অসম

assam

ETV Bharat / state

প্ৰত্যাহ্বানৰ মাজতো এখন গাঁৱৰ প্ৰতিটো পৰিয়ালে প্ৰস্তুত কৰিছে ২০-৫০ হাজাৰকৈ চাকি - NALBARI CLAY LAMPS PREPARED

এখন গাঁৱৰ গঞাই আজিও জীয়াই ৰাখিছে আজোককাৰ বৃত্তি । বজাৰ সেমেকা হ'লেও নামনে হাৰ ।

Diyas lighting in Nalbari
এৰা নাই আজোককাৰ বৃত্তি (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Oct 28, 2024, 6:28 PM IST

নলবাৰী :দীপাৱলীত আধুনিক জাকজমকতাই গ্ৰাস কৰিলেও বংশগত বৃত্তি নেৰে নলবাৰীৰ এখন বিশেষ গাঁৱৰ লোকে । পোহৰৰ উৎসৱ দীপাৱলীলৈ মাজত মাত্ৰ আৰু দুটা দিন বাকী । তেনে সময়ত মূৰ তুলিবলৈ আহৰি নাই এই বিশেষ গাঁওখনৰ এটা চুবুৰীৰ প্ৰতিটো পৰিয়ালৰ লোকসকলৰ । সকলো এতিয়া ব্যস্ত মাটিৰ চাকি প্ৰস্তুত কৰাত ।

হাজাৰ প্ৰত্যাহ্বানৰ মাজতো নলবাৰীৰ বাঁহজানীৰ চৰিয়া গাঁৱৰ হীৰাপাৰাৰ লোকসকলে এৰা নাই আজোককাৰ দিনৰ বৃত্তি । দীপাৱলীৰ নিশা সকলোৰে পদুলি পোহৰাই তোলে তেওঁলোকে । কিন্ত তেওঁলোক এতিয়া উপেক্ষিত ! অইনবাৰৰ দৰে এইবাৰো নলবাৰীৰ চৰিয়া গাঁৱৰ হীৰাপাৰাৰ লোকসকলে ঘৰে ঘৰে প্ৰস্তুত কৰি উলিয়াইছে হাজাৰ হাজাৰ মাটিৰ চাকি । কিন্তু তেওঁলোকৰ বিক্ৰীৰ বজাৰ সেমেকা । কোনো স্থায়ী বজাৰ নোপোৱাৰ ফলত আধা দামতেই বিক্ৰী কৰিবলগীয়া হয় মাটিৰ চাকিসমূহ ।

এৰা নাই আজোককাৰ বৃত্তি (ETV Bharat Assam)

শ্ৰম অনুযায়ী নাপায় চাহিদা

শ্ৰম অনুযায়ী চৰিয়া হীৰাপাৰাৰ মৃৎশিল্পীসকলে শ্ৰম অনুযায়ী সামগ্ৰীৰ চাহিদা নোপোৱাত ক্ষোভ প্ৰকাশ কৰে । দীপাৱলীলৈ মাজত আৰু দুটা দিন বাকী থকাত পূৰ্বতে যি ধৰণে বিক্ৰী হৈছিল বৰ্তমান তেওঁলোকে প্ৰস্তুত কৰা মাটিৰ চাকিৰ বিক্ৰী কৰাৰ লগতে উচিত মূল্য পোৱা নাই বুলি একাংশ মৃৎশিল্পীয়ে ক্ষোভেৰে কয় । তথাপি তেওঁলোকে পূৰ্বপুৰুষৰ বৃত্তিটো এৰিব খোজা নাই ।

উল্লেখযোগ্য যে নলবাৰী জিলাৰ বাঁহজানীৰ চৰিয়া গাঁৱৰ হীৰাপাৰা চুবুৰীৰ লোকসকলৰ জীৱিকাৰ একমাত্ৰ সম্বল হৈছে মাটিৰ সজুলি প্ৰস্তুত কৰা । অৱশ্য়ে তেওঁলোকলৈ নামি অহা প্ৰত্যাহ্বানকো নেওচি চলাই গৈছে আজোককাৰ দিনৰ বৃত্তিটো । চৰকাৰীভাবেও মৃৎশিল্পীসকলৰ ওপৰত কোনো দৃষ্টি নপৰাৰ অভিযোগ কৰে তেওঁলোকে । প্ৰতিকূল বতৰত এখন চালিৰ অভাৱত তেওঁলোকে প্ৰস্তুত কৰা মাটিৰ চাকিকে আদি কৰি অন্যান্য সজুলিসমূহো য'তে-ত'তে দমাই থবলগীয়া হৈছে । যাৰ বাবে তেওঁলোকে বিচাৰিছে চৰকাৰ তথা স্থানীয় বিধায়কগৰাকীৰ সহায়ৰ হাত ।

নিজৰ বৃত্তিটো কোনেকৈ জীয়াই ৰাখিব তাক লৈও চিন্তা

উৎসৱৰ সময়ছোৱাত থলুৱা শিল্পীসকলৰ এনে দূৰ্দশাই আগন্তক সময়ত কি ধৰণে নিজৰ বৃত্তিটো জীয়াই ৰাখিব তাক লৈও হৈছে প্ৰতিজন লোকৰ চিন্তা । উল্লেখ্য় যে তেওঁলোকে মাটিৰ চাকি অথবা অন্যান্য সজুলি প্ৰস্তুতৰ বাবে মাটি ক্ৰয় কৰি আনিব লাগে আমিনগাঁৱৰ ওচৰৰ আজ্ঞাঠুৰিৰ পৰা । মাটি ক্ৰয় কৰি আনি বালিৰে মিহলাই চাকত ঘুৰাই প্ৰস্তুত কৰে সজুলিসমূহ ।

উচিত মূল্য় নিদিয়ে গ্ৰাহকে

উল্লেখ্য় যে এইবাৰ দীপাৱলীৰ বাবে চৰিয়া গাঁৱৰ হীৰাপাৰাৰ একোঘৰ লোকেই প্ৰস্তুত কৰি উলিয়াইছে ২০ ৰ পৰা ৫০ হাজাৰকৈ চাকি । কিছু কিছু পৰিয়ালে বিক্ৰীৰ অৰ্ডাৰ পাইছে যদিও শেষত দৰ দাম নিমিলাত গ্ৰাহকে ক্ৰয় নকৰাৰ অভিযোগ উত্থাপিত হয় । এটা মাটিৰ চাকিত এটকাও নিদিয়ে গ্ৰাহকে ! যাৰ বাবে এশটা চাকি ৬০-৭০ টকাতেই বিক্ৰী কৰিবলগীয়া হৈছে নলবাৰীৰ এইসকল মৃৎশিল্পীয়ে ।

লগতে পঢ়ক:চৰকাৰী সা-সুবিধা অবিহনে মৃৎশিল্পৰ পৰম্পৰা ৰক্ষা কৰা এখন বিশেষ গাঁও

মৃৎশিল্পকে কৰ্ম হিচাপে লোৱা এখন বিশেষ গাঁও

ABOUT THE AUTHOR

...view details