গুৱাহাটী: বিশিষ্ট সাহিত্যিক আৰু প্ৰকাশকক প্ৰদান কৰি অহা ‘অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা’ আৰু ‘অসম প্ৰকাশন পৰিষদ প্ৰকাশক বঁটা’ মঙলবাৰে প্ৰদান কৰা হয় । মহানগৰীৰ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ যৌথ উদ্যোগত অনুষ্ঠিত অসম গ্ৰন্থমেলাত বিশিষ্ট কথাশিল্পী, সাহিত্যিক য়েছে দৰজে ঠংচিক ‘অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা’ প্ৰদান কৰা হয় । আনহাতে, বনলতা প্ৰকাশনৰ স্বত্বাধিকাৰী অনন্ত হাজৰিকাক প্ৰদান কৰা হয় ‘অসম প্ৰকাশন পৰিষদ প্ৰকাশক বঁটা’।
এই মৰমৰ চিন মোৰ বাবে অমূল্য সম্পদ
এই বঁটা গ্ৰহণ কৰি সাহিত্যিক য়েছে দৰজে ঠংচিয়ে কয়,“ অসম প্ৰকাশন পৰিষদৰ এই মৰমৰ চিন মোৰ বাবে অমূল্য সম্পদ ৷ মই সৰল ৰীতি, সৰল ভাষাৰেই লিখো ৷ সৰলভাৱেই মানুহৰ কথা-কাহিনী ক'বলৈ চেষ্টা কৰিছো গল্প-উপন্যাসৰ মাজেৰে ৷ স্বাভাৱিকতে অৰুণাচলৰ জনজীৱনেই মোৰ লেখাত ঠাই উলিয়াই লয় ৷ অৰুণাচলৰ জনজাতীয় সমাজখনক মই হৃদয়ৰ গভীৰৰ পৰা অনুভৱ কৰো ৷" গ্ৰন্থমেলাৰ অস্থায়ী প্ৰেক্ষাগৃহত শিক্ষামন্ত্ৰী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডাঃ ৰণোজ পেগুৰ পৰা এই বঁটা গ্ৰহণ কৰি তেওঁ এনেদৰে কয় ৷
অসমীয়া ভাষাৰ এগৰকী শ্ৰেষ্ঠ সাহিত্যিক
'ধাৰ আৰু অন্যান্য গল্প' পুথিখনৰ বাবে তেওঁলৈ এই বঁটা আগবঢ়োৱা হৈছে ৷ এই বঁটাত আছে ৫ লাখ টকা, প্ৰশস্তি পত্ৰ, অংগবস্ত্ৰ আৰু গ্ৰন্থৰ টোপোলা ৷ বঁটা প্ৰদান কৰি শিক্ষামন্ত্ৰী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডাঃ ৰণোজ পেগুৱে কয়, “য়েছে দৰজে ঠংচিৰ মাতৃভাষা অসমীয়া নহয়, শিক্ষাগ্ৰহণ কৰা ভাষাহে ৷ তথাপি তেওঁ অসমীয়া ভাষাৰ এগৰকী শ্ৰেষ্ঠ সাহিত্যিক ৷ ইয়াৰ বাবে তেওঁক প্ৰত্যেক অসমীয়াই কৃতজ্ঞতা প্ৰকাশ কৰা উচিত ৷ কাৰণ আমি তেওঁৰ ওচৰত চিৰঋণী ৷”
শিক্ষামন্ত্ৰীগৰাকীয়ে লগতে কয়," এসময়ত অৰুণাচলৰ উপৰি আন ঠাইতো অসমীয়া ভাষাৰ শৈক্ষিক মাধ্যম আছিল ৷ কিন্তু ক'ৰবাত যেন আমাৰ সংকীৰ্ণতাৰ বাবে এয়া বন্ধ হৈ গ’ল ৷ নাগামীজ অসমীয়াৰে এটা প্ৰচলিত ৰূপ, কিন্তু ইয়াক স্বীকৃতি দিয়া নহ’ল ৷ এতিয়াও নলবাৰী, বৰপেটাৰ কথিত ভাষাৰ শব্দই যথাযোগ্যভাৱে অসমীয়া অভিধানত ঠাই পোৱা নাই ৷ এয়া দৰাচলতে ভাষাৰ সমৃদ্ধিৰ দুৱাৰ বন্ধ কৰা কাৰ্যহে ৷ অতীত হ’বলৈ ওলোৱা ২০২৪ বৰ্ষটো অসমৰ বাবে প্ৰাপ্তিৰ বছৰ আছিল ৷ এই বছৰটোতে অসমীয়া ভাষাই ধ্ৰুপদী মৰ্যাদা লাভ কৰিলে ৷ আশা কৰো আগন্তুক সময়েও আমাৰ বাবে সাফল্যৰ শুভবাৰ্তা কঢ়িয়াই আনিব ৷ "
এই স্বীকৃতিয়ে দায়িত্বও বৃদ্ধি কৰিলে
উল্লেখ্য যে এই অনুষ্ঠানতে 'ধাৰ আৰু অন্যান্য গল্প' প্ৰকাশ কৰা বাবে ‘অসম প্ৰকাশন পৰিষদ প্ৰকাশক বঁটা’ প্ৰদান কৰা হয় বনলতা প্ৰকাশনৰ স্বত্বাধিকাৰী অনন্ত হাজৰিকাক ৷ এই বঁটাত আছে ৩ লাখ টকা, প্ৰশস্তি পত্ৰ, অংগবস্ত্ৰ আৰু কিতাপৰ টোপোলা ৷ তেওঁ বঁটা গ্ৰহণ কৰি কয়,“য়েছে দৰজে ঠংচিৰ দৰে এগৰাকী প্ৰসিদ্ধ সাহিত্যিকৰ গ্ৰন্থ প্ৰকাশৰ বাবে লাভ কৰা এই বঁটা মোৰ বাবে পৰম প্ৰাপ্তি ৷ কিতাপ প্ৰকাশৰ ক্ষেত্ৰত আমাক উৎসাহিত কৰাৰ লগতে দায়িত্বও বৃদ্ধি কৰিলে এই স্বীকৃতিয়ে ৷” এই অনুষ্ঠানত অংশগ্ৰহণ কৰে অসম প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ, বিশিষ্ট অভিধান প্ৰণেতা সুমন্ত চলিহা, পৰিষদৰ সচিব প্ৰমোদ কলিতা আদিয়ে ৷