অসম

assam

ETV Bharat / state

সংসদৰ অধিৱেশনৰ মাজতে আহি মাজুলীৰ বানাক্ৰান্তৰ বুজ ল’লে গৌৰৱ গগৈয়ে - MP Gaurav Gogoi in majuli

Majuli Flood Situation: বান পৰিস্থিতিৰ বুজ ল’বলৈ বৃহস্পতিবাৰে মাজুলীত উপস্থিত হয় সাংসদ গৌৰৱ গগৈ । সাংসদগৰাকীয়ে মাজুলীৰ বিভিন্ন বান ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰি চৰকাৰৰ ভূমিকাক কঠোৰ ভাষাৰে সমালোচনা কৰে ৷ ঢকুৱাখনাৰ ৰহস্যজনক হত্যাকাণ্ড সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰে সাংসদগৰাকীয়ে ৷

By ETV Bharat Assamese Team

Published : Jul 5, 2024, 12:21 PM IST

Updated : Jul 5, 2024, 1:59 PM IST

Majuli Flood Situation
বান পৰিস্থিতিৰ বুজ ল’বলৈ মাজুলীত সাংসদ গৌৰৱ গগৈ (ETV Bharat Assam)

মাজুলী, 5 জুলাই:ৰাজ্যত অপৰিৱৰ্তিত বান পৰিস্থিতি ৷ মাজুলীৰ শেহতীয়া বান পৰিস্থিতিৰ বুজ ল’বলৈ বৃহস্পতিবাৰৰ সন্ধিয়া মাজুলীত উপস্থিত হয় সাংসদ গৌৰৱ গগৈ । মাজুলীত উপস্থিত হৈ সাংসদগৰাকীয়ে মাজুলীৰ বিভিন্ন দল-সংগঠন, বিশিষ্ট নাগৰিকসকলৰ লগত মাজুলীৰ বিভিন্ন সমস্যাৰাজিৰ ওপৰত এক আলোচনাত মিলিত হয় ।

বান পৰিস্থিতিৰ বুজ ল’বলৈ মাজুলীত সাংসদ গৌৰৱ গগৈ (ETV Bharat Assam)

এই আলোচনাত মাজুলীৰ সমস্যাসমূহ কিদৰে সমাধান কৰিব পাৰি, সেই সন্দৰ্ভতো আলোচনা কৰা হয় । এই আলোচনাত মাজুলীৰ বিভিন্ন সমস্যাৰাজিৰ লগতে বৃহৎ নদীবান্ধৰ বিষয়টোৱেও স্থান পায় ।

সাংসদগৰাকীয়ে কয়, "ৰজাৰ দৰে শাসন কৰি অকলে কোনেও সমস্যা সমাধান কৰিব নোৱাৰে সেইবাবে ৰাইজৰ লগত আলোচনা কৰি মাজুলীৰ দল-সংগঠনৰ লগত আলোচনা কৰি ছাত্র-ছাত্ৰীসকলৰ লগত আলোচনা কৰিহে সমস্যাসমূহ সমাধানৰ বাবে আগবাঢ়িম, যাতে মাজুলীখন আৰু আগবাঢ়ি যায়" ৷

মাজুলীৰ বানাক্ৰান্তৰ বুজ ল’লে গৌৰৱ গগৈয়ে (ETV Bharat Assam)

মাজুলীৰ আউনিআটী সত্ৰৰ সমীপৰ এই বছৰ বানে ছিগা অংশ পৰিদৰ্শন কৰাৰ লগতে মাজুলীৰ আন আন বান ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰি সাংসদগৰাকীয়ে মথাউৰি নিৰ্মাণত হেমাহি, দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰক ঠিকা প্ৰদান বন্ধ আৰু ব্লেক লিষ্টেড কৰিব লাগে বুলি দাবী জনায় সাংসদ গৌৰৱ গগৈয়ে ।

বানৰ লগতে ঢকুৱাখনাৰ ৰহস্যজনক যি হত্যাকাণ্ড সংঘটিত হৈছিল, সেই সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰে সাংসদগৰাকীয়ে ৷ তেওঁ কয়, "হত্যাকাণ্ডৰ ৰহস্য ফাদিল কৰাত গৃহ বিভাগ সম্পূৰ্ণৰূপে বিফল হৈছে । অকল এইটো কথাতেই নহয় গৃহ বিভাগ বিভিন্ন ক্ষেত্ৰত বিফল হৈছে ৷ যাৰ বাবে হত্যা, হিংসা আজিৰ তাৰিখত বেছি হৈছে" ৷

উল্লেখ্য যে, যোৰহাট লোকসভা সমষ্টিৰ বান পৰিস্থিতিৰ বুজ ল'বলৈ ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰত বৃহস্পতিবাৰৰ বিয়লি উপস্থিত হৈছিল সাংসদ গৌৰৱ গগৈয়ে । ডিব্ৰুগড় বিমানবন্দৰৰ পৰা পোনে পোনে মাজুলীলৈ ৰাওনা হৈছিল সাংসদ গগৈ ।

বান পৰিস্থিতিৰ বুজ ল’বলৈ মাজুলীত সাংসদ গৌৰৱ গগৈ (ETV Bharat Assam)

শুকুৰবাৰে সাংসদ গৌৰৱ গগৈয়ে আউনিআটী সত্ৰৰ সমীপৰ যুগুনধাৰী আৰু বোকোৰাগাঁৱৰ মাজৰ মথাউৰিৰ বিধ্বস্ত হোৱা অংশ পৰিদৰ্শন কৰে । এই ঠাইত উপস্থিত হৈ ৰাইজৰ লগত মত বিনিময় কৰি গোটেই ঘটনাটোৰ বুজ লয় সাংসদ গৰাকীয়ে ।

এই সময়ছোৱাত মুখ্যমন্ত্ৰীগৰাকীক চোকা সমালোচনা কৰি সাংসদগৰাকীয়ে কয়, "যোৱা সময়ছোৱাত যোৰহাটৰ ৰাইজে তেওঁলোকক যি শিক্ষা দিব লাগে সেই শিক্ষা দিলে ৷ ৰাইজে শিক্ষা দি আছে কোনোবাই সেই শিক্ষা ল’ব বিচৰা নাই তাত আমি একো ক’ব নোৱাৰো ।"

লগতে পঢ়ক:অপৰিৱৰ্তিত কাজিৰঙাৰ বান পৰিস্থিতি, কেবাটাও বন্যপ্ৰাণী উদ্ধাৰ - Assam Flood 2024

বানাক্ৰান্তৰ কাষত মুখ্যমন্ত্ৰী-মন্ত্ৰী-কেন্দ্ৰীয় মন্ত্ৰী : সকলো দিশত চকু ৰখাৰ ইংগিত - Assam Flood 2024

বোকাখাতত নাও ডুবি দুজন যুৱকৰ মৃত্যু : তিনিজনৰ কথমপি প্ৰাণৰক্ষা - Assam Flood 2024

গৌৰৱ গগৈৰ সন্দৰ্ভত ৰূপজ্যোতি কুৰ্মীয়ে কৰা মন্তব্য ভুল: পবিত্ৰ মাৰ্ঘেৰিটা - PABITRA MARGHERITA VISITS GUWAHATI

দেশৰ নিৰ্বাচনত ই ভি এমত কিমান ত্ৰুটি পোৱা গ’ল ? নিৰ্বাচন আয়োগক তথ্য বিচাৰিছে গৌৰৱ গগৈয়ে - MP Gaurav Gogoi on EVM Errors

Last Updated : Jul 5, 2024, 1:59 PM IST

ABOUT THE AUTHOR

...view details