অসম

assam

ETV Bharat / state

আশ্ৰয় শিবিৰ পৰিদৰ্শনৰ লগতে মণিপুৰ সন্দৰ্ভত ৰাজ্যপাল উইকীৰে আলোচনাত বহিব ৰাহুল গান্ধী - Rahul Gandhi NE visit

Rahul Gandhi in Silchar: শিলচৰত উপস্থিত লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী । শিলচৰ বিমানবন্দৰত মণিপুৰ আৰু অসম প্ৰদেশ কংগ্ৰেছৰ বিষয়ববীয়াসকলে আদৰণি জনায় । অসমৰ বান পৰিস্থিতি সন্দৰ্ভত অসম প্ৰদেশ কংগ্ৰেছে এখন প্ৰতিবেদন দাখিল কৰে ৷

By ETV Bharat Assamese Team

Published : Jul 8, 2024, 11:33 AM IST

Rahul Gandhi arrives in Silchar; APCC submitted a report to Rahul Gandhi on assam flood situation
সাংসদ ৰাহুল গান্ধীক উষ্ম আদৰণি মণিপুৰ আৰু অসম প্ৰদেশ কংগ্ৰেছৰ (ETV Bharat)

তেজপুৰ, 8 জুলাই:সোমবাৰে অসমত উপস্থিত হয় কংগ্ৰেছ নেতা ৰাহুল গান্ধী ৷ শিলচৰত উপস্থিত হোৱাৰ পাচতে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ লগতে মণিপুৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ওক্ৰাম ইব’বি সিং আৰু মণিপুৰৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি কেইশাম মেঘচন্দ্ৰই আদৰণি জনায় ৰাহুল গান্ধীক ৷ চলিত বানত ৰাজ্যবাসীয়ে সন্মুখীন হোৱা দুৰ্যোগপূৰ্ণ অৱস্থাৰ লগতে ক্ষয়-ক্ষতি সম্বন্ধে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰা সমন্বিতে কেবাগৰাকীও নেতাই ৰাহুল গান্ধীক এক প্ৰতিবেদন দাখিল কৰে ৷

প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই দিলে বানৰ প্ৰতিবেদন (ETV Bharat)

পুৱা 9.15 বজাত শিলচৰ কুম্ভীৰগ্ৰাম বিমানবন্দৰৰ পৰা পোনে পোনে লক্ষীপুৰৰ ফুলেৰতল আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰিবলৈ যায় ৰাহুল গান্ধী ৷ তাৰ পৰা পুনৰ মণিপুৰৰ জিৰিবাম জিলা অভিমুখে ৰাওনা হয় ৰাহুল । জিৰিবামত গৈ যোৱা জুন মাহত হোৱা হিংসাত্মক ঘটনাৰ শেহতীয়া পৰিস্থিতিৰ বুজ লয় আৰু আশ্ৰয় শিবিৰসমূহ পৰিদৰ্শন কৰি মত বিনিময় কৰে লোকসভাৰ বিৰোধী নেতাগৰাকীয়ে ।

সাংসদ ৰাহুল গান্ধীক উষ্ম আদৰণি মণিপুৰ আৰু অসম প্ৰদেশ কংগ্ৰেছৰ (ETV Bharat)

ইয়াৰ পিচত কংগ্ৰেছ নেতাগৰাকী পুনৰ শিলচৰ বিমানবন্দৰলৈ উভতি অহাৰ কথা ৷ শিলচৰৰ পৰা বিশেষ বিমানযোগে বিয়লি 3.30 বজাত ইম্ফলত উপস্থিত হৈ চূড়াচান্দপুৰ আৰু টুইবং আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰিব । উল্লেখ কৰিব লাগিব যে, চূড়াচান্দপুৰ হৈছে গোষ্ঠী সংঘৰ্ষত জৰ্জৰিত মণিপুৰৰ আটাইতকৈ অগ্নিগৰ্ভা জিলা । কুকি আৰু মেইটেই দুই জনগোষ্ঠীৰ মাজত আজিও ভয়াৱহ সংঘৰ্ষ অব্যাহত আছে জিলাখনত ।

সাংসদ ৰাহুল গান্ধীক উষ্ম আদৰণি মণিপুৰ আৰু অসম প্ৰদেশ কংগ্ৰেছৰ (ETV Bharat)

আনহাতে, চূড়াচান্দপুৰ আৰু টুইবং ভ্ৰমণৰ পিচতে বিষ্ণুপুৰ জিলাৰ মৈৰাঙত থকা এখন চৰকাৰী বিদ্যালয়ৰ আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰিব ৰাহুল গান্ধীয়ে । বিষ্ণুপুৰত বিয়লি 4.30 বজাত উপস্থিত হোৱাৰ পাচত 5 বজাত বিষ্ণুপুৰ মৈৰাঙৰ পৰা ইম্ফললৈ উভতিব কংগ্ৰেছ নেতাজন । সন্ধিয়া 6.40 বজাত ইম্ফলৰ ৰাজভৱনত ৰাজ্যপাল অনুসূয়া উইকেক সাক্ষাৎ কৰি মণিপুৰৰ বিষয়ে আলোচনা কৰিব কংগ্ৰেছ নেতাজনে । ইম্ফলত ৰাজ্যপাল অনুসূয়া উইকেক সাক্ষাৎ কৰি 7.10 বজাত ইম্ফল বিমানবন্দৰৰ পৰা বিশেষ বিমানযোগে ৰায়বৰেলীলৈ উভতি যাব ।

ABOUT THE AUTHOR

...view details