ETV Bharat / state

ধেমাজিৰ চকুলোত নৱবৰ্ষৰ আনন্দৰ বন্যা - JIADHAL MUKH PICNIC SPOT

বাৰিষা অভিশাপ হৈ ত্ৰাস সৃষ্টিকাৰী জীয়াঢল নদীৰ বুকুত শীতৰ আমেজ অগণন লোকৰ ।

Jiadhal mukh picnic spot
জীয়াঢলমুখত বনভোজকাৰীৰ ভিৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jan 1, 2025, 12:15 PM IST

ধেমাজি : ধেমাজি । বানে গৰকা এখন ঠাই । অসমৰ ভিতৰতে আটাইতকৈ বানাক্ৰান্ত ঠাই হৈছে এই ধেমাজি । বাৰিষা অভিশাপ হৈ ত্ৰাস সৃষ্টি কৰে শীতৰ শান্ত-সমাহিত জীয়াঢলে ।

কিন্তু এই জীয়াঢলৰ বুকুত আছে আনন্দ উদযাপনৰ বিশাল সম্ভাৰ, বিশেষকৈ শীতকালৰ বনভোজৰ আনন্দৰ দিনকেইটাত । প্ৰতিবছৰে নৱবৰ্ষৰ সময়ত জীয়াঢলৰ পাৰ উপচি পৰে প্ৰকৃতিপ্ৰেমী তথা বনভোজকাৰী দলেৰে । এইবাৰো তাৰ ব্যক্তিক্ৰম নহয় ।

জীয়াঢলমুখত বনভোজকাৰীৰ ভিৰ (ETV Bharat Assam)

বাৰিষা অঞ্চলটোৰ বাবে অভিশাপ স্বৰূপ হৈ পৰা জীয়াঢল নদীৰ বুকুত এতিয়া শীতৰ আমেজ ল'বলৈ উপচি পৰিছে অগণন লোক । ধেমাজিবাসীৰ বাবে বাৰিষা কালান্তক হৈ পৰা ধেমাজিৰ চকুলো খ্যাত জীয়াঢল এতিয়া শীতকালত হৈ পৰিছে শান্ত-সমাহিত ৷ যাৰ বাবে কোবাল নৈখনৰ উৎসস্থলী জীয়াঢলমুখত ভিৰ কৰে বিভিন্ন পৰ্যটক তথা বনভোজকাৰী দলে ৷

জীয়াঢলৰ দুই পাহাৰৰ সেউজীয়া নৈৰ্সগিক পৰিৱেশৰ মাজত প্ৰতিবছৰে বিভিন্ন প্ৰান্তৰ পৰা বনভোজৰ লগতে জীয়াঢল নদীৰ নিৰ্মল পানী আৰু প্ৰকৃতিৰ বুকুত বিলীন হ'বলৈ আহে শ শ লোক ৷ এই বছৰো ইংৰাজী নৱবৰ্ষ 2025 ৰ পহিলা দিনটোত জীয়াঢলমুখত পুৱাতেই উপস্থিত হৈছেহি অগণন বনভোজকাৰী দল ৷

ধেমাজি সদৰৰ পৰা ১৫ কিঃমিঃ নিলগত অৱস্থিত জীয়াঢলমুখত বনভোজৰ আনন্দ ল'বলৈ আহি উপভোগ কৰে বাৰিষা কালান্তক নদীখনৰ সৌন্দৰ্যৰ গভীৰতা ৷

বনভোজ খাবলৈ অহা স্থানীয় কেইবা গৰাকীও পৰ্যটকে কয়, “জীয়াঢল নদীখন ভৰ বাৰিষা ধেমাজিৰ বাবে ভয়ংকৰ হৈ পৰে ৷ ঘৰ-দুৱাৰ, ৰাস্তা-পদূলিক বানৰ কবলত পেলাই ত্ৰাস সৃষ্টি কৰে যদিও এতিয়া এই নদীখনে দিছে শীতৰ আমেজ ৷ সকলোৱে আহক আনন্দ ল'বলৈ ৷"

জীয়াঢলৰ পৰ্যটন সম্ভাৱনা সন্দৰ্ভত এগৰাকী স্থানীয় পৰ্যটকে কয়, “ধেমাজিৰ লগতে জীয়াঢলৰ অফুৰন্ত পৰ্যটন সম্ভাৱনা আছে । অসম চৰকাৰে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰি জীয়াঢলমুখক পৰ্যটনস্থলীলৈ পৰিৱৰ্তন কৰিব লাগে । ধেমাজিৰ বিধায়ক ডাঃ ৰণোজ পেগুৱে জীয়াঢলমুখক পৰ্যটনস্থলীলৈ উন্নীত কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিব লাগে ।"

লগতে পঢ়ক :2025 চনৰ প্ৰথম সূৰ্যোদয়ৰে ভাৰতত নৱবৰ্ষক স্বাগতম - INDIA WELCOMES NEW YEAR 2025
লগতে পঢ়ক :সৰলভাৱেই মানুহৰ কথা-কাহিনী ক'বলৈ চেষ্টা কৰিছো: য়েছে দৰজে ঠংচি - ASSAM BOOK FAIR

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.