গুৱাহাটী, 10 এপ্রিল: ৰাজ্যজুৰি এতিয়া লোকসভা নিৰ্বাচনৰ গৰম বতাহ । সমষ্টিয়ে সমষ্টিয়ে ৰাজনৈতিক দল আৰু প্ৰাৰ্থীসকলৰ ব্যস্ততাৰ অন্ত নোহোৱা হৈছে । বিশেষকৈ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তুংগত উঠিছে । পাঁচটা সমষ্টিত 19 এপ্ৰিলত অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ নিৰ্বাচন ।
ইফালে, নিৰ্বাচনী প্ৰচাৰৰ এই সময়চোৱাত নির্বাচন আয়োগৰ ফ্লাইং স্কোৱাডে ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা প্ৰায় 102 কোটি টকা নগদ ধন, সুৰা আৰু ড্ৰাগছ জব্দ কৰিছে । ৰাজ্যৰ মুখ্য নির্বাচন বিষয়াৰ কাৰ্যালয়ৰ এটা সূত্ৰই জনোৱা মতে নির্বাচনী আচৰণ বিধি বলৱৎ হোৱাৰ পাছতে প্ৰতিটো লোকসভা সমষ্টি এলেকাত কমেও তিনিটা ফ্লায়িং স্কোৱাড গঠন কৰা হৈছে । ফ্লায়িং স্কোৱাডত এজন কাৰ্যবাহী দণ্ডাধীশ, এজন জ্যেষ্ঠ আৰক্ষী বিষয়া, 3-4 জন সশস্ত্ৰ আৰক্ষী আৰু এজন ভিডিঅ'গ্ৰাফাৰ ৰখাৰ ব্যৱস্থা কৰা হৈছে ।
তদুপৰি, আয়োগৰ পোনপটীয়া নিৰীক্ষণত বিভিন্ন স্থানত স্থায়ী নিৰীক্ষণ গোটৰো ব্যৱস্থা কৰা হৈছে আৰু সেইবোৰে নিৰৱচ্ছিন্নভাৱে তালাচী চলাই আছে । সূত্রটোৱে জনোৱা মতে এই সময়ছোৱাত প্ৰায় 11 কোটি টকা নগদ ধন জব্দ কৰা হৈছে । আনহাতে, প্রায় 91 কোটি টকাৰ সুৰা আৰু ড্ৰাগছ জব্দ কৰা হৈছে ।
উল্লেখ্য যে, নিৰ্বাচনৰ সময়ত নগদ ধন লৈ যোৱাৰ ক্ষেত্ৰত তালাচীৰ সময়ত ফ্লায়িং স্কোৱাড বা নিৰীক্ষণ গোটৰ সন্দেহ হ’লে সেই ধন জব্দ কৰা হয় । 10 লাখ টকাতকৈ অধিক পৰিমাণৰ নগদ ধন উদ্ধাৰ হ'লে লগে লগে আয়কৰ বিভাগক খবৰ দিয়া হয় । লগতে, নিৰ্বাচনত অৱতীৰ্ণ হোৱা প্ৰাৰ্থী এজনে তেওঁৰ লগত সর্বাধিক 50 হেজাৰ টকা ৰাখিব পাৰে ।
লক্ষণীয় যে, জব্দ হোৱা ধন নিৰ্বাচনী কামত ব্যৱহাৰৰ বাবে যে অনা হোৱা নাছিল তথা ধনৰ উৎসৰ উপযুক্ত প্ৰমাণ দিব পাৰিলে নিৰ্দিষ্ট নিয়মৰ মাজেৰে সেই ধন গৰাকীক মোকলাই দিয়া হয় । সেইদৰে এই সমগ্ৰ প্ৰক্ৰিয়াটোৰ ভিডিঅ' ৰেকৰ্ডিং কৰা হয় । লক্ষণীয় বিষয় যে নিৰ্বাচনী আচৰণ বিধি প্ৰযোজ্য হৈ থকাৰ এই সময়চোৱাত নগদ ধন কঢ়িওৱাৰ সময়ত যাতে সাধাৰণ জনতা সমস্যাৰ সন্মূখীন নহয় তাৰ বাবে এখন বিশেষ কমিটি গঠন কৰা হৈছে । ৰাজ্যৰ প্ৰায় প্ৰতিখন জিলাতে এনে কমিটি গঠনৰ ব্যৱস্থা কৰা হৈছে ।
অলপতে কামৰূপ মহানগৰ জিলাত আৰক্ষী, বিশেষ নিৰীক্ষণকাৰী গোট নাইবা ফ্লাইং স্কোৱাডৰ দ্বাৰা জব্দকৃত নগদ ধনৰ ক্ষেত্ৰত যদিহে সৰ্বসাধাৰণ ৰাইজে কিবা অসুবিধা তথা প্ৰকৃত নিৰ্দোষী লোকে সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে তেন্তে তেনে অসুবিধা আঁতৰোৱাৰ বাবে কামৰূপ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া, নিৰ্বাচনী ব্যয় ন'ডেল বিষয়া আৰু কোষাগাৰ বিষয়াক লৈ তিনিজনীয়া এখন কমিটি গঠন কৰা হৈছে । এনে ক্ষেত্ৰত কাৰোবাৰ কিবা ওজৰ-আপত্তি থাকিলে অতিৰিক্ত জিলা আয়ুক্ত তথা নিৰ্বাচনী ব্যয় ন'ডেল বিষয়া ত্ৰিদীপ কোঁৱৰৰ মোবাইল নং ৯৯৫৭০১৫৬৮১ ত যোগাযোগ কৰিব পাৰিব ।
এই কমিটিখনে আৰক্ষী, বিশেষ নিৰীক্ষণকাৰী গোট নাইবা ফ্লাইং স্কোৱাডৰ দ্বাৰা জব্দকৃত ধন সন্দৰ্ভত নিজাববীয়াকৈ পৰীক্ষা কৰিব । তদুপৰি যদিহে সংশ্লিষ্ট বাজেয়াপ্ত কৰা ধন সন্দৰ্ভত কোনো এজাহাৰ বা অভিযোগ পঞ্জীয়নভুক্ত হোৱা নাই অথবা বাজেয়াপ্ত উক্ত নগদ ধনৰাশি কোনো প্ৰাৰ্থী বা ৰাজনৈতিক দল বা ৰাজনৈতিক প্ৰচাৰ ইত্যাদিৰ সৈতে কোনো ধৰণৰ সম্পৰ্ক নাই তেনে ক্ষেত্ৰত আদৰ্শ পৰিচালনা পদ্ধতি (এছ অ' পি) অনুসৰি এটা মৌখিক নিৰ্দেশনাৰ ভিত্তিত সংশ্লিষ্ট ব্যক্তিজনক জব্দকৃত নগদ ধনৰাশি মোকলাই দিয়াৰ বাবে শীঘ্ৰে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰা হ'ব । উক্ত কমিটিখনে জব্দকৃত নগদ ধনৰ আটাইবোৰ ঘটনাৰ ক্ষেত্ৰত পৰীক্ষা-নিৰীক্ষা কৰি নিৰ্দিষ্ট সিদ্ধান্তত উপনীত হ'ব ।
জব্দকৃত নগদ ধনৰ বিপৰীতে আবেদনৰ ক্ষেত্ৰত বাজেয়াপ্ত তথ্যত উল্লেখ কৰিব লাগিব আৰু সংশ্লিষ্ট ব্যক্তিজনক সেই সময়ত অৱগত কৰিব লাগিব । আনহাতে, জব্দকৃত নগদ ধন মুকলি কৰি দিয়া সন্দৰ্ভত সকলো ধৰণৰ তথ্য নিৰ্বাচনী ব্যয়ৰ ন'ডেল বিষয়াই এটা ৰেজিষ্টাৰ বহীত ক্ৰম অনুসৰি বাজেয়াপ্ত কৰা ধনৰ পৰিমাণ, কাৰ পৰা সংশ্লিষ্ট ধন বাজেয়াপ্ত কৰা হৈছিল আৰু মুকলি কৰি দিয়াৰ তথ্য তাৰিখ সহকাৰে উল্লেখ কৰিব লাগিব । যদিহে মুকলি কৰি দিবলগীয়া বাজেয়াপ্ত ধনৰ পৰিমাণ দহ লাখতকৈ অধিক হয় তেন্তে সংশ্লিষ্ট ধনৰাশি মুকলি কৰি দিয়াৰ পূৰ্বে আয়কৰৰ ন'ডেল বিষয়াক এই সম্পৰ্কত লিখিতভাৱে অৱগত কৰাব লাগিব ।
আৰক্ষী, বিশেষ নিৰীক্ষণকাৰী গোট নাইবা ফ্লাইং স্কোৱাডৰ দ্বাৰা নগদ ধন জব্দ হ'লে সেই বিষয়ে ততালিকে উক্ত কমিটিক অৱগত কৰাব লাগিব আৰু কমিটিয়ে যথা বিধি অনুসৰি এই ক্ষেত্ৰত যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিব । কোনো ক্ষেত্ৰতে এজাহাৰ বা অভিযোগ দাখিল নকৰাকৈ জব্দকৃত নগদ ধন বা অন্যান্য মূল্যৱান সম্পত্তি মালখানা বা কোষাগাৰত যদি ভোটগ্ৰহণ হৈ যোৱাৰ এসপ্তাহলৈ পৰি থাকে তেনে ক্ষেত্ৰত ৰিৰ্টাণিং বিষয়াই আপীল কমিটিৰ দৃষ্টিগোচৰ কৰিব লাগিব আৰু আপীল কমিটিৰ নিৰ্দেশ মৰ্মে সংশ্লিষ্ট জব্দকৃত ধন বা মূল্যৱান সম্পত্তি মুকলি কৰিব পাৰিব ।
লগতে পঢ়ক:লোকসভা নিৰ্বাচন : জব্দকৃত নগদ ধন সন্দৰ্ভত কামৰূপ মহানগৰত বিশেষ কমিটী গঠন - Lok Sabha elections 2024