা, বেঙেনা আদিৰ খেতি কৰিছে ।

উৎপাদিত ৰঙালাওসমূহ তেওঁ ৰাজমাই বজাৰৰ লগতে কলকাতালৈও ৰপ্তানি কৰে । পত্নীহাৰা অৱসৰপ্ৰাপ্ত শিক্ষকজনৰ আছে তিনিটি সন্তান । ইয়াৰে ডাঙৰ ল'ৰাজন আৰু কন্যাগৰাকীয়ে শিক্ষকতা কৰে আৰু সৰু ল'ৰাজন সেনাবাহিনীৰ লেফটেনেণ্ট কৰ্ণেল । টকা নহয়, কামৰ পিছত দৌৰি ভালপোৱা অৱসৰপ্ৰাপ্ত শিক্ষকজনে নৱ-প্ৰজন্মক খেতিৰ প্ৰতি আগ্ৰহী হ'বলৈ আহ্বান জনায় ।

টকা নহয়, কামৰ পিছত দৌৰি ভালপোৱা বাবে কৰিছে খেতি:

সৰুৰে পৰা কৃষি কৰ্মৰ লগত জড়িত নিত্যানন্দ আহোম নামৰ অৱসৰপ্ৰাপ্ত শিক্ষকজনে চাকৰি জীৱন শেষ কৰি নিজক কৃষিৰ লগত জড়িত কৰি ৰাখিছে । কৃষিৰ ক্ষেত্ৰত অঞ্চলটোৰ ৰাইজে সন্মুখীন হোৱা সমস্যাসমূহৰ কথা উল্লেখ কৰি তেওঁ কয়, "টকা নহয়, কামৰ পিছত দৌৰি ভালপাও বাবে খেতি কৰিছো । ৭২ বছৰ হোৱা পাছতো মই খেতিৰ লগত জড়িত হৈ আছো । চাকৰি জীৱনতো খেতি কৰিছিলো যদিও ২০১৪ চনত শিক্ষকতা চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰি খেতিত অধিক মনোনিবেশ কৰিছো । পুৱা এতিয়া বুঢ়িদিহিঙৰ পাৰত থকা খেতি পথাৰলৈ আহো আৰু বেলি পৰিলে ঘৰলৈ যাওঁ । খেতিৰ লগত থাকি ভালপাও ।"

তেওঁ লগতে কয়, "খেতিৰ লগত জড়িত হৈ থকাৰ এক সুকীয়া আমেজ আছে । ২৬ বিঘা ৰঙালাউৰ লগতে আন খেতি কৰা হৈছে যদিও উৎপাদিত সামগ্ৰীৰ উচিত মূল্য লাভ কৰা নাই এই অঞ্চলৰ কৃষকসকলে ।" কলকতাৰ পৰা ৰঙালাও নিবলৈ বেপাৰী আহে যদিও উচিত দাম নিদিলে বুলি জনালে আদৰ্শ খেতিয়ক হৈ পৰা নিত্যানন্দ আহোম নামৰ অৱসৰপ্ৰাপ্ত শিক্ষকজনে ।

লগতে পঢ়ক: থলুৱাভাৱে উৎপাদিত সামগ্ৰীৰে বজাৰ দখল যুৱ উদ্যোগীৰ

লগতে পঢ়ক: হেঁপাহৰ ৰং হেনো হালধীয়া ! সপোনৰো...

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.