অসম

assam

ETV Bharat / state

দীপাৱলীৰ এপষেক পিছত সোণাপুৰত ফটকা ফুটিল কিয় ? - EVICTION IN KACHUTOLI

ডিমৰীয়াৰ ৬খন পঞ্চায়তৰ বহু অঞ্চলত এতিয়াও বহুতো অবৈধ লোকে জনজাতীয় বেষ্টনী আৰু চৰকাৰী ভূমি বেদখল কৰি বসতি কৰি আছে ৷

Eviction in kachutoli i
দীপাৱলীৰ এপষেক পিছত সোণাপুৰত ফটকা ফুটিল কিয় ? (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Nov 15, 2024, 10:02 PM IST

হায়দৰাবাদ: সোণাপুৰৰ কচুতলীত সন্দেহজনক আৰু অবৈধ নাগৰিকক উচ্ছেদৰ লগতে মাটিৰ দালালক গ্ৰেপ্তাৰত পদক্ষেপ গ্ৰহণ কৰাৰ বাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ডিমৰীয়াৰ বিভিন্ন দল-সংগঠনে জনালে কৃতজ্ঞতা আৰু অভিনন্দন ৷ শুকুৰবাৰে সন্ধিয়া সোণাপুৰৰ নতুন বজাৰৰ বাছ আস্থানত বিভিন্ন দল-সংগঠনৰ নেতৃবৃন্দই ফটকা ফুটাই আনন্দ উল্লাস কৰে ৷

উল্লেখ্য যে কিছু বছৰ ধৰি সোণাপুৰৰ কচুতলীত একাংশ সন্দেহজনক লোকে নিশাটোৰ ভিতৰতে চৰকাৰী আৰু জনজাতীয় বেষ্টনীৰ ভূমিত দালালৰ সহযোগত অবৈধভাৱে বসতি কৰি আহিছিল ৷

দীপাৱলীৰ এপষেক পিছত সোণাপুৰত ফটকা ফুটিল কিয় ? (ETV Bharat Assam)

এনে কাৰ্যই ডিমৰীয়াৰ দল-সংগঠনক চিন্তিত কৰি তুলিছিল ৷ অৱশেষত বিষয়টো সন্দৰ্ভত মুখ্যমন্ত্ৰী তথা প্ৰশাসনক অৱগত কৰা হয় ৷ তাৰ পিছতে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত জিলা প্ৰশাসনে কচুতলী পৰিদৰ্শন কৰি সোণাপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ সহযোগত কচুতলী অঞ্চলত জৰীপ চলায় ।

জৰীপত চৰকাৰী আৰু জনজাতীয় বেষ্টনীৰ ভূমিত যে অ-জনজাতীয় তথা অযোগ্য লোকে বেদখলৰে বসতি কৰি আছে তাৰ তথ্য লাভ কৰে ৷ লগে লগে প্ৰথমে যোৱা ২২ আগষ্টৰ পৰা ২৪ আগষ্টলৈ আৰু ছেপ্টেম্বৰত জিলা প্ৰশাসনে উচ্ছেদ চলায় ৷ উচ্ছেদিতই সেই স্থান ত্যাগ কৰি তেওঁলোকৰ পূৰ্বৰ ঘৰলৈকে গুচি যায় ৷

ইপিনে, যিসকল দালালে এই অবৈধ লোকক ভূমি ক্ৰয়-বিক্ৰয় কৰি বসতিৰ সুবিধা কৰি দিছিল সেইসকল দালালৰ বিৰুদ্ধেও চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰে ৷ দুদিন পূৰ্বে কচুতলীত ভূমি দালালীৰ সৈতে জড়িত থকাৰ অভিযোগত পাঁচটা দালালক আটক কৰে ৷ সেয়েহে চৰকাৰৰ এনে পদক্ষেপৰ বাবে ডিমৰীয়াৰ দল-সংগঠনে মুখ্যমন্ত্ৰীক কৃতজ্ঞতা আৰু অভিনন্দন জনায় ৷

ডিমৰীয়া অঞ্চলত ভূমি ক্ৰয়-বিক্ৰয়ৰ সৈতে জড়িত সকলো মাটিৰ দালালক গ্ৰেপ্তাৰ কৰি ডিমৰীয়াৰ ভূমিকেন্দ্ৰিক সমস্যা নিঃশেষ কৰিবলৈ সকলো দল-সংগঠনে আজিৰ কাৰ্যসূচীৰে মুখ্যমন্ত্ৰীক আহ্বান জনায় । ইফালে, ডিমৰীয়াৰ ৬খন পঞ্চায়তৰ বহু অঞ্চলত বহুতো অবৈধ লোকে জনজাতীয় বেষ্টনী আৰু চৰকাৰী ভূমি বেদখল কৰি বসতি কৰি আছে ৷ সেইবোৰো উচ্ছেদ কৰি বেদখলমুক্ত কৰিবলৈ মুখ্যমন্ত্ৰীক অনুৰোধ জনোৱা হয় ৷

আনহাতে, কেৱল কচুতলীতে নহয়, ডিমৰীয়াৰ বহু অঞ্চলত মাটিৰ দালালে বহু অবৈধ লোকক মাটি ক্ৰয়-বিক্ৰয় কৰি ভূমি হস্তান্তৰ কৰাৰ তথ্য পোহৰলৈ আহিছে ৷ সেইসকল দালালো শীঘ্ৰে আৰক্ষীৰ জালত পৰাটো নিশ্চিত হৈ পৰিছে ৷

লগতে পঢ়ক:কচুতলিত সন্দেহযুক্ত নাগৰিকৰ বিৰুদ্ধে পুনৰ উচ্ছেদৰ নিৰ্দেশ, ইটাভাটা ছীল

কচুতলীত পুনৰ বেদখলৰ চেষ্টা উচ্ছেদিত লোকৰ: কেইবাটাও বাসগৃহত বিদ্যুৎ সংযোগ

ABOUT THE AUTHOR

...view details