ETV Bharat / entertainment

মুক্তিৰ পথত কণ্ঠশিল্পী ৰূপম ভূঞাৰ ‘ছায়া ছবি’ - RUPAM BHUYAN CHAYA CHOBI

ফেব্ৰুৱাৰী মাহত আহি আছে কণ্ঠশিল্পী ৰূপম ভূঞাৰ ‘ছায়া ছবি’। এইবাৰ ‘ছায়া ছবি’ত কণ্ঠদান কৰিছে চন্দন দাস, পাৰিজাত প্ৰিয়ম, ভাৰ্গৱ মহন্ত আৰু লক্ষ্যজ্যোতিয়ে ৷

singer-rupam-bhuyans-chaya-chobi-is-coming-up-in-february
আহি আছে কণ্ঠশিল্পী ৰূপম ভূঞাৰ ‘ছায়া ছবি’ (Photo : ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : Jan 1, 2025, 12:18 PM IST

গুৱাহাটী : মুক্তিৰ বাবে সাজু হৈছে ৰূপম ভূঞাৰ ‘ছায়া ছবি’ৰ চতুৰ্থটো সংস্কৰণ । লাইভ মিউজিক আৰু প্ৰকৃতিসৃষ্ট অৱদানেৰে বিগত কেইবাবছৰ ধৰি জনপ্ৰিয় কণ্ঠশিল্পী ৰূপম ভূঞাই নিজৰ এটা বিশেষ প্ৰকল্পৰে সংগীতপ্ৰেমী শ্ৰোতাক অনন্য সোৱাদ প্ৰদান কৰি আহিছে । ‘ছায়া ছবি’ এনে এক সাংগীতিক সেতু যিয়ে দৰ্শক-শ্ৰোতাক সংগীত আৰু প্ৰকৃতিক ভাল পাবলৈ শিকায় ।

‘ছায়া ছবি’ সন্দৰ্ভত ই টিভি ভাৰতৰ সৈতে হোৱা এক টেলিফোনিক বাৰ্তালাপত কণ্ঠশিল্পীগৰাকীয়ে কি ক'লে পঢ়কচোন ৷

‘ছায়া ছবি’ সন্দৰ্ভত ৰূপম ভূঞাৰ মন্তব্য

“২০২৫ চনৰ ১৫ ফেব্ৰুৱাৰীত ‘ছায়া ছবি’ৰ চতুৰ্থটো সংস্কৰণ মুক্তি পাব । ইয়াৰ পূৰ্বে তিনিটা এলবাম ওলাইছে । লাইভ অডিঅ’, ভিডিঅ’ ৰেকৰ্ডিঙৰ উদ্দেশ্যৰে এই প্ৰচেষ্টা হাতত লোৱা হৈছে । এলবামটোত যিকেইজন কণ্ঠশিল্পীয়ে কণ্ঠদান কৰিছে বা যিসকলে বাদ্যযন্ত্ৰ সংযত কৰিছে তেওঁলোকে সেইসমূহ এটা ট্ৰেকতে কৰিছে । মোৰ প্ৰথম পত্নী ঢুকোৱাৰ পাছত তেওঁৰ প্ৰতি মোৰ বা মোৰ বন্ধুবৰ্গৰ শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যেই এই প্ৰচেষ্টা । প্ৰতিবছৰে যাতে নতুন নতুন প্ৰতিভাক আমি সুযোগ দিব পাৰো তাৰেই আমি চেষ্টা কৰিম । আনহাতে ২০২৬ চনত যিটো সংস্কৰণ আহিব তাত কবিতা আৰু গীত থাকিব । সেইটোৰ কাম ইতিমধ্যে আৰম্ভ হৈছে ।”

singer-rupam-bhuyans-chaya-chobi-is-coming-up-in-february
আহি আছে কণ্ঠশিল্পী ৰূপম ভূঞাৰ ‘ছায়া ছবি’ (Photo : ETV Bharat Assam)

উল্লেখ্য যে, প্ৰতি বছৰে এই ‘ছায়া ছবি’ৰ জৰিয়তে চাৰিগৰাকী কণ্ঠশিল্পীক লৈ চাৰিটা গীত মুক্তি দিয়া হয় । কিন্তু এইবর্ষৰ ‘ছায়া ছবি ৪’ ত থাকিব ৫ টা গীত, যাৰ মাজৰ এটা গীত দৃশ্যগ্ৰহণৰ ঠাইত গৈ তৎক্ষণাত লিখি-সুৰ কৰি উলিওৱা হৈছিল । গীতটোৰ কথা শশাংক সমীৰৰ আৰু সুৰ কৰিছে ৰূপম ভূঞাই ।

এইবাৰ ‘ছায়া ছবি’ত কণ্ঠদান কৰিছে চন্দন দাস, পাৰিজাত প্ৰিয়ম, ভাৰ্গৱ মহন্ত আৰু লক্ষ্যজ্যোতিয়ে । বাদ্যযন্ত্ৰী হিচাপে এই প্ৰকল্পটোত সহায় কৰিছে ক্ৰমে প্ৰিয়াংকু বৰদলৈ, ঋষভ ভূঞা, বিৰাজ বৈশ্য আৰু ৰাকেশ বড়োৱে । ভিডিঅ' পৰিচালনা কৰিছে শশাংক সমীৰে, দৃশ্যগ্ৰহণ চন্দ্ৰ কুমাৰ দাসৰ । শব্দযন্ত্ৰী হিচাপে আছে কৌশিক শইকীয়া ।

২০২৫ বর্ষত ৰূপম ভূঞাৰ পৰিকল্পনা কি ?

এই সন্দৰ্ভত কণ্ঠশিল্পীগৰাকীয়ে কয়, "এইটো বৰ্ষত মোৰ কেইবাটাও নতুন গীত আহি আছে । পোষ্টবক্স এলবামটোৰ চতুৰ্থটো গীত ‘অলিগুঞ্জনা’ জানুৱাৰী মাহত মুক্তিলাভ কৰিব । লগতে মোৰ গজল এলবাম এটাৰ গীতসমূহ মুক্তি পাব । ইয়াৰ লগতে কেইবাখনো ছবিত গীত গাইছো সেইসমূহো আহি আছে ।”

লগতে পঢ়ক : আজি মুক্তিলাভ কৰিব প্ৰথমটো আ-কাৰ, ই-কাৰ নোহোৱা অসমীয়া গীত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.