যোৰহাট,১২ ছেপ্টেম্বৰ:হঠাৎ হুৱাদুৱা লাগিল যোৰহাট চিকিৎসা মহাবিদ্যালয় চৌহদত । দৌৰাদৌৰি লাগিল চিকিৎসা মহাবিদ্যালয়ৰ কৰ্মচাৰী, ৰোগীৰ অভিভাৱক তথা উপস্থিত ৰাইজৰ মাজত । যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চৌহদত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা । চিকিৎসা মহাবিদ্যালয়খনৰ চৌহদত থকা পেলনীয়া জাৱৰ জমা কৰা এটা বৃহৎ গুদামত হঠাৎ জুইৰ সূত্ৰপাত ঘটি জুইৰ লেলিহান শিখাই আৱৰি ধৰে জাৱৰ জমা কৰা গুদামঘৰটো । ক্ষণিকৰ ভিতৰতে জুই বিভিন্ন স্থানলৈ বিয়পি পৰে । লগে লগে হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হয় চিকিৎসা মহাবিদ্যালয়খনৰ চৌহদত ।
অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়াত ঘটনাস্থলীত উপস্থিত হয় অগ্নি নিৰ্বাপক বাহিনীৰ লোক উপস্থিত হয় । কেইবাখনো অগ্নি নিৰ্বাপক বাহিনীৰ বাহন আৰু যোৰহাট চিকিৎসা মহাবিদ্যালয়ত থকা বিশেষ প্ৰণালীবদ্ধ পানীৰ যন্ত্ৰৰ সহায়ত জুই নিয়ন্ত্ৰণৰ কৰিবলৈ সক্ষম হয় । আনহাতে মেডিকেল চৌহদত জুই সূত্ৰপাত হোৱা লগে লগে চিকিৎসা মহাবিদ্যালয়খনত চিকিৎসাধীন হৈ থকা ৰোগী আৰু আত্মীয় মাজত একপ্ৰকাৰ হাহাকাৰময় পৰিৱেশ সৃষ্টি হয় । একাশ লোকে প্ৰাণৰ ভয়ত চিকিৎসালয় চৌহদৰ পৰা বাহিৰলৈ ওলাই আহে ।