গুৱাহাটী: অৰুণোদয় ৩.০ আঁচনিৰ ক্ষেত্রত ৰেচন কাৰ্ড থকাসকলৰ বাবে প্ৰয়োজন নহ'ব উপাৰ্জনৰ প্ৰমাণপত্র। এইক্ষেত্রত ৰাজ্য চৰকাৰে জাৰি কৰিছে স্পষ্টীকৰণ । এই আঁচনিৰ অধীনত বিত্তীয় সাহায্য লাভ কৰিবলৈ বৈধ ৰেচন কার্ড থকা ব্যক্তি তথা পৰিয়ালে উপাৰ্জনৰ প্ৰমাণ-পত্র জমা দিয়াৰ প্রয়োজন নাই । আজি অসম চৰকাৰৰ বিত্ত বিভাগে অৰুণোদয় ৩.০ আঁচনিৰ অধীনত উপাৰ্জনৰ প্ৰমাণ-পত্ৰৰ প্ৰয়োজন সম্পর্কে স্পষ্টীকৰণ জাৰি কৰিছে ।
এই স্পষ্টীকৰণ অনুসৰি অৰুণোদয় ৩.০ আঁচনিৰ অধীনত বিত্তীয় সাহায্য লাভ কৰিবলৈ বৈধ ৰেচন কাৰ্ড থকা ব্যক্তি তথা পৰিয়ালে গাঁও প্রধান, মৌজাদাৰ অথবা আন কোনো কৰ্তৃপক্ষৰ পৰা উপাৰ্জনৰ প্ৰমাণ-পত্ৰ আহৰণ কৰি জমা দিয়াৰ প্ৰয়োজন নাই । সেয়েহে আবেদনকাৰীসকলক উপাৰ্জনৰ প্ৰমাণ-পত্ৰ সন্দৰ্ভত যিকোনো বিভ্ৰান্তিকৰ তথ্য অথবা কোনো ব্যক্তি বা গোটৰ কু-অভিপ্ৰায়ৰ ভুক্তভোগী নহ'বৰ বাবে সতৰ্ক হৈ থাকিবলৈ স্পষ্টীকৰণযোগে আহ্বান জনোৱা হৈছে ।
লগতে পঢ়ক:কোনে নাপাব অসম চৰকাৰৰ অভিলাষী অৰুণোদয় আঁচনিৰ ধন : যোগ্যতাৰ চৰ্তসমূহ কি কি
স্পষ্টীকৰণত কোৱা হৈছে যে আয়ৰ প্ৰমাণ-পত্ৰ প্ৰদানৰ ক্ষেত্ৰত জনসাধাৰণক বিপথে পৰিচালিত কৰা লোক বা গোটৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে অভিযোগৰ তদন্ত কৰি দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা আয়ুক্তসকলক নিৰ্দেশ দিয়া হৈছে । অসমৰ আৰ্থিকভাৱে দুৰ্বল পৰিয়ালসমূহক মাহিলি ১,২৫০ টকাকৈ বিত্তীয় সাহায্য প্ৰদান কৰাই হৈছে অৰুণোদয় ৩.০ আঁচনিৰ মূল লক্ষ্য । এই আঁচনিখন ৰূপায়ণৰ ক্ষেত্ৰত স্বচ্ছতা আৰু নিৰপেক্ষতা বৰ্তাই ৰখাৰ বাবে অসম চৰকাৰ বদ্ধপৰিকৰ বুলি স্পষ্টীকৰণত উল্লেখ কৰা হয় ।
অৰুণোদয়ৰ বাবে আৱশ্যক নহয় উপাৰ্জনৰ প্ৰমাণ-পত্ৰ (ETV Bharat Assam) এতিয়াৰে পৰা অৰুণোদয় ৩.০ আঁচনিৰ অধীনত বৈধ ৰেচন কাৰ্ড থকা পৰিয়ালসমূহে আয়ৰ প্ৰমাণ-পত্ৰ জমা নকৰাকৈ মাহিলি ১,২৫০ টকাৰ সাহায্য লাভ কৰিব । বিভ্ৰান্তিকৰ তথ্যৰ পৰা সাৱধান হোৱাৰ লগতে কু-অভিপ্ৰায়ৰ ভুক্তভোগী হ’লে অভিযোগ জনাবলৈ আহ্বান জনাইছে ৰাজ্য চৰকাৰে ।
উল্লেখ্য যে, অসম চৰকাৰৰ অভিলাষী 'অৰুণোদয় আঁচনি'ৰ যোগেদি ৰাজ্যৰ লাখ লাখ লোকে প্ৰতিমাহে ১,২৫০ টকাকৈ লাভ কৰি আহিছে । চৰকাৰে এই আঁচনিখনৰ পৰিসৰ আৰু বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে ।
লগতে পঢ়ক:লক্ষ্য় নির্বাচন: আৰম্ভ হৈছে অৰুণোদয় হিতাধিকাৰীৰ ৰাজনীতি
বিধৱা, দুখীয়া, স্বামী গৃহত নথকা, বিচ্ছেদিত মহিলাই অৰুণোদয় আঁচনি লাভ কৰি আহিছে । বিজেপি নেতৃত্বাধীন চৰকাৰৰ জনপ্ৰিয় এই আঁচনিখনৰ অধীনত সমাজৰ দুৰ্বল শ্ৰেণীৰ পৰিয়ালৰ মহিলাই ঔষধ ক্রয়ৰ বাবত ৪০০ টকাকৈ, মাহজাতীয় শস্য ক্রয় কৰিবলৈ ২০০ টকাকৈ, চেনি কিনিবলৈ ৮০ টকাকৈ, ফল-মূলৰ বাবে ১৫০ টকাকৈ, আন অত্যাৱশ্যকীয় সামগ্রী ক্রয় কৰিবলৈ ২৫০ টকাকৈ মুঠ ১,২৫০ টকা প্ৰতিমাহে ১০ তাৰিখে লাভ কৰি আহিছে ।