মেষ ৰাশি: বিপদৰ আশংকা থকা কাম আপুনি আজি সহজে সম্পন্ন কৰিব পাৰিব । তথাপি আপোনাৰ আলোচনা পৰচৰ্চালৈ পৰিণত হ’ব পাৰে । দৈনন্দিন কার্যক্ৰমণিকাত প্ৰভাৱ পৰিব পাৰে । নিন্দা আৰু নিৰুৎসাহিত হ'ব পাৰে, পৰচৰ্চা কৰাৰ পৰা আঁতৰি থকা উচিত । কিন্তু আপুনি ইয়াৰ মাজতো সফল হʼব ।
বৃষ ৰাশি: আজি গ্ৰহসমূহ আপোনাৰ পক্ষত নাই । কোনো নতুন কাম আৰম্ভ কৰাৰ আগতে বা নিজকে কোনো কামত জড়িত কৰাৰ পূৰ্বে নিশ্চিত কৰক যে আপুনি কোনো অনৈতিক বা অবৈধ ক্ষেত্ৰত প্ৰবেশ কৰা নাই । নতুন কাম বা প্ৰকল্প আৰম্ভ কৰাৰ পৰা বিৰত থাকক, ফলদায়ক ফলাফল লাভ নকৰিবও পাৰে । চখ পূৰণ আৰু মন প্ৰফুল্ল কৰা কাৰ্যত সময় কটাই উদ্বেগ আৰু চাপমুক্ত হ'ব পাৰে । জিভাক নিয়ন্ত্ৰণত ৰাখক, সহজেই ক্ৰোধৰ পৰা পৰিত্ৰাণ পাব । পেচাদাৰী দিশত কিছুমান সমস্যাৰ সন্মুখীন হ'ব পাৰে যিয়ে আপোনাক মন্থৰ কৰিব পাৰে । ঊৰ্ধতন কৰ্তৃপক্ষক প্ৰভাৱিত কৰাটো সহজ নহ'ব, কঠোৰ পৰিশ্ৰম কৰিবলগীয়া হ'ব পাৰে ।
মিথুন ৰাশি: দিনটোত মিশ্রিত ফলাফল লাভ কৰিব । হতাশা থাকিলেও সফল হʼব । আজি আপোনাৰ দিনটো হʼব আনন্দময় । পৰিয়ালৰ লগত সম্পর্ক ভাল হ'ব । প্ৰেমৰ সম্পর্ক ভাল হʼব । লগতে স্বাস্থ্য ভালে থাকিব । আবেলিলৈ সমস্য়াৰ সন্মুখীন হʼব পাৰে । সতৰ্কতা অৱলম্বন কৰা উচিত ।
ককৰ্ট ৰাশি: আপোনাৰ আজিৰ দিনটো আনন্দময় হ'ব । কৰ্মস্থলীত বন্ধুত্বপূৰ্ণ পৰিবেশে আপোনাৰ মন সলনি কৰিব পাৰে । আপোনাৰ প্ৰতিদ্বন্দ্বীয়ে কৰ্মস্থলীত বেয়া প্ৰদৰ্শন কৰাৰ সম্ভাৱনা আছে । মাতৃৰ ফালৰ পৰা ভাল খবৰে ঘৰৰ পৰিবেশ অধিক আনন্দময় কৰি তুলিব । আপোনাৰ মানসিক আৰু শাৰীৰিক স্থিতি আজি সৰ্বশ্ৰেষ্ঠ হৈ আছে । কোনো বৌদ্ধিক চৰ্চাত ভাগ ল'বলৈ আৰু তীক্ষ্ণ নিৰীক্ষণৰ বাবে উত্তম সময় । সমাজত খ্যাতি লাভ কৰিব পাৰে। ব্যৱসায়ীৰ বাবে পাৰ্টনাৰসকল আশীৰ্বাদ হ'ব পাৰে ।
সিংহ ৰাশি: আপুনি আজি অপৰিচিত লোকৰ পৰা আঁতৰত থাকিবলৈ চেষ্টা কৰিব । আপুনি আজি সফল হʼব । বিদেশী বন্ধুবৰ্গৰ লগত দিন ভালে যাব । অৱশ্য়ে ইয়াৰ মাজতো সতৰ্কতা অৱলম্বন কৰাটো অতি প্ৰয়োজন ।
কন্যা ৰাশি: আজি আপোনাৰ কামৰ প্ৰতি উৎসাহ কম হ'ব । তদুপৰি দুৰ্বল হৈ থাকিব । আৰ্থিক ব্যয়ৰ সম্ভাৱনা আছে । আপোনাৰ মেজাজী মনৰ বাবে বদনাম পাব পাৰে; আপোনাৰ সন্মান হানি হ'বলৈ নিদিব । নিয়োজিত কাম সময়মতে সমাপ্ত কৰিব নোৱৰাটোৱে আপোনাক হতাশ কৰিব। আপোনাৰ চিন্তাৰ প্ৰধান কাৰণ হ'ব আপোনাৰ সন্তান । ভ্ৰমণৰ পৰিকল্পনা পিছুৱাই দিয়ক।
তুলা ৰাশি: আপোনাৰ পৰিয়াল উপাসনাত কেতিয়াও বাধা আহিবলৈ নিদিব । পৰিয়ালক ভালদৰে যত্ন লোৱাৰ বাবে প্ৰশংসা কৰক । আবেলিলৈকে কৰ্মজীৱন ভাল আৰু বন্ধুত্বপূৰ্ণ হʼব । তথাপি সতৰ্কতা অৱলম্বন কৰা উচিত ৷
বৃশ্চিক ৰাশি: আপোনাৰ ব্যক্তিগত পৰামৰ্শ মানি চলাৰ আৰু নিজৰ প্ৰতিভা ব্যৱহাৰ কাৰৰ উচিত সময় । বজাৰৰ পৰা নতুন কাপোৰ কিনিবলৈ যোৱা হʼব পাৰে । কর্মত ব্যস্ত থকাৰ ফলত ব্যক্তিগত জীৱন প্ৰভাৱিত হʼব । প্ৰেমৰ সম্পর্কত মনোযোগ দিব । আজি আপুনি নিজৰ সপোনৰ ৰাজ্যত বাস কৰিব ।
ধনু ৰাশি: এটা ফল লাভৰ দিনৰ আভাস পোৱা যাব । আৰ্থিক আৰু কৰ্মত সফলতা লাভ কৰিব । ই আপোনাক উত্সাহিত কৰিব আৰু আপুনি সকলো কামতে আগভাগ ল'ব তথা উত্সাহ প্ৰদৰ্শন কৰিব । সন্ধিয়া মন্দিৰ দৰ্শন কৰক আৰু অলপ সময় নিৰিবিলিভাৱে কটাওক । আপোনাৰ প্ৰশ্নসমূহৰ সমাধান কৰিব পাৰিব । ঘৰত তথা কৰ্মস্থলীত আপুনি চাপ অনুভৱ কৰিব । অপ্ৰয়োজনীয় ব্যয় কৰাৰ পৰা বিৰত থাকক ।
মকৰ ৰাশি : পুৱাৰ কিছুমান সমস্যাৰ বাহিৰে চিন্তা কৰিবলগীয়া বিশেষ একো নাই । দিনটোৰ প্ৰথমভাগত আপুনি সতৰ্ক আৰু সাৱধান হৈ থকা উচিত, বিশেষকৈ যদি আপুনি কোনো আইনী বিবাদৰ সাক্ষী হয় । দ্ৰুতবেগত গাড়ী নচলাব, দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা আছে । আপুনি আপোনাৰ মনোভাৱ আৰু শাৰীৰিক ভংগীমাসমূহৰ প্ৰতি লক্ষ্য ৰখা উচিত । আপোনাৰ মেজাজী প্ৰকৃতিয়ে আপোনাৰ সন্মানত আঘাত হানিব পাৰে । আবেলি সকলো ঠিক হ'ব আৰু আপোনাৰ জীৱন পুনৰ সুচাৰুৰূপে চলিব । পুৱাৰভাগত অৱনমিত হোৱা স্বাস্থ্য লাহে লাহে উন্নত হ'ব । ঘৰৰ পৰিবেশ অনুকূল আৰু বন্ধুত্বপূৰ্ণ হ'ব । দান বা সামাজিক কৰ্ম কৰিব পাৰে ।
কুম্ভ ৰাশি : আজি আপুনি সফল্য় লাভ কৰিব । আপোনাৰ প্ৰায় ভাল হʼব । আপুনি কম সময়ত অধিক ধন উপাৰ্জন কৰিব । কর্ম বন্ধ কৰি আৰাম কৰিব পাৰে । কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব আৰু লক্ষ্যত সফল হʼব । কৰ্ম উন্নত কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব, সফল হʼব ।
মীন ৰাশি : আমদানি-ৰপ্তানিত ভাল সফল হʼব । লক্ষ্যত সফল হʼব । প্রিয় দিন হʼব । নাম আৰু সুনাম হʼব । আজি কৰ্মজীৱনত ভাল হʼব । কার্য জীৱনত পদোন্নতি হʼব পাৰে । আপোনাক নতুন কার্যৰ লক্ষ্য দিব পাৰে । পৰিয়ালৰ লগত আৰু প্ৰেমৰ সম্পর্ক ভাল হʼব । পৰিয়ালৰ লগত দিনটো আনন্দৰে অতিবাহিত কৰিব পাৰিব ।