ডিফু,17 ফেব্ৰুৱাৰী : 15 ফেব্ৰুৱাৰীত পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণিত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ প্ৰতিক্ৰিয়া আজিও অব্যাহত আছে দুয়োখন পাহাৰীয়া জিলাত ৷ কোনো দল-সংগঠনে বন্ধৰ আহ্বান জনোৱা নাই যদিও শুকুৰবাৰৰ পৰা 144 ধাৰা জাৰি হৈ থকা কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাত অব্যাহত থাকে বন্ধ সদৃশ পৰিৱেশ ৷ ক্ৰমাগত দ্বিতীয় দিনৰ বাবে আজিও জিলা দুখনৰ হাট-বজাৰ আদি বন্ধ হৈ থকা পৰিলক্ষিত হয় ৷
অৱশ্যে জিলাখনত কোনো বিক্ষিপ্ত ঘটনা সংঘটিত হোৱাৰ বাতৰি পোৱা নাই যদিও আজি বকলীয়াঘাটত হাজাৰোধিক লোকে সমদল কৰি খেৰণিত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ আজি দুপৰীয়াৰ ভাগত বকলীয়াঘাট নগৰৰ মাজেৰে উলিওৱা এই বৃহৎ প্ৰতিবাদী সমদলত প্ৰতিবাদকাৰী সকলে 'কাৰ্বি আংলঙত বিহাৰীৰ দাদাগিৰি নচলিবʼ, ʼবিহাৰী গʼ বেকʼ, আদি শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷ আনহাতে ডিফুত আজি এ এছ ডি চি য়ুথ ফ্ৰন্ট আৰু কাৰ্বি ছাত্ৰ সন্থাই এক সংবাদমেলৰ আয়োজন কৰি খেৰণিত শান্তিপূৰ্ণ প্ৰতিবাদকাৰীৰ ওপৰত গুণ্ডাবাহিনীয়ে নৃশংস আক্ৰমণ চলোৱা বুলি দাবী কৰি ঘটনাৰ সবিশেষ ব্যাখ্যা কৰে ৷ লগতে সংগঠনকেইটাই জিলাখনৰ বিভিন্ন স্থানত থকা পিজিআৰ-ভিজিআৰৰ ভূমি বেদখলমুক্ত কৰাৰ বাবেও দাবী জনায় ৷