ETV Bharat / state

"থাৰ্টী ফাৰ্ষ্ট"ৰ লীলা ! মীট দা জোকাৰি আৰক্ষীক কাটিবলৈ আহিল মদাহী - DRUNK AND ATTACK

সুৰাপায়ীৰ তাণ্ডৱৰ অন্ত নাই । সুৰাৰ ৰাগীত আৰক্ষীলৈও চোঁচা ল'বলৈ নেৰিলে উদণ্ড যুৱকে ।

Police injured in attack by drunk youth
ৰাসক্ত যুৱকৰ আক্ৰমণত আহত আৰক্ষী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jan 1, 2025, 10:24 AM IST

মৰাণ: ৩১ ডিচেম্বৰ আৰু নৱবৰ্ষৰ আনন্দত আত্মহাৰা হৈ দ্ৰুতগতিত গাড়ী, দুচকীয়া বাহন চলাই যোৱাৰ সময়ত সংঘটিত পথ দুৰ্ঘটনা প্ৰতিৰোধৰ বাবে যান-বাহন আইন উলংঘাকাৰী আৰু সুৰাপায়ী চালকৰ বিৰুদ্ধে বিগত দুদিন ধৰি চলিল আৰক্ষীৰ অভিযান ।

ইয়াৰ পিছতো উদণ্ড চালকৰ অতপালি নকমিল । এইবাৰ "থাৰ্টী ফাৰ্ষ্ট"ৰ আনন্দত সুৰাসক্ত যুৱকৰ আক্ৰমণত আহত হ'ল ডিব্ৰুগড়ৰ বামুনবাৰী আৰক্ষী চকীৰ লেন্স নায়ক ।

ৰাসক্ত যুৱকৰ আক্ৰমণত আহত আৰক্ষী (ETV Bharat Assam)

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে ডিব্ৰুগড় জিলাৰ বিভিন্ন স্থানত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে । মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশত আৰক্ষীয়ে সুৰাপায়ী চালকৰ বিৰুদ্ধে অভিযান চলাইছে । তেনে সময়তে ডিব্ৰুগড়ৰ বামুনবাৰী আৰক্ষী চকীৰ অন্তৰ্গত বামুনবাৰী তিনিআলিত সংঘটিত হৈছে আৰক্ষীক প্ৰহাৰৰ ঘটনা । কৰ্তব্যৰত আৰক্ষী বিষয়াক আক্ৰমণ কৰিলে সুৰাসক্ত যুৱকে । বামুনবাৰী তিনিআলিত সুৰাসক্ত যুৱকৰ আক্ৰমণত আহত হ'ল বামুনবাৰী আৰক্ষী চকীৰ লেন্স নায়ক ।

বামুনবাৰী আৰক্ষী চকীৰ লেন্স নায়ক হাবিবুৰ ৰহমানক ৰাজহুৱা স্থানত উপৰ্যুপৰি আক্ৰমণ কৰিলে জিতেন্দ্ৰ গগৈ নামৰ যুৱকজনে । ঘটনা অনুসৰি অভিযুক্ত যুৱকজনে নিজৰ বাহন পথৰ ওপৰত ৰখাই থোৱাত বাধা দিছিল আৰক্ষী বিষয়াগৰাকীয়ে । তাতে ক্ষুব্ধ হৈ আৰক্ষীক ৰাজহুৱা স্থানতেই গালি-গালাজ কৰে । ফলত আৰক্ষীয়ে যুৱকজনক পৰীক্ষা কৰাত সুৰা সেৱন কৰাটো নিশ্চিত হয় ।

২ নং লেঙেৰীৰ নিবাসী অভিযুক্ত জিতেন্দ্ৰ গগৈৰ ওলাইছিল ২৪৭ এলক'হল । বেছিকৈ নিচা হৈ থকাৰ বাবে জৰিমনা বিহি আৰক্ষীয়ে ঘৰলৈ পঠিয়াই দিয়ে যুৱকজনক । কিন্তু ঘৰলৈ যোৱা পাছতে পুনৰ আহি বামুনবাৰী তিনিআলিত আক্ৰমণ কৰে আৰক্ষীক । সুৰাসক্ত যুৱকজনৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় আৰক্ষী বিষয়াগৰাকী । ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে যুৱকজনক । সুৰাসক্ত যুৱকৰ আক্ৰমণৰ পাছতে চিকিৎসাধীন হ'বলগা আৰক্ষীৰ বিষয়াগৰাকীয়ে যুৱকজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ।

এই প্ৰসংগত আহত আৰক্ষী বিষয়াগৰাকীয়ে কয়," যুৱকজনে নিজৰ বাহন পথৰ ওপৰত ৰখাই থোৱাত মই তেওঁক বাধা দিছিলো । তাৰ পিছতেই তেওঁ এখন মীট দা হাতত লৈ মোৰ ফালে চোঁচা লয় । মই তেওঁক কোনোমতে বুজাই দাখন যুৱকজনৰ হাতৰ পৰা আনো । ইয়াৰ পিছত তেওঁ মোক চকীৰে প্ৰহাৰ কৰাত মই আহত হওঁ ।"

লগতে পঢ়ক:সুৰাৰ ৰাগীত মাতাল স্বামীৰ এনেহেন কাণ্ড ! পত্নীৰ লগত কৰিলে ভয়ংকৰ কৰ্ম - MAN KILLS WIFE

সুৰাপান কৰি চালকৰ আসনত নবহিব, ৰৈ আছে অসম আৰক্ষী - NOT TO DRINK AND DRIVE

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.