ETV Bharat / technology

নতুন বছৰত বিনামূলীয়াকৈ উপভোগ কৰক এপল টিভি+ ৰ প্ৰতিটো আকৰ্ষণীয় অনুষ্ঠান ! - APPLE TV PLUS FREE STREAMING OFFER

নতুন বছৰত এপলে নিজৰ ব্যৱহাৰকাৰীসকলক এক ডাঙৰ উপহাৰ দিছে । ইয়াৰ ব্যৱহাৰকাৰীসকলক 4 আৰু 5 জানুৱাৰীত বিনামূলীয়া সেৱাৰ সুবিধা লাভ কৰিছে ।

apple-tv-plus-free-streaming-offer
বিনামূলীয়াকৈ উপভোগ কৰক এপল টিভি+ ! (Getty)
author img

By ETV Bharat Tech Team

Published : Jan 1, 2025, 12:22 PM IST

হায়দৰাবাদ: চলিত মাহৰ 4 আৰু 5 তাৰিখৰ দিনা এপল টিভি+ বিনামূলীয়া ষ্ট্ৰীমিংৰ বাবে উপলব্ধ হ’ব । এপলে 2024 চনৰ 30 ডিচেম্বৰ সোমবাৰে এই কথা ঘোষণা কৰে । টেক কোম্পানীটোৱে কয় যে এই বিশেষ উইকেণ্ড প্ৰচাৰৰ সময়ত ব্যৱহাৰকাৰীয়ে এপল অৰিজিনেলছ শ্ব' আৰু চিনেমা চাব পাৰিব কোনো চাবস্ক্ৰিপচন নোহোৱাকৈ । এই অফাৰটো এনে এটা সময়ত আহিছে যেতিয়া এপল অৰিজিনেলৰ বহু জনপ্ৰিয় কন্টেন্ট চলিত মাহত মুকলি হ’ব ৷ ছিৰিজ যেনে চেভাৰেন্স ছিজন 2, মিথিক কুৱেষ্ট আৰু প্ৰাইম টাৰ্গেট 2025 চনৰ জানুৱাৰী মাহত মুকলি হ’ব ।

এপল টিভি প্লাছৰ বিনামূলীয়া ষ্ট্ৰীমিং

অৰ্থাৎ 2025 চনৰ প্ৰথম সপ্তাহৰ শেষৰ ফালে ব্যৱহাৰকাৰীয়ে এপল টিভি প্লাছৰ কন্টেন্ট বিনামূলীয়াকৈ চাব পাৰিব । ইয়াৰ বাবে ব্যৱহাৰকাৰীয়ে কোনো ধৰণৰ চাবস্ক্ৰিপচন কিনাৰ প্ৰয়োজন নহ’ব । ব্যৱহাৰকাৰীসকলে মাত্ৰ তেওঁলোকৰ এপল ডিভাইচত এপল টিভি প্লাছ খুলিব লাগিব আৰু তাৰ পিছত তেওঁলোকৰ প্ৰিয় কন্টেন্ট চাব লাগিব ।

এই দুদিনৰ ভিতৰত এপল ব্যৱহাৰকাৰীয়ে এপল অৰিজিনেলছৰ বঁটা বিজয়ী ৱেব ছিৰিজ, ধাৰাবাহিক, যুগান্তকাৰী তথ্যচিত্ৰ, শিশুৰ মনোৰঞ্জন, কমেডী আদি চোৱাৰ সুবিধা লাভ কৰিব পাৰিব । দ্য মৰ্নিং শ্ব’, টেড লাছ’, চেভাৰেন্স, ডাৰ্ক মেটাৰ আৰু ফৰ অল মেনকাইণ্ডৰ দৰে অনুষ্ঠান একেবাৰে বিনামূলীয়াকৈ চাব পাৰি ।

এপল টিভি প্লাছৰ অফাৰ

এপল টিভি+ এপটো এপল ডিভাইচত প্ৰি-ইনষ্টল কৰা হৈছে যদিও ই অন্যান্য প্লেটফৰ্ম যেনে স্মাৰ্টফোন, টেবলেট, লেপটপ আৰু স্মাৰ্ট টিভিতো উপলব্ধ । এই ডিভাইচসমূহতো আপুনি এপলৰ অৰিজিনেল কন্টেন্ট চাব পাৰে । এপল টিভি+ যিকোনো নতুন এপল ডিভাইচৰ সৈতে তিনি মাহৰ বাবে বিনামূলীয়াকৈ উপলব্ধ । ইয়াৰ উপৰিও মাহেকীয়া চাবস্ক্ৰিপচন 99 টকাৰ পৰা আৰম্ভ । এপল ৱান প্লেনে প্ৰতিমাহে 195 টকাত এই সেৱা আগবঢ়ায়, য’ত 200GB আইক্লাউড ষ্ট’ৰেজ, এপল আৰ্কেড আৰু এপল মিউজিকও আছে ।

ভাৰতৰ এয়াৰটেল ব্যৱহাৰকাৰীসকলে কিছুমান প্ৰিপেইড আৰু পোষ্টপেইড প্লেনৰ সৈতে এপল টিভি+ আৰু এপল মিউজিক চাবস্ক্ৰিপচন লাভ কৰে । এই চাবস্ক্ৰিপচনসমূহ এয়াৰটেলৰ প্ৰিমিয়াম ৱাইফাই আৰু পোষ্টপেইড প্লেনৰ সৈতে মুকলি কৰা হৈছে । ইয়াৰ উপৰিও এয়াৰটেলৰ মোবাইল ব্যৱহাৰকাৰীয়েও উইংক প্ৰিমিয়ামৰ জৰিয়তে এপল মিউজিকৰ সুবিধা লাভ কৰে ।

লগতে পঢ়ক: স্মাৰ্টফোনৰ ৰপ্তানিৰ জৰিয়তে ভাৰতে গঢ়িলে নতুন অভিলেখ; শীৰ্ষত এপল

গ্ৰাহকৰ সৈতে সংযোগ স্থাপন কৰাত ব্যৱসায়ীসকলক সহায় কৰিব এপলৰ বিজনেছ কানেক্টে

অহা সপ্তাহত বজাৰলৈ M4 Macs !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.