অসম

assam

ETV Bharat / state

গ্ৰিটিংছ কাৰ্ড: সময় আৰু সোঁৱৰণীৰ গৰ্ভত লীন যোৱা এক নষ্টালজিক গাথা - GREETINGS CARD

মনত পৰেনে সেই দিনবোৰৰ কথা ? ডিচেম্বৰ পৰিলেই গ্ৰিটিংছ কাৰ্ডৰ বাবে আগ্ৰহ আৰু অপেক্ষাৰ এক আৱেগিক শিহৰণৰ কথা ?

Greetings card
গ্ৰিটিংছ কাৰ্ডৰ নষ্টালজিয়া (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : 5 hours ago

Updated : 5 hours ago

আমগুৰি : "অন্তৰৰ নিভৃত কোণত সাঁচি ৰখা মৰম আৰু ভালপোৱাৰে তোমালৈ মোৰ এয়া নৱবৰ্ষৰ শুভকামনা..." ! মনত পৰেনে গোট গোট হাতৰ আখৰেৰে দোকানৰ পৰা বিচাৰি বিচাৰি আনি মন পছন্দৰ গ্ৰিটিংছ কাৰ্ডখনত লিখা এনেধৰণৰ শুভেচ্ছা বাৰ্তাৰ কথা ? ডিচেম্বৰ পৰক কি নপৰক, ওচৰৰ কিতাপৰ দোকানত নতুন নতুন ডিজাইনৰ গ্ৰিটিংছ কাৰ্ড বিচাৰি চলাথ কৰাৰ কথা !

সঁচাকৈয়ে, আজিৰ পৰা প্ৰায় ১৫-২০ বছৰ পূৰ্বে এয়াই আছিল নতুন বছৰক আদৰাৰ পৰম্পৰা । এক আৱেগ আৰু আন্তৰিকতাৰ নিৰ্ভেজাল অনুভূতি প্ৰকাশৰ মাধ্যম । কিন্তু সময়ৰ সোঁতত এই আৱেগ, এই পৰম্পৰা লাহে লাহে নোহোৱা হ'ল । তাৰ পৰিৱৰ্তে গ্ৰিটিংছ কাৰ্ড হ'ল বৰ্তমান সোণসেৰীয়া স্মৃতি গাথা । এতিয়া মাথোঁ সোঁৱৰণীৰ পাততহে আছে গ্ৰিটিংছ কাৰ্ডৰ এই সজল স্মৃতি ।

গ্ৰিটিংছ কাৰ্ডৰ নষ্টালজিয়া (ETV Bharat Assam)

নতুন বছৰৰ প্ৰাকমুহূৰ্তত মনলৈ অহা এটা পুৰণি তথা আপোন শব্দ হৈছে গ্ৰীটিংছ কাৰ্ড । কিন্তু কালৰ বুকুত হেৰাই গ'ল এই হেঁপাহৰ গ্ৰিটিংছ কাৰ্ডখন । আপোনজনৰ হাতৰ উমাল পৰশে জীপাল কৰা এই কাৰ্ডখনেই আছিল এটা সময়ত মৰমৰ আদান-প্ৰদানৰ এক অন্যতম মাধ্যম ।

কিন্তু সময়ৰ ধামখুমীয়াত এতিয়া অতীত হ'ল মৰমৰ উমসনা, আৱেগেৰে সিক্ত গ্ৰিটিংছ কাৰ্ড । এজনে আনজনক নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপনৰ অন্যতম মাধ্যম হিচাপে পৰিচিত এই গ্ৰীটিংছ কাৰ্ড এতিয়া মাথোঁ নষ্টালজিয়া, বুকুৰ মৰমসনা এখিলা সৰাপাত ।

সহজাত ছ'চিয়েল মাধ্যমৰ সুলভ ব্যৱহাৰ আৰু যান্ত্ৰিকতাৰ কোবাল ঢৌৱে তচনচ কৰি পেলোৱা অতীতৰ ভাললগা সেই সময়বোৰে আপোনাকো নিশ্চয় কন্দুৱায়, কৰি তোলে বেদনা গধুৰ । মনত হয়তো এনে ভাবো আহে, কালৰ বুকুত ক্ৰমান্বয়ে নিঃশেষ হোৱা গ্ৰিটিংছ কাৰ্ডৰ সেই ৰোমাঞ্চকৰ দিনবোৰ যেন আকৌ এবাৰ জীপাল হৈ পৰিব ।

গ্ৰিটিংছ কাৰ্ডৰ বাখৰুৱা শব্দই কঢ়িয়াই অনা শুভকামনাৰ এজাক দোপালপিতা বৰষুণে যেন আকৌ এবাৰ তিয়াই নিব প্ৰিয়জনৰ বুকু ! যাৰ বাবে এতিয়াও সময়ে সামৰি ল'ব খোজা এই গ্ৰিটিংছ কাৰ্ডখনক লৈ নৱবৰ্ষৰ প্ৰাকক্ষণত নষ্টালজিক হৈ উঠে সকলো । বহুজনৰে আশা- আকৌ ঘূৰি আহক সেই সোণোৱালী অতীত !

গ্ৰিটিংছ কাৰ্ডৰ স্মৃতি সুঁৱৰি নষ্টালজিক কণ্ঠশিল্পী মনোজ বৰা

গ্ৰিটিংছ কাৰ্ডৰ স্মৃতি ৰোমন্থন কৰি নষ্টালজিক হৈ কণ্ঠশিল্পী মনোজ বৰাই কয়, "গ্ৰিটিংছ কাৰ্ড । য'ত সোমাই আছিল আমাৰ মৰম, চেনেহ, আন্তৰিকতা- মানৱীয়তা-আমাৰ ভাতৃত্ববোধ ৷ এই সকলোখিনি কথা আমাৰ গ্ৰিটিংছ কাৰ্ডৰ মাজত লুকাই আছিল আৰু সেইখিনিও আজি আমি হেৰুৱাই পেলাইছোঁ । কিহৰ কাৰণে হেৰুৱাই পেলাইছোঁ, কেৱল ৱাটছএপত মেছেজ এটা দি থৈ দিয়ে, ফেচবুকত মেছেজ এটা দি থৈ দিয়ে । পোষ্ট এটা দি থৈ দিয়ে- নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ ।"

তেওঁ লগতে কয়, "সেইটোতে সীমাবদ্ধ থকাৰ বাবে আমাৰ মাজত গেপ এটা আহি গৈছে । আমি মৰম-চেনেহবিলাক হেৰুৱাই পেলাইছোঁ, ইজনে সিজনৰ প্ৰতি থকা আন্তৰিকতা খুব কমি গৈছে । নৱপ্ৰজন্মক এটাই অনুৰোধ কৰোঁ যাতে এই ধাৰাটো পুনৰ ঘূৰাই আনিব পাৰোঁ নেকি ।"

গ্ৰিটিংছ কাৰ্ড ব্যৱহাৰ কৰা শেষ প্ৰজন্মৰ আক্ষেপ

আনহাতে, এই গ্ৰিটিংছ কাৰ্ড ব্যৱহাৰ কৰাসকলৰ ভিতৰত শেষ প্ৰজন্মৰ এগৰাকী স্থানীয় যুৱতীয়ে ইয়াৰ স্মৃতি ৰোমন্থন কৰি কয়, "সেই দিনসমূহৰ আমেজ বৰ সুকীয়া । বহুত নষ্টালজিক সেই দিনসমূহ । এই যে আমি আপোনজনলৈ বুলি এখন কাৰ্ড কিনিম সেই হেঁপাহখিনি... আচলতে ক'ৰবাত ১০ টকা, ৫ টকা, ২০ টকা যি পাওঁ তাকে আমি কিতাপ এখনৰ মাজত লুকুৱাই থওঁ । ক'ৰবাত এটা ভাল কবিতা পাইছোঁ, এইটো আমি কাৰ্ডত লিখিম দেই । সেই হেঁপাহখিনি বৰ সুকীয়া আছিল ।"

তেওঁ লগতে যোগ দিয়ে, "এই যে ডিচেম্বৰ মাহ আহিব, আমি এখন কাৰ্ড কিনিম । কাৰ্ড কিনিবলৈ আমি লগৰবোৰ একেলগে দোকানলৈ গৈ দোকানত জুমুৰি মাৰি ধৰোঁ, দোকানীজনক একেবাৰে বেহুঁচ কৰি পেলাওঁ । একেখন কাৰ্ডকে আকৌ সকলোৰে পছন্দ হয় । সেই দিনসমূহৰ আমেজ বৰ সুকীয়া । সেই দিনসমূহ এতিয়া ক'ৰবাত হেৰাই গৈছে ।"

ক'ত হেৰাল সেই সোণসেৰীয়া দিনবোৰ ?

এইক্ষেত্ৰত নিজৰ মনোভাব ব্যক্ত কৰি তেওঁ কয়, "আমি সকলোৱে ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰি আছোঁ । ফেচবুক হওক, ৱাটছএপ হওক, ইনষ্টাগ্ৰাম হওক তাত গৈ এটা মেছেজ লিখোঁ, হেপ্পী নিউ ইয়েৰ হওক বা হেপ্পী বাৰ্থডে হওক । সেই হেঁপাহখিনি তাতে আৰম্ভ হৈ তাতেই শেষ । কিন্তু আগৰ সেই দিনসমূহ এতিয়া আমাক আকৌ ঘূৰাই লাগে । আজি যান্ত্ৰিকতাৰ মাজত আমি ক'ৰবাত হেৰাই গ'লেও সেই দিনসমূহ আমি আকৌ বিচাৰোঁ ।"

তাহানিৰ কেছেটৰ নষ্টালজিয়া

মৰমলগা ভণ্টিজনী নাজানো ক'ত ঘৰ, আছে নেকি কোনোবা জান তোমাৰ মৰমৰ... কুৰি দশকৰ কিশোৰ-চেমনীয়া তথা যুৱক-যুৱতীক আকৰ্ষণ কৰা অঞ্জনা, জানমণি, ৰাংঢালী, মৰমজান, মন ফাগুণী আদি বাণিজ্যিকভাৱে বিশেষ সফলতা লাভ কৰা এই ভিচিডিসমূহ বৰ্তমান গ্ৰিটিংছ কাৰ্ডৰ দৰেই লুপ্তপ্ৰায় । তথাপিও বহুজনৰ মুখে মুখে এতিয়াও চৰ্চিত জানমণি অথবা অঞ্জনাৰ গানবোৰ । বছৰৰ শেষৰ ফাললৈ মুক্তি পোৱা জানমণি, অঞ্জনা অথবা ৰাংঢালীৰ গীতসমূহে বহুজনৰ বুকুত সাঁচ বহুৱাই থৈছে । সেয়ে আজিও বহুজনে গুণগুণায় এই গীতসমূহ । নতুন বছৰ আহিলেই এতিয়াও প্ৰাণ পাই উঠে জানমণি, অঞ্জনা অথবা ৰাংঢালীৰ গীতসমূহে ।

এতিয়াও বহুজনৰ বুকুত আলোড়নৰ সৃষ্টি কৰে নব্বৈ দশক আৰু কুৰি দশকৰ কেছেট আৰু ভিচিডিৰ বিহু গীতসমূহে । সময়ৰ বুকুত হেৰাই যোৱা কেছেটৰ বহু গীত এতিয়াও বহুজনৰ বুকুৰ আপোন ।

ডিচেম্বৰ মাহ বুলিলেই তাহানি কেছেটৰ বাবে, নতুন বিহু-বিহুসুৰীয়া গীতৰ বাবে অপেক্ষা কৰি থকাৰ স্মৃতি ৰোমন্থন কৰি নৱ-প্ৰজন্মলৈ কণ্ঠশিল্পী মনোজ বৰাৰ আহ্বান, "এটাই অনুৰোধ কৰোঁ নৱপ্ৰজন্মক, আমি সেই দিনসমূহ আকৌ ঘূৰাই আনিব পাৰোঁ নেকি, বিহুগীতৰ গীতসমূহেই হওক, এলবামখিনিয়েই হওক বা গ্ৰিটিংছ কাৰ্ডখিনিয়ে হওক । সকলো একত্ৰিত হ'লে নিশ্চয় পাৰিম বুলি আমাৰ এইটো দৃঢ় বিশ্বাস আছে ।"

লগতে পঢ়ক :মনত পৰেনে জখলাবন্ধালৈ ? সেই যে দোকানে দোকানে বাজি থকা বিহুৰ কেছেটবোৰ... - CASSETTE CULTURE
লগতে পঢ়ক :অসমৰ বহু শিল্পীৰ উত্থানৰ নেপথ্যত এন কে প্ৰডাকচন: NK Production - NK PRODUCTION
Last Updated : 5 hours ago

ABOUT THE AUTHOR

...view details