অসম

assam

ETV Bharat / state

বান বিধ্বস্ত ধেমাজিত নাৱেৰে গৈ আশ্ৰয় শিবিৰত বানাক্ৰান্তৰ স্বাস্থ্য পৰীক্ষা চিকিৎসক-নাৰ্ছৰ - Assam Flood 2024

Flood in Dhemaji: বানৰ সমান্তৰালভাৱে বিভিন্ন ৰোগৰো প্ৰকোপ বৃদ্ধি পাইছে বান বিধ্বস্ত অঞ্চলত । বান শিবিৰত বন্য়াৰ্তই বিভিন্ন ৰোগত আক্ৰান্ত হৈছে যদিও যাতায়ত কৰিবলৈ পথ নোহোৱাত লাভ কৰা নাই উপযুক্ত চিকিৎসা সেৱা । ইয়াৰ মাজতেই ধেমাজি জিলাত চিকিৎসক-নাৰ্ছে প্ৰত্য়াহ্বান নেওচি আগবাঢ়িছে বন্য়াৰ্তক সহায় কৰিবলৈ ।

By ETV Bharat Assamese Team

Published : Jul 10, 2024, 11:22 AM IST

Flood in Dhemaji
প্ৰত্য়াহ্বান নেওচি বন্য়াৰ্তক সহায় (ETV BHARAT ASSAM)

ধেমাজি, ১০ জুলাই:ৰাজ্যত অব্যাহত বানৰ বিভীষিকা ৷ ঠায়ে ঠায়ে পানী কমিবলৈ আৰম্ভ কৰিছে যদিও অৰুণাচলৰ পাহাৰত এজাক বৰষুণ দিলেই নদীৰ পানী বৃদ্ধি পোৱাৰ ফলস্বৰূপে পুনৰ জলমগ্ন হৈ পৰে ধেমাজি ৷ ইপিনে, বানৰ সমান্তৰালভাৱে বিভিন্ন ঠাইত দেখা দিছে বানৰ বাবে হোৱা ৰোগ ৷ সেয়ে বানৰ সময়ত আৰু বানপানী শুকোৱাৰ পাচত বানাক্ৰান্ত অঞ্চলত বৃদ্ধি পোৱা বিভিন্ন বেমাৰক লৈ তৎপৰতা অৱলম্বন কৰিছে ধেমাজি স্বাস্থ্য বিভাগে ৷

প্ৰত্য়াহ্বান নেওচি বন্য়াৰ্তক সহায় (ETV BHARAT ASSAM)

উল্লেখ যে ধেমাজি জিলাৰ চাৰিটা ৰাজহ চক্ৰৰ ভিতৰত সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে জোনাই ৰাজহ চক্ৰ ৷ জোনাইত স্থাপন কৰা আশ্ৰয় শিবিৰত বানাক্ৰান্তক স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে প্ৰয়োজনীয় ঔষধ বিতৰণ কৰিছে স্বাস্থ্য বিভাগে । নিতৌ চিকিৎসকৰ লগতে নাৰ্ছ আৰু স্বাস্থ্যকৰ্মীয়ে ৰাইজৰ স্বাস্থ্য পৰীক্ষা কৰা লগতে ঔষধ বিতৰণ কৰিছে ৷

লগতে পঢ়ক:মাজুলীত বান : ঘৰ-ভেঁটি হেৰুওৱা তিনিটা পৰিয়াললৈ আংশিক সহায়ৰ হাত সত্ৰাধিকাৰ জনাৰ্দ্দন দেৱগোস্বামীৰ - Assam Flood 2024

এই সন্দৰ্ভত ধেমাজি জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ কুলেন বৰগোহাঁইয়ে সদৰী কৰে যে চলিত মাহৰ ৫ জুলাইলেকে ৫৮ টা চিকিৎসা শিবিৰ অনুষ্ঠিত কৰা হৈছে ৷ এই শিবিৰত স্বাস্থ্য পৰীক্ষা কৰিছে 3540 জন বানাক্ৰান্তৰ ৷ স্বাস্থ্য শিবিৰত আঠজনৰ ডায়েৰীয়া হোৱা বুলি চিনাক্ত কৰিছে । অন্যান্য ৰোগত 237 জন লোক আক্ৰান্ত হোৱা বুলিও উল্লেখ কৰে জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ কুলেন বৰগোহাঁইয়ে ৷

জিলা যুটীয়া স্বাস্থ্য সঞ্চালকগৰাকীয়ে পুনৰ কয় যে ৫ টা স্বাস্থ্যখণ্ডত ইতিমধ্যে ত্ৰিশ হাজাৰ ক্ল'ৰিণ টেবলেট বিতৰণ কৰা হৈছে ৷ বানপানী আৰু বেমাৰৰ সৈতে মোকাবিলা কৰিবলৈ প্ৰয়োজনীয় ঔষধ, চিকিৎসক, নাৰ্ছ, স্বাস্থ্যকৰ্মী তথা স্বাস্থ্য বিভাগ সম্পূৰ্ণ সষ্টম হৈ থকা বুলি মন্তব্য কৰে জিলা যুটীয়া স্বাস্থ্য সঞ্চালকগৰাকীয়ে ।

লগতে পঢ়ক:নিজেই বানাক্ৰান্ত হৈয়ো সহায়ৰ হাত আগবঢ়াইছে জখলাবন্ধা আৰক্ষীয়ে - Assam Flood 2024

বানপীড়িতক মৰাণহাট প্ৰেছ ক্লাৱৰ সাহাৰ্য - Assam Flood 2024

ABOUT THE AUTHOR

...view details