ধুবুৰী, 21 জুলাই:বাংলাদেশৰ হিংসাত্মক আন্দোলনৰ প্ৰভাৱ পৰিছে দেশখনত অধ্যয়নৰত ভাৰতীয় শিক্ষাৰ্থীৰ ওপৰত ৷ প্ৰাণৰ মমতাত দেশখনত থকা ভাৰতীয় উচ্চায়ুক্তৰ সহায়ত স্ব-গৃহলৈ উভতি আহিছে ভাৰতীয় শিক্ষাৰ্থীসকল ৷ পৰিয়ালৰ ভয়-উৎকণ্ঠাৰ অৱসান ঘটাই অৱশেষত শনিবাৰে নিজ গৃহত উপস্থিত হ’ল বাংলাদেশত অধ্যয়নৰত অসমৰ ধুবুৰীৰ গৌৰীপুৰৰ এগৰাকী ছাত্ৰ । ছাত্ৰজনৰ নাম মণিৰুজ্জামান আহমেদ ৷
বাংলাদেশৰ ঢাকাৰ সমীপৰ মাণিকগঞ্জৰ এখন ব্যক্তিগত খণ্ডৰ মেডিকেল কলেজৰ চতুৰ্থ বৰ্ষৰ ছাত্ৰ মণিৰুজ্জামান ৷ দেশখনৰ পৰিস্থিতি অধিক অগ্নিগৰ্ভা হৈ পৰাৰ পাচতে অসমৰ মণিৰুজ্জামানকে ধৰি ঢাকা বিশ্ববিদ্যালয়ৰ অধীনষ্ঠ কলেজখনৰ 60/70 গৰাকী ছাত্ৰ সুকলমে বাংলাদেশৰ ভাৰতীয় উচ্চায়ুক্তৰ কাৰ্যালয় আৰু বাংলাদেশ আৰক্ষীয়ে প্ৰদান কৰা নিৰাপত্তাৰ সহায়ত দেশখনৰ পৰা ওলাই আহিবলৈ সক্ষম হয় ৷
শিক্ষাৰ্থীসকলে প্ৰথমে ভাৰত-বাংলাদেশ সীমান্তত উপস্থিত হোৱাৰ পিচত পশ্চিমবংগৰ কলিকাতাত প্ৰৱেশ কৰে বুলি জানিবলৈ দিয়ে । ইয়াৰ পাচতে কলিকতাৰ শিয়ালদহৰ পৰা ৰে’লেৰে আহি প্ৰথমে পশ্চিমবংগৰ কোচবিহাৰ আৰু কোচবিহাৰৰ পৰা ধুবুৰীৰ গৌৰীপুৰৰ নিজ গৃহত সুকলমে আহি উপস্থিত হয় ছাত্ৰজন ।
উল্লেখ কৰা প্ৰয়োজন যে, পাকিস্তানৰ বিৰুদ্ধে বাংলাদেশৰ 1971 চনৰ স্বাধীনতাৰ আন্দোলনৰ শ্বহীদ পৰিয়ালৰ সদস্যসকলৰ বাবে 30 শতাংশলৈকে চৰকাৰী নিযুক্তি সংৰক্ষণৰ ব্যৱস্থা আছে । প্ৰতিবাদকাৰীসকলে এই সংৰক্ষণ ব্যৱস্থাৰ বিলুপ্তি দাবী কৰে আৰু যোগ্যতাৰ ভিত্তিত নিযুক্তি প্ৰদানৰ বাবে দাবী জনায় ।