অসম

assam

ETV Bharat / state

বিশিষ্ট কবি তথা সমালোচক ৰবীন্দ্ৰ বৰাৰ দেহাৱসান - Poet Rabindra Bora Passes Away

Poet Rabindra Bora : কবি তথা সমালোচক ৰবীন্দ্ৰ বৰাই অসমীয়া সাহিত্য়লৈ আগবঢ়াই গৈছে বিশিষ্ট অৱদান । 'নিৰ্বাসিত সময়’,'শইচৰ মানুহ’, ‘অকলশৰীয়া ভয়’ ইত্যাদি কাব্যগ্ৰন্থৰে জনপ্ৰিয়তা অৰ্জন কৰা এইগৰাকী কবি তথা সমালোচক আৰু নাই ।

By ETV Bharat Assamese Team

Published : Aug 11, 2024, 8:21 PM IST

Poet Rabindra Bora
বিশিষ্ট কবি তথা সমালোচক ৰবীন্দ্ৰ বৰা (ETV Bharat Assam)

গুৱাহাটী, ১১ আগষ্ট: বিশিষ্ট কবি তথা সমালোচক ৰবীন্দ্ৰ বৰাৰ দেহাৱসান । ৮৫ বছৰত ইহলীলা সম্বৰণ কৰে বিশিষ্ট কবি তথা সমালোচক গৰাকীয়ে । দেওবাৰে দিনৰ ২.৩০ বজাত মহানগৰীৰ এখন ব্যক্তিগত হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে ৰবীন্দ্ৰ বৰাই । কেইবাখনো গুৰুত্বপূৰ্ণ কাব্যগ্ৰন্থৰ স্ৰষ্টা আছিল কবি ৰবীন্দ্ৰ বৰা ।

উল্লেখযোগ্য গ্ৰন্থ :

তেওঁৰ উল্লেখযোগ্য গ্ৰন্থবোৰ হৈছে 'দীৰ্ঘদিনৰ প্ৰস্তুতিৰে','ৰাতি ভাঙি আহে', 'ক’ৰবাত ৰ’দৰ গান’ৰ লগতে ৰবীন্দ্ৰ বৰাৰ প্ৰকাশিত একমাত্ৰ উপন্যাস হৈছে 'দ্ৰৌপদী'। তদুপৰি তেওঁৰ দুখন গল্প সংকলনো প্ৰকাশ পাইছে । সমালোচক হিচাপেও গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই গৈছে বৰাই । নতুন লেখকক আগবঢ়াই নিয়াত বিশেষ ভূমিকা লৈছিল । জনসংযোগ বিভাগৰ অবসৰপ্ৰাপ্ত বিষয়া বৰাৰ আকস্মিক মৃত্যুত শোকস্তব্ধ হৈছে সাহিত্য জগত।

মুখ্যমন্ত্রীৰ শোক প্ৰকাশ :

কবিগৰাকীৰ মৃত্যুত মুখ্যমন্ত্ৰীৰ লগতে দল সংগঠনে শোক প্ৰকাশ কৰিছে । মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই শোক প্ৰকাশ কৰি কয়, "বিশিষ্ট কবি-সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগৰ বাতৰিত অতি মৰ্মাহত হ'লোঁ ৷ সুদীৰ্ঘ ছটা দশক ধৰি কবিগৰাকীৰ সৃষ্টি আৰু দৃষ্টিয়ে কবিতা অনুৰাগীক অনুপ্ৰেৰণা যোগাই আহিছে ৷ তেওঁৰ বিয়োগ সমাজ জীৱনৰ বাবে অপূৰণীয় ক্ষতি ৷ বৰাৰ বিদেহ আত্মাৰ চিৰশান্তিৰ অৰ্থে ঈশ্বৰৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাই শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ ৷"

আনহাতে, বিশিষ্ট কবি ৰবীন্দ্ৰ বৰাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে অসম জাতীয় পৰিষদে ৷ দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই এক শোকবাৰ্তাত কয়, " বিশিষ্ট কবিগৰাকীৰ বিয়োগত ব্যথিত হৈছোঁ ৷ সুদীৰ্ঘ ছটা দশক স্বকীয় কাব্যশৈলীৰে অসমীয়া ভাষা-সাহিত্যক সমৃদ্ধ কৰা বৰা আছিল অনুজ কবি-লেখকৰ প্ৰেৰণাৰ অমল উৎস ৷ কবিতাৰে মানুহৰ কথা কোৱা কবিগৰাকীৰ সমাজ চেতনা যুগে যুগে স্মৰণীয় হৈ ৰ’ব ৷ ‘নিৰ্বাসিত সময়’,‘শইচৰ মানুহ’, ‘অকলশৰীয়া ভয়’ ইত্যাদি কাব্যগ্ৰন্থৰে অসমীয়া কবিতাৰ ঐতিহ্যক চহকী কৰি যোৱা বৰেণ্য কবিগৰাকীলৈ গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ ৷" মৃত্যুৰ সময়ত তেওঁ পত্নীৰ লগতে দুগৰাকী কন্যা এৰি থৈ যায় ।

লগতে পঢ়ক :বিশিষ্ট শিক্ষাবিদ তথা কমিউনিষ্ট নেতা অৱনী বৰঠাকুৰৰ দেহাৱসান - Abani Borthakur passes away

95 বছৰ বয়সত শেষ নিশ্বাস ত্যাগ প্ৰাক্তন বৈদেশিক পৰিক্ৰমা মন্ত্ৰী কে নটৱৰ সিঙৰ - NATWAR SINGH PASSES AWAY

ABOUT THE AUTHOR

...view details