গুৱাহাটী, ২৪ জুন: ৰাজ্যৰ আভ্যন্তৰীণ জলপৰিবহণ ব্যৱস্থাৰে জড়িত গুৰুত্বপূৰ্ণ দিশসমূহ আজি পৰ্যালোচনা কৰে পৰিবহণ মন্ত্ৰী কেশৱ মহন্তই । দিছপুৰৰ জনতা ভৱনত সোমবাৰে বিভাগীয় মন্ত্ৰীগৰাকীয়ে পৰিবহণ বিভাগৰ অন্তৰ্গত আভ্যন্তৰীণ জল পৰিবহণ সঞ্চালকালয়ৰ জ্যেষ্ঠ বিষয়াসকলৰ লগত এখন বৈঠকত মিলিত হৈ সঞ্চালকালয়টোৰ কাম-কাজৰ সবিশেষ খতিয়ান লয় ।
এই বৈঠকত সুৰক্ষিত তথা অত্যাধুনিক সা-সুবিধাযুক্ত ফেৰী সেৱা ব্যৱস্থা সুনিশ্চিতকৰণেৰে ৰাজ্যখনত আভ্যন্তৰীণ জল পৰিবহণ সেৱাৰ মান উন্নীতকৰণৰ বাবে ৰূপায়ন কৰা বিশ্ববেংকৰ 'অসম আভ্যন্তৰীণ জল পৰিবহণ প্ৰকল্প'ৰ সবিশেষ পৰিবহণ বিভাগৰ অতিৰিক্ত সচিব তথা আভ্যন্তৰীণ জল পৰিবহণ উন্নয়ন সমিতিৰ প্ৰকল্প সঞ্চালক গৌৰৱ উপাধ্যায় আৰু আভ্যন্তৰীণ জল পৰিবহণ সঞ্চালক হানিফ নুৰানীৰ পৰা বিতং বুজ লয় মন্ত্ৰী মহন্তই ।
লগতে পঢ়ক:পৰিবহণ-আবকাৰী মহন্তক গতাই স্বাস্থ্যৰ দায়িত্ব নিজেই ল'লে মুখ্যমন্ত্ৰীয়ে - Changes is Assam Government
বৈঠকত বিভাগীয় মন্ত্ৰীগৰাকীয়ে ৭৭০ কোটি টকা ব্যয় সাপেক্ষে ৰূপায়িত এই গুৰুত্বপূৰ্ণ প্ৰকল্পৰ অগ্ৰগতিও পৰ্যালোচনা কৰে । অসমত জলপৰিবহণ খণ্ডক অধিক সুৰক্ষিত, সুচল আৰু গতিশীল কৰাৰ বাবে লোৱা ব্যৱস্থাৱলীৰ বুজ লয় ৷ মন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ জলপৰিবহন সেৱা ব্যৱস্থাটো উন্নতি সাধনৰ এই প্ৰয়াসত যাত্ৰীৰ সুৰক্ষা, পৰিৱেশ সুৰক্ষা, বহনক্ষম অৰ্থনৈতিক ব্যৱস্থাপনা আৰু যাত্ৰীভাৰা নিৰূপণৰ প্ৰতিটোৰে ক্ষেত্ৰতে উপযুক্ত নিয়ামক ব্যৱস্থাপনা সংযোজনৰো পোষকতা কৰে । ব্ৰহ্মপুত্ৰ আৰু বৰাককে ধৰি ৰাজ্যখনৰ প্ৰধান নদীসমূহত জলপৰিবহণ সেৱাৰে জড়িত হৈ থকা দেশীয় ইঞ্জিনচালিত নাৱক সুৰক্ষিত 'মেৰাইন ইঞ্জিন' সংযোজন আৰু লাইফজেকেট আদিৰে সুসজ্জিত ফেৰীলৈ উন্নীতকৰণৰ বাবে বিশ্ববেংকৰ প্ৰকল্পটোৰ অধীনত ৰূপায়ন কৰি থকা 'জীৱন-ডিঙা' আঁচনিখনৰ অগ্ৰগতিৰো বুজ লয় বিভাগীয় মন্ত্ৰীগৰাকীয়ে ।