জোনাই :ধেমাজিৰ চিলাপথাৰত নৱজাতক ক্ৰয়-বিক্ৰয়ৰ ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে । কিছুদিন পূৰ্বে শিশুৰোগ বিশেষজ্ঞ ডাঃ চন্দ্ৰজিৎ দলেৰ বাসগৃহৰ পৰাই শিশু ক্ৰয়-বিক্ৰয়ৰ এক ঘটনা সংঘটিত হৈছিল । সেই ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই পুনৰ ধেমাজিত অনুৰূপ ঘটনা সংঘটিত হৈছে ।
৫০ হাজাৰত বিক্ৰী নৱজাতক
ধেমাজিত চলিছে নিষ্পাপ নৱজাতকৰ দৰদাম (ETV Bharat Assam) প্ৰাপ্ত খবৰ অনুসৰি গোলাঘাটৰ ৭২১ নং ৰে'লপথৰ ৫ নং ৱাৰ্ডৰ বাসিন্দা ইদুল আলীৰ পত্নী সীমা বেগমে যোৱা ২৫ ছেপ্টেম্বৰত যোৰহাট চিকিৎসা মহাবিদ্যালয়ত এটি কন্যা শিশু জন্ম দিয়ে । জন্মৰ প্ৰায় ২ মাহ পাছতে ২৩ নৱেম্বৰত যোৰহাটৰে হিমাশ্ৰী বৰা নামৰ এগৰাকী মধ্যভোগীৰ সহযোগত চিলাপথাৰৰ কল্যাণ কেন্দ্ৰৰ নিবাসী সুনিতা দেৱীৰ ওচৰত ৫০ হাজাৰ টকাৰ বিনিময়ত পিতৃ-মাতৃয়ে বিক্ৰী কৰিছিল সন্তানটো । কিন্তু কিছুদিনৰ পিছত ২ ডিচেম্বৰত মাতৃ সীমা বেগমে সুনিতা দেৱীৰ পৰা নিজ সন্তানটিক ঘূৰাই বিচাৰে । অৱশ্যে সুনিতা দেৱীয়ে এই সন্দৰ্ভত পিছত আৰক্ষীৰ কাষ চাপে । পৰৱৰ্তী সময়ত বগীবিল দলঙৰ নিচেই কাষতে শিশুটিক সুনিতা দেৱীৰ পৰা ঘূৰাই লোৱা মুহূৰ্ততে আৰক্ষীয়ে সীমা বেগমক হাতে-লোটে আটক কৰে ।
৩ গৰাকী লোকক গ্ৰেপ্তাৰ
শিশুটিক উদ্ধাৰ কৰাৰ লগতে শিশুটিৰ পিতৃ-মাতৃ আৰু সুনিতা দেৱীক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে । আৰক্ষীয়ে তৎকালীনভাৱে ধেমাজি জিলা শিশু কল্যাণ সমিতিক (চি ডব্লিউ চি) বিষয়টো অৱগত কৰে । মঙলবাৰে সন্ধিয়া ধেমাজিৰ শিশু কল্যাণ সমিতিয়ে উভয়পক্ষক মাতি আনি সোধা-পোছা কৰে । তেতিয়াই সমগ্ৰ ঘটনাটো পোহৰলৈ আহে । লগে লগে চিলাপথাৰ থানাত চি ডব্লিউ চিয়ে লিখিত এজাহাৰ দাখিল কৰাৰ ভিত্তিতেই চিলাপথাৰ আৰক্ষীয়ে ভাৰতীয় ন্যায় সংহিতাৰ ৬১ (২)/১৪৩ (৪)/আৰ/ডব্লিউ ৮১ জে জে পি ধাৰাৰ ২৩২/২৪ নম্বৰত এটা গোচৰ পঞ্জীয়ন কৰে । শিশুটিৰ পিতৃ ইদুল আলী, মাতৃ সীমা বেগম আৰু শিশুটি ক্ৰয় কৰা সুনিতা দেৱীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । তেওঁলোকক ইতিমধ্যে ধেমাজি জিলা কাৰাগাৰালৈ প্ৰেৰণ কৰা হৈছে ।
অৱশ্যে সুনিতা দেৱীৰ স্বামী আৰু যোৰহাটৰ হিমাশ্ৰী বৰাক এতিয়াও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পৰা নাই । দুয়ো পলাতক বুলি জানিব পৰা গৈছে । এই সমগ্ৰ ঘটনাটোৱে এতিয়া সচেতন মহলক আচৰিত কৰি তুলিছে । মানুহ কিমান নিষ্ঠুৰ হ'লে এনেদৰে নিজ সন্তানক টকাৰ বিনিময়ত বিক্ৰী কৰিব পাৰে !
লগতে পঢ়ক :কি সময় আহিল ! কাৰাগাৰত মহিলা কাৰাপ্ৰহৰীও সুৰক্ষিত নহয়