বৰপেটা, 30 জুন :পঞ্চায়ত নিৰ্বাচনক বাবে অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দলে ইতিমধ্যে আৰম্ভ কৰিছে কুচ-কাৱাজ ৷ দলটোৰ ৰাজনৈতিক ভেটি মজবুত কৰিবলৈ নৱগঠিত পাকাবেতবাৰী সমষ্টিৰ বিভিন্ন অঞ্চলত আৰম্ভ কৰিছে সাংগঠনিক কাৰ্যকলাপ ৷
দেওবাৰে পাকাবেতবাৰী সমষ্টিৰ দক্ষিণ পাকা গাঁও পঞ্চায়তৰ হেলচাস্থিত নিউ মডেল একাডেমীত ৰাইজৰ দলৰ এখন বিশেষ সাংগঠনিক সভা অনুষ্ঠিত হৈ যায় ৷ স্থানীয় মুৰব্বী আবুল কাশেমৰ সভাপতিত্বত অনুষ্ঠিত সাংগঠনিক সভাত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ জিলা সভাপতি কাজী নাজিমুল হক উপস্থিত থাকে ৷ প্ৰায় দুই শতাধিক লোক উপস্থিত থকা সভাখনত ৰাইজৰ দলৰ কেন্দ্ৰীয় সম্পাদক মনিৰুজ জামানে দলৰ আদৰ্শ, উদ্দেশ্য-লক্ষ্য সম্পৰ্কে ভাষণ প্ৰদান কৰে ৷ ৰাজ্যৰ শাসকীয় বিজেপি দলে সংখ্যালঘু বিৰোধী কাৰ্যকলাপ চলাই আছে বুলি অভিযোগ কৰাৰ লগতে সংখ্যালঘুৱে আপোন বুলি ভবা একাংশ ৰাজনৈতিক দলে স্বাধীনতাৰ পিচৰ পৰাই এই লোকসকলক কেৱল ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছে বুলি মনিৰুজ জামানে অভিযোগ উত্থাপন কৰে ৷