মৰাণ, ২৩ মাৰ্চ :প্ৰকৃতিয়ে বৰণ সলাই ন ৰূপ লৈ অসমীয়াৰ চেনেহৰ ব'হাগ আকৌ আহি পাবৰ হ'ল । গছ বিৰিখে কোমল কুঁহিপাত মেলি জাননী দিছে ব'হাগৰ বতৰা । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কপৌ-কেতেকীৰ দৰে ব'হাগৰ বতৰা লৈ বসন্তৰ সুবাস বিলাইছে ক্ৰমাৎ হেৰাই যাবলৈ ধৰা মাধৈ-মালতী ফুলে ।
ব'হাগৰ বতৰত ভিন ভিন জাতৰ কপৌ ফুলে বৰদৈচিলা হৈ উৰিব খোজা নাচনীৰ নেঘেৰী খোপা শুৱনি কৰিলেও বসন্তৰ সৈতে অতীজৰে পৰাই নিবিড় সম্পৰ্ক আছে মাধৈ-মালতী ফুলৰ । কিন্তু বৰ্তমানৰ যান্ত্ৰিকতাৰ যুগত যেন ক্ৰমান্বয়ে দুৰ্লভ হৈ পৰিছে বসন্তৰ সুবাস বিলাই ফুৰা মাধৈ-মালতী ফুল ।
তেনে সময়ত দেখা পোৱা গ'ল ডিব্ৰুগড় জিলাৰ মৰাণ দিখাৰী নেপালী গাঁৱত সংৰক্ষণ কৰা হেৰাই যাবলৈ ধৰা মাধৈ-মালতী ফুল । তাহানি দিনৰ পৰাই বিহুনামত স্থান লাভ কৰা মাধৈ-মালতী ফুল চ'ত মাহৰ আৰম্ভণিৰ পৰাই ফুলিবলৈ আৰম্ভ কৰে । এইবিধ ফুলে ব'হাগৰ শেষৰ লৈকে ফুলি সুবাস বিলাই ।
মৰাণৰ দিখাৰী নেপালী গাঁৱত সন্ধিৰাম চাংমাই পৰিয়ালে দুজোপা গছ সংৰক্ষণ কৰি ৰাখিছে । কেৱল দুজোপা ফুলি থকা মাধৈ-মালতী ফুলে সমগ্ৰ গাঁওখনতেই মিঠা সুবাস বিলাইছে । ডিব্ৰুগড় জিলাৰ মৰাণ দিখাৰী নেপালী গাঁৱত সংৰক্ষণ কৰা হেৰাই যাবলৈ ধৰা মাধৈ-মালতী ফুল চাবলৈ এতিয়া বহু দূৰ দূৰিৰ পৰা অহা লোকে ভিৰ কৰে ।