অসম

assam

By ETV Bharat Assamese Team

Published : 4 hours ago

ETV Bharat / state

মূলসুঁতিলৈ উভতিব আন এক সশস্ত্ৰ সংগঠন ! শনিবাৰে জোনাইত মিচিং বানে কেবাঙৰ সৈতে আলোচনা LDCML-ৰ - LDCML Militant to Cease Fire

LDCML cease-fire : মূলসুঁতিলৈ উভতি অহাৰ সম্ভাৱনা ৰাজ্যৰ আন এক সশস্ত্ৰ সংগঠন ৷ মিচিং ৰাজ্য গঠনৰ দাবীৰে গঠন হোৱা সশস্ত্র সংগঠন LDCML-ৰ এই বিষয়ত অহা ২৮ ছেপ্টেম্বৰত জোনাইত মিচিং বানে কেবাঙৰ সৈতে আলোচনা ।

LDCML Cease-fire
শনিবাৰে জোনাইত মিচিং বানে কেবাঙৰ সৈতে আলোচনা LDCML-ৰ (ETV Bharat Assam)

জোনাই, ২৭ ছেপ্টেম্বৰ :পুনৰ ৰাজ্যৰ আন এক সশস্ত্ৰ সংগঠনে মূলসুঁতিলৈ উভতি অহাৰ বাবে চলাইছে যো-জা ৷ Liberal Democratic Council of Mising Land চমুকৈ LDCML নামৰ সশস্ত্ৰ সংগঠনৰ কেডাৰসকলে ইয়াৰ বাবে জোনাইত ইতিমধ্যে এক অস্থায়ী শিবিৰ স্থাপন কৰি বাহৰ পাতি আছে ৷

LDCML-ৰ কেন্দ্রীয় সাধাৰণ সম্পাদক দঃমৃৰ পাতিৰ ওৰফে জয়ন্ত পাতিৰৰ নেতৃত্বত প্ৰায় ৭০ জনীয়া কেডাৰৰ দলে জোনাই জোনকাৰেঙত এক অস্থায়ী শিবিৰ পাতি সামৰিক কুচকাৱাজ অব্যাহত ৰাখিছে ৷

শনিবাৰে জোনাইত মিচিং বানে কেবাঙৰ সৈতে আলোচনা LDCML-ৰ (ETV Bharat Assam)

উল্লেখ্য যে পৃথক মিচিং ৰাজ্য গঠনৰ দাবীৰে গহপুৰত ২০০৯ চনত গঠন হোৱা মিচিং জনগোষ্ঠীৰ সশস্ত্র সংগঠন LDCML-এ ইতিমধ্যে ২০১৫ চনৰ পৰা চৰকাৰৰ সৈতে আলোচনাত আছে বুলি জানিবলৈ দিয়ে LDCML-ৰ কেন্দ্রীয় সাধাৰণ সম্পাদক দঃমৃৰ পাতিৰ ওৰফে জয়ন্ত পাতিৰে । পৃথক মিচিংলেণ্ডৰ দাবীৰে গঠন হোৱা সশস্ত্র সংগঠন LDCML-এ ২৮ ছেপ্টেম্বৰৰ দিনা জোনাই অনুষ্ঠিত হ'বলগা মিচিং বানে কেবাঙৰ সৈতে আলোচনাৰ মাধ্যমৰে মূলসুঁতিলৈ উভতি অহাৰ কথা জানিবলৈ দিয়ে সংগঠনটোৰ সাধাৰণ সম্পাদকগৰাকীয়ে ।

বৰ্তমান প্ৰায় তিনি হাজাৰৰো অধিক কেডাৰ থকা সশস্ত্ৰ LDCML সংগঠনে উক্ত সভাত ভৱিষ্যৎ পৰিকল্পনাৰ বিষয়ে সিদ্ধান্ত লোৱাৰ কথাও তেওঁ সদৰী কৰে । তদুপৰি, আলোচনা বিফল হ'লে প্ৰয়োজন সাপেক্ষে পুনৰ বন্দুক তুলি লোৱাৰো হুংকাৰ প্ৰদান কৰে LDCML-ৰ কেন্দ্রীয় সাধাৰণ সম্পাদক দঃমৃৰ পাতিৰ ওৰফে জয়ন্ত পাতিৰে ।

এই সন্দৰ্ভত তেওঁ কয়, "আমি মিচিঙৰ বাবে এটা সুকীয়া পৰিচয় বিচাৰিছিলো । আমাৰ ভূমি বিচাৰিছিলো । সেইটোৱে হ'ল LDCML-ৰ মূল লক্ষ্য আৰু উদ্দেশ্য । আমাক মিচিমলেণ্ডৰ খুব প্ৰয়োজন, আজিৰ তাৰিখতো প্ৰয়োজন আৰু ভৱিষ্যতেও হৈ থাকিব । ২০১৫ চনত অসম চৰকাৰৰ লগত আমাৰ আলোচনা হৈছিল । দিল্লীত আলোচনা হৈছিল । তেতিয়াৰ পৰা এতিয়ালৈকে আমি আলোচনা কৰি কৰি এতিয়া অন্তিম পৰ্যায় পাইছো । আমাৰ ডিমাণ্ডটো কিন্তু অন্তিম নহয় । এইটো স্পষ্ট কৰি থোৱাটো ভাল যে আমাৰ ডিমাণ্ডটো সদায় থাকিব । মিচিংলেণ্ড ডিমাণ্ডটো ভৱিষ্যতেও থাকিব । আমি এতিয়া আমাৰ পিতৃ সংগঠনৰ সৈতে আলোচনামৰ্মেহে চৰকাৰৰ লগত আলোচনা কৰিব ওলাইছো । আমি কি কাম কৰিলে আমাৰ অধিকাৰসমূহ পাব পাৰো সেই সংক্ৰান্ততহে আলোচনা কৰিব ওলাইছো ।"

লগতে পঢ়ক :বেংগালুৰুত আটক সন্দেহজনক আলফা(স্বা)ৰ সদস্য : ১৫ আগষ্টত বোমা সংস্থাপনৰ লগত জড়িত থকাৰ সন্দেহ - ULFA I bomb plant
লগতে পঢ়ক :কিতাপ নহয়, এতিয়া ছাত্ৰৰ বেগত থাকে অস্ত্ৰ - Crime in School

ABOUT THE AUTHOR

...view details