মৰাণ, 20 মে’ : পৰিবহন বিভাগে পথ দুৰ্ঘটনা ৰোধ কৰাৰ বাবে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে যদিও একাংশ উদণ্ড চালকৰ বাবে প্ৰতিদিনে সংঘটিত হৈছে পথ দুৰ্ঘটনা । ইয়াৰ মাজতে ডিব্ৰুগড় জিলাৰ ৰহমৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত মোকালবাৰীত 15 মে’ৰ দিনা সংঘটিত হয় শোকাৱহ পথ দুৰ্ঘটনা ৷ 15 বছৰীয়া কিশোৰী ৰাধা পাটনায়কে নাদুৱা মোকালবাৰী সংযোগী পথত সন্ধিয়া 6 মান বজাত খোজকাঢ়ি গৈ থকা অৱস্থাত এখন বাইকে খুন্দিওৱাৰ ফলত থিতাতে প্ৰাণ হেৰুৱায় ।
এই ঘটনাৰ উচিত তদন্ত কৰাৰ দাবীত ধাৰাবাহিক প্ৰতিবাদ সাব্যস্ত কৰি আহিছে বাগিচাখনৰ চাহ শ্ৰমিক ৰাইজে । ধাৰাবাহিক প্ৰতিবাদৰ অন্তত দেওবাৰে লাহোৱালৰ মোকালবাৰী চাহ বাগিচাত মৃত কিশোৰীগৰাকীৰ গৃহত উপস্থিত হয় বিধায়ক বিনোদ হাজৰিকা ।
বিধায়কগৰাকীয়ে মোকালবাৰী চাহ বাগিচাত অৱস্থিত মৃত কিশোৰীগৰাকীৰ গৃহত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে দোষীয়ে যাতে উচিত শাস্তি পাই তাৰ ব্যৱস্থা কৰিবলৈ আৰক্ষী প্ৰশাসনক ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশ প্ৰদান কৰিছে । লগতে কিশোৰী গৰাকীৰ পৰিয়ালক ৰাজ্য চৰকাৰৰ তৰফৰ পৰা দুই লাখ ধন প্ৰদানৰ আশ্বাস প্ৰদান কৰিছে বিধায়ক হাজৰিকাই ।