অসম

assam

ETV Bharat / state

অসম-অৰুণাচল সদায় জেষ্ঠ ভাতৃ আৰু কনিষ্ঠ ভাতৃৰ দৰেই থাকিব: ড৹ বসন্ত কুমাৰ গোস্বামী - ASSAM SAHITYA SABHA

অসম সাহিত্য সভাৰ সেতু বন্ধন কাৰ্যসূচীৰে অৰুণাচলত অসম সাহিত্য সভাৰ সভাপতি । নিচি জনগোষ্ঠীৰ অন্যতম অনুষ্ঠান 'ন্যুকুম য়ল্লু' উৎসৱত অংশগ্ৰহণ সভাপতিগৰাকীৰ ।

President of Asom Sahitya Sabha participates in 'Nyukum Yallu' festival in Arunachal
অৰুণাচলত অসম সাহিত্য সভাৰ সভাপতি (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Feb 26, 2025, 9:47 PM IST

গোলাঘাট:অসম সাহিত্য সভাৰ সেতু বন্ধন কাৰ্যসূচীক লৈ মঙলবাৰে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ চিজুচাত উপস্থিত হোৱা অসম সাহিত্য সভাৰ সভাপতি ড৹ বসন্ত কুমাৰ গোস্বামীয়ে নিচি ইলাইট ছ'চাইটিৰ উদ্যোগত নিচি জনগোষ্ঠীৰ অন্যতম অনুষ্ঠান 'ন্যুকুম য়ল্লু' উৎসৱত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে । উৎসৱস্থলীত উপস্থিত হোৱাৰ লগে লগে ছ'চাইটিৰ বিষয়ববীয়াসকলে বিপুল আদৰণি জনাই অসম সাহিত্য সভাৰ সভাপতিগৰাকীক ।

নিচি জনগোষ্ঠীৰ পৰম্পৰাগত নৃত্যৰ লগতে বিহু, বড়ো নৃত্য প্ৰদৰ্শন কৰাৰ অন্তত অনুষ্ঠিত হয় মুকলি সভা । ছ'চাইটিৰ সভাপতিৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা সভাত মুখ্য অতিথিৰ ভাষণত ড৹ বসন্ত কুমাৰ গোস্বামীয়ে কয়, "অৰুণাচল আৰু অসম জেষ্ঠ ভাতৃ আৰু কনিষ্ঠ ভাতৃৰূপে সদায় থাকিব । এই উৎসৱৰ এটা বতৰা অৰুণাচল চৰকাৰ আৰু অসম চৰকাৰক দিয়ক সেয়া হৈছে স্নেহৰ । অৰুণাচল বহু শক্তিশালী । অৰুণাচল আৰু অসমৰ এই সাংস্কৃতিক বন্ধনে আমাৰ মাজত থকা যি সীমা বিবাদ তাক এৰাধৰাৰ মাজেৰে নিষ্পত্তি কৰিব । যাৰ বাবে সময়ে সময়ে এটা সাংস্কৃতিক বন্ধনৰ সুদৃঢ় ভেটি অৰুণাচলত গঢ়ি তুলিব লাগিব ।"

অৰুণাচলত অসম সাহিত্য সভাৰ সভাপতি (ETV Bharat Assam)

লগতে সাহিত্য সভাৰ সভাপতিগৰাকীয়ে কয়, "ইয়াৰ উপৰিও এই উৎসৱ দেখি আমি অভিভূত হৈছোঁ । ৰাজনীতিয়ে আমাৰ সমাজক ভাগ ভাগ কৰে কিন্তু সংস্কৃতিয়ে সকলোকে এক কৰে । আমি এটা কথাত গুৰুত্ব আৰোপ কৰিব লাগে যে ৰজাঘৰে যি কৰে কৰি থাকবলৈ দিব লাগে । কিন্তু নিচি ইলাইট ছ'চাইটি আৰু অসম সাহিত্য সভাই মিলি অৰুণাচল আৰু অসমৰ মাজত সাংস্কৃতিক সাঁকো নিৰ্মাণ কৰিব পাৰিম । এই কাম কৰিবলৈ যাওঁতে আমি আৰ্থিকভাৱে স্বচ্ছল হ'ব লাগিব ।"

'ন্যুকুম য়ল্লু' উৎসৱত অসম সাহিত্য সভাৰ সভাপতি (ETV Bharat Assam)

তেওঁ লগতে কয়,"অসমৰ ডেকা শক্তি ইয়ালৈ আহক আৰু কৰ্ম কৰি নিজৰ উপকাৰ সাধন কৰাৰ লগতে অৰুণাচল প্ৰদেশৰ অৰ্থনীতি বৃদ্ধিৰ বাবে উপকাৰ সাধন কৰক । অৰুণাচল প্ৰদেশ এখন ফুলৰ বাগিচা । যদি এখন বাগিচাত এজোপা ফুলৰ গছ থাকে আমাক আকৰ্ষণ নকৰে । শ শ ফুল ফুলি থাকে তাক আমি স্বৰ্গৰ কানন বুলি ভাবো । অৰুণাচল সূৰ্য উঠাৰ দেশ, সেই কাৰণে অৰুণাচল এখন ফুলৰ বাগিচা আৰু এই ফুলৰ বাগিচাই ভাৰতবৰ্ষ তথা অসমৰ বিভিন্ন লোকক সদায় আকৰ্ষণ কৰি আছে ।"

অসম সাহিত্য সভাৰ সেতু বন্ধন কাৰ্যসূচী (ETV Bharat Assam)

ইয়াৰোপৰি ড৹ গোস্বামীয়ে কয়, "যেতিয়া দুখন ৰাজ্য ওচৰা-ওচৰিকৈ থাকে তেতিয়া ব্যৱসায়িক দৃষ্টিভংগীৰে প্ৰবজন অৰ্থাৎ অহা-যোৱা চলি থাকে । ইয়াৰ যোগেদি এখন ৰাজ্যৰ আৰ্থিক সমস্যা সুদৃঢ় হ'ব পাৰে । কাৰণ ইতিহাসৰ বহু আগৰে পৰাই সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত হোৱা প্ৰবজনে অৰুণাচলকো চুই গৈছিল । গণতান্ত্ৰিক সময়ত প্ৰৱজনক হয়তো বাধা দিব নোৱাৰি কিন্তু সেই প্ৰবজন হ'ব লাগিব আমাৰ মাজত ।"

লোকনৃত্য প্ৰদৰ্শন (ETV Bharat Assam)

সাহিত্য ৰচনা সন্দৰ্ভত তেওঁ কয়, "নিচি জনগোষ্ঠীৰ ছাত্ৰ-ছাত্ৰীসকলে ইতিমধ্যে হিন্দী ভাষাত সাহিত্য ৰচনা কৰিবলৈ যত্ন কৰিছে । সেইসকলৰ উদীয়মান লেখক-লেখিকাৰ ৰচনা অসম সাহিত্য সভাই অসমীয়া ভাষালৈ অনুবাদ কৰি প্ৰকাশ কৰিব পাৰিব আৰু এই চেষ্টাত ব্ৰতী হৈ থাকিম । এইক্ষেত্ৰত নিচি ইলাইট ছ'চাইটিয়ে এখন তালিকা প্ৰস্তুত কৰি অসম সাহিত্য সভালৈ প্ৰেৰণ কৰিলে আমি সাহিত্য আৰু সংস্কৃতিৰ এটা সুষম সমন্বয় তৈয়াৰ কৰিব পাৰিম ।"

লোকনৃত্য প্ৰদৰ্শন (ETV Bharat Assam)

বুধবাৰে অনুষ্ঠিত হোৱা অনুষ্ঠান প্ৰসংগত তেওঁ কয়, "আজি যি অনুষ্ঠান অনুষ্ঠিত কৰিছে সেয়া মানুহক ভাল পোৱাৰ পূজা, ভগৱানৰ লগত মিলি যোৱাৰ পূজা আৰু ভগৱানৰ লগত মিলি যোৱা পূজাৰ যোগেদি আমাৰ মাজত কোৱা ধৰণৰ ভেদাভেদ নাথাকে । অৰুণাচলৰ ৰাইজৰ মাজত ভাতৃ আৰু ভগ্নীৰূপে জীয়াই থকাৰ যি অধিকাৰ সেই অধিকাৰ সাংস্কৃতিক আৰু সমন্বয়ৰ যোগেদি আমি প্ৰতিষ্ঠা কৰিব পাৰিম ।"

লগতে পঢ়ক:মৰিয়নীত ক'ৰ পৰা আহি ওলাল এমা-ডিমা দুটাকৈ ভালুকৰ পোৱালি - BEAR CUB RESCUED IN JORHAT

পাচি-খৰাহি নহয়, এইবাৰ বাঁহৰ পৰা হ'ব মোজা-অন্তৰ্বাস ! অসমলৈ আহিল এক অনন্য উদ্যোগ - BAMBOO SOCKS INDUSTRY IN ASSAM

ABOUT THE AUTHOR

...view details