ডিব্ৰুগড়, ১১ মাৰ্চ: বিজেপিয়ে ১১ টা লোকসভা সমষ্টিত নিজা প্ৰাৰ্থী প্ৰক্ষেপ কৰি আৰম্ভ কৰিছে প্ৰচাৰ অভিযান । ডিব্ৰুগড় লোকসভা সমষ্টিত এইবাৰ সাংসদ ৰামেশ্বৰ তেলীৰ টিকট কৰ্তন কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্রী সৰ্বানন্দ সোণোৱালক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে বিজেপিয়ে । ডিব্ৰুগড়ৰ পৰা দলীয় টিকট লাভ কৰা পাচত আজি অৰ্থাৎ সোমবাৰে প্ৰথমবাৰলৈ গৃহজিলা ডিব্ৰুগড়ত উপস্থিত হয় সৰ্বানন্দ সোণোৱাল । ডিব্ৰুগড়ত উপস্থিতিত হোৱা সৰ্বানন্দ সোণোৱালক হাজাৰ হাজাৰ দলীয় কৰ্মীয়ে আদৰণি জনায় ।
ডিব্ৰুগড়ত উপস্থিত হোৱা সৰ্বানন্দ সোণোৱালক আদৰণি জনোৱাত মুখ্য ভূমিকাত অৱতীৰ্ণ হ'ল ডিব্ৰুগড়ৰ বৰ্তমানৰ সাংসদ ৰামেশ্বৰ তেলী । টিকট কৰ্তন হোৱা পাচতে সংবাদ মাধ্যমৰ আগত নিজৰ ক্ষোভ প্ৰকাশ কৰিছিল বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে । অৱশ্যে বৰ্তমান দলৰ নেতৃত্ব আৰু মুখ্যমন্ত্ৰীৰ বুজনিত মনৰ দুখ পাতলিছে ৰামেশ্বৰ তেলীৰ । তাৰ পাচতেই আজি ডিব্ৰুগড়ত বিজেপি দলৰ প্ৰাৰ্থী তথা কেন্দ্ৰীয় মন্ত্ৰী সোণোৱাল উপস্থিত হোৱাত তেওঁ লগত নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয় ৰামেশ্বৰ তেলীয়ে ৷