অসম

assam

ETV Bharat / state

গুৱাহাটীত স্থাপন কৰা হ’ব প্ৰধানমন্ত্ৰী মোদীৰ ১৯০ ফুট উচ্চতা‌ৰ প্ৰতিমূৰ্তি

PM Modi Statue : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতি অকুণ্ঠ ভালপোৱা ৷ গুৱাহাটীত এগৰাকী অসমীয়া ব্যৱসায়ীৰ নিজা উদ্যোগত নিৰ্মাণ হ’ব প্ৰধানমন্ত্ৰী মোদীৰ প্ৰতিমূৰ্তি ৷ মোদীৰ বিশাল প্ৰতিমূৰ্তি নিৰ্মাণৰ বাবে সাজু হৈছে ব্যৱসায়ী নবীন চন্দ্ৰ বৰা ৷

By ETV Bharat Assamese Team

Published : Jan 30, 2024, 5:32 PM IST

PM Modi statue in Guwahati
প্ৰধানমন্ত্ৰী মোদীৰ প্ৰতিমূৰ্তি

প্ৰধানমন্ত্ৰী মোদীৰ প্ৰতিমূৰ্তি

গুৱাহাটী, ৩০ জানুৱাৰী :গুৱাহাটী মহানগৰীত এজন অসমীয়া ব্যৱসায়ীৰ নিজস্ব প্ৰচেষ্টাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এক বিশাল প্ৰতিমূৰ্তি নিৰ্মাণ কৰাৰ পথত অগ্ৰসৰ হৈছে । বিশাল প্ৰতিমূৰ্তিটোৰ উচ্চতা‌ হ'ব ১৯০ ফুট । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গুণমুগ্ধ প্ৰতিষ্ঠিত ব্যৱসায়ী নবীন চন্দ্ৰ বৰা নামৰ ব্যৱসায়ীজনে একক প্ৰচেষ্টাৰে নিৰ্মাণ কৰিব এই প্ৰতিমূৰ্তি ।

জালুকবাৰীৰ মূল বাছ আস্থানৰ কাষৰ নিজা এবিঘাতকৈয়ো অধিক ভূমিত ব্যৱসায়ী নবীন চন্দ্ৰ বৰাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিশাল প্ৰতিমূৰ্তিটি স্থাপনৰ পথত আগবাঢ়িছে । ইতিমধ্যে সোমবাৰৰ পৰা তিনিদিনীয়াকৈ তেওঁ প্ৰতিমূৰ্তিটো নিৰ্মাণৰ বাবে ভূমিপূজন আৰম্ভ কৰিছে । এই ভূমিপূজনৰ বাবে তেওঁ বিশাল আয়োজন কৰিছে ।

ব্যৱসায়ী নবীন চন্দ্ৰ বৰাই কয় যে তেওঁৰ নিজা অৰ্জনৰ প্ৰায় ২০০ কোটি টকাৰ বাজেটেৰে ব্যক্তিগত উদ্যোগত নিজা ভূমিত এই প্ৰতিমূৰ্তি স্থাপন কৰিব ৷ তেওঁ কয় যে ৬০ ফুটৰ এক নিৰ্মাণ বেদীৰ ওপৰত প্ৰতিমূৰ্তিটো স্থাপন কৰা হ’ব । এই ৬০ ফুটকে ধৰি মুঠ উচ্চতা হ’বগৈ ২৫০ ফুট ৷

ব্ৰঞ্জেৰে নিৰ্মাণ কৰিবলগীয়া প্ৰতিমূৰ্তিটোৰ থলীৰ বাবে চূড়ান্ত নক্সা প্ৰস্তুত কৰিছে নবীন চন্দ্ৰ বৰাই । পৰিকল্পনা অনুসৰি এই ১৯০ ফুট উচ্চতাৰ প্ৰতিমূৰ্তিটোত ডিঙিত থাকিব অসমীয়াৰ জাত্যাভিমান এখন গামোচা । তেওঁ জনায় যে যোৱা বছৰতে তেওঁ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়লৈয়ো ইতিমধ্যে মূৰ্তি স্থাপনৰ পৰিকল্পনাৰ সবিশেষ জনাই পত্ৰ প্ৰেৰণ কৰিছে ৷

লগতে পঢ়ক :PM Modi Statue: এগৰাকী অসমীয়া ব্যৱসায়ীয়ে গুৱাহাটীত স্থাপন কৰিব প্ৰধানমন্ত্ৰী মোদীৰ ১৯০ ফুট উচ্চতাৰ বিশাল প্ৰতিমূৰ্তি

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰা পত্ৰখনত তেওঁ নিজৰ কষ্টোপাৰ্জিত আয় আৰু সম্পত্তিৰ কি কি উৎসৰ পৰা এই ২০০ কোটি টকা খৰচ কৰিব সেয়াও উল্লেখ কৰিছে ৷ প্ৰতিমূৰ্তিটো স্থাপনৰ সকলো তথ্য পাতি তেওঁ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰিছে ।

তেওঁ জনায় যে ২০১৬ চনতে প্ৰধানমন্ত্ৰীৰ পৰা এখন প্ৰশংসা পত্ৰ লাভৰ পিচতে তেওঁৰ এনে এটা বিশাল মূৰ্তি স্থাপনৰ পৰিকল্পনা কৰিছিল । তেওঁ কয় যে চলিত বছৰতে কাম আৰম্ভ কৰিব । প্ৰধানমন্ত্ৰীগৰাকীৰ হাতেৰেই এই মূৰ্তিটো উন্মোচন কৰোৱাৰ আশা পুহি ৰাখিছে বুলি তেওঁ সদৰী কৰে ।

তেওঁ কয়, ‘‘এয়া মোৰ নৰেন্দ্ৰ মোদীৰ প্ৰতি ভালপোৱা । ‌তেওঁ বিশ্বৰ এগৰাকী শ্ৰেষ্ঠ প্ৰধানমন্ত্ৰী । এনে এগৰাকী ব্যক্তিৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিব পৰাতো মোৰ সৌভাগ্য’’ । তেওঁ কয়, ‘‘এয়া মোৰ নিঃস্বাৰ্থ কাম । ইয়াত মোৰ‌ স্বাৰ্থ জড়িত নাই । কোনো ৰাজনীতি কৰা মানুহ মই নহয় । মই এগৰাকী সাধাৰণ মানুহ’’ ।

লগতে পঢ়ক :মহাত্মা গান্ধীৰ মৃত্যু বাৰ্ষিকী, প্ৰধানমন্ত্ৰীকে ধৰি দেশৰ শীৰ্ষ নেতাৰ শ্ৰদ্ধাঞ্জলি

ABOUT THE AUTHOR

...view details