ETV Bharat / state

১৮ দিনৰ অন্তত অৰুণাচলৰ ঘন জংঘলত অপহৃত প্ৰকাশ চেত্ৰীক মুকলি ! - JAGUN ABDUCTION CASE

১৮ ডিচেম্বৰতে অপহৰণ কৰা প্ৰকাশ চেত্ৰীক সন্দেহজনক আলফা স্বাধীনে মুকলি কৰি দিয়াৰ তথ্য পোৱা গৈছে ! আৰক্ষীয়েও স্পষ্টীকৰণ দিয়া নাই ।

Jagun abduction case
১৮ দিনৰ অন্তত অৰুণাচলৰ ঘন জংঘলত অপহৃত প্ৰকাশ চেত্ৰীক মুকলি ! (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jan 4, 2025, 2:58 PM IST

তিনিচুকীয়া : তিনিচুকীয়া জিলাৰ জাগুনৰ পৰা সন্দেহজনক আলফা স্বাধীনে অপহৰণ কৰি লৈ যোৱা প্ৰকাশ চেত্ৰীক ১৮ দিনৰ অন্তত শনিবাৰে পুৱা মুকলি কৰি দিয়াৰ খবৰ পোৱা গৈছে । অৱশ্যে নিশ্চিত হোৱা নাই এই খবৰ ৷ অৰুণাচল প্ৰদেশৰ ঘন জংঘলত সন্দেহজনক আলফা স্বাধীনে প্ৰকাশ চেত্ৰীক মুকলি কৰি দিয়া বুলি চৰ্চা চলিছে ।

কিন্তু মুকলি কৰি দিয়াৰ কোনো নিশ্চিত তথ্য এই পৰ্যন্ত লাভ কৰা নাই । যদি এই কথা সঁচা হয় তেনেহ'লে নিশ্চিতভাৱে ঘন জংঘলৰ পৰা বাসগৃহ আহি পোৱালৈ যথেষ্ট সময়ৰ প্ৰয়োজন হ'ব ।

১৮ দিনৰ অন্তত অৰুণাচলৰ ঘন জংঘলত অপহৃত প্ৰকাশ চেত্ৰীক মুকলি ! (ETV Bharat Assam)

তিনিচুকীয়া আৰক্ষীৰ অভিযান

এই খবৰ অহাৰ পিছতে অৰুণাচল প্ৰদেশৰ দিশে তিনিচুকীয়াৰ আৰক্ষী অধীক্ষকৰ লগতে আৰক্ষীৰ এটা বৃহৎ দল ৰাওনা হোৱা প্ৰত্যক্ষ কৰিছে স্থানীয় লোকে । অৱশ্যে আৰক্ষীৰ দলটোৱে অপহৃত প্ৰকাশ চেত্ৰীক মুকলি কৰাৰ খবৰ লাভ কৰি যাত্ৰা কৰিছে নে অন্য অভিযানত সেয়া প্ৰতিবেদন প্ৰকাশৰ সময়লৈ স্পষ্ট হোৱা নাই ।

জাগুনৰ অপহৰণকাণ্ড

উল্লেখ্য যে বিগত বছৰৰ ১৮ ডিচেম্বৰত তিনিচুকীয়া জিলাৰ জাগুনৰ ৯ মাইলৰ ক্ৰেচাৰ মিলৰ পৰা প্ৰায় ৮ জনীয়া এটা অস্ত্ৰধাৰী সন্দেহজনক আলফা সদস্যৰ দলে এখন ডাম্পাৰত আহি অপহৰণ কৰি লৈ গৈছিল প্ৰকাশ চেত্ৰী নামৰ যুৱকজনক । কিন্তু প্ৰকাশৰ সন্ধান উলিয়াব পৰা নাই অসমৰ আৰক্ষীয়ে ৷ জাগুনৰ ব্যৱসায়ী কৃষ্ণ চেত্ৰীৰ ক্ৰেচাৰ মিলৰ পৰাই পুৱা প্ৰায় ১০ বজাত অপহৰণ কৰি লৈ গৈছিল যুৱকজনক । যুৱকজনৰ কোনো সন্ধান নোপোৱাত চৰম অনিশ্চয়তাত ভুগিছে পৰিয়ালৰ লগতে স্থানীয় লোকসকল ৷

ইফালে উক্ত ঘটনাৰ পিছত অপহৃত প্ৰকাশ চেত্ৰীক উদ্ধাৰৰ ক্ষেত্ৰত ক্ৰেচাৰ মিলৰ স্বত্বাধিকাৰী কৃষ্ণ চেত্ৰীয়ে কোনোধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ তুলিছে গোৰ্খা ছাত্ৰ সন্থাই । যাৰ বাবে গোৰ্খা ছাত্ৰ সন্থাৰ নেতৃত্বত স্থানীয় ১২ টাকৈ দল-সংগঠন তথা স্থানীয় ৰাইজে ক্ৰেচাৰ মিলৰ স্বত্বাধিকাৰীৰ ৯ মাইলস্থিত বাসগৃহৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচীও ৰূপায়ণ কৰিছে । শুকুৰবাৰে উক্ত কাৰ্যসূচীৰ অন্তত গোৰ্খা ছাত্ৰ সন্থাৰ নেতৃত্বই দুমহীয়া সন্তানৰ পিতৃ প্ৰকাশ চেত্ৰীক মুকলি কৰি দিবলৈ আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক আহ্বান জনায় ।

এগৰাকী স্থানীয় নেতাই কয়, "মিলৰ মালিকৰ লগত যদি সংগঠনটোৰ কিবা আছে তেন্তে মিলামিছা কৰি ল'ব লাগে, অযথা নিৰ্দোষী প্ৰকাশ চেত্ৰীয়ে শাস্তি পাব নালাগে ৷" অপহৰণকাণ্ডৰ ১৭ দিন অতিক্ৰম কৰাৰ পাছতো আৰক্ষীয়ে প্ৰকাশ চেত্ৰীক উদ্ধাৰ কৰিব নোৱৰাটো অসম আৰক্ষী তথা গৃহ বিভাগৰ এয়া এক চূড়ান্ত বিফলতা বুলি ক্ষোভ প্ৰকাশ কৰে সংগঠনটোৱে ৷ সেয়ে শীঘ্ৰে যদি প্ৰকাশ চেত্ৰী ঘৰলৈ ঘূৰি নাহে তেন্তে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ব বুলিও হুংকাৰ দিয়ে গোৰ্খা ছাত্ৰ সন্থাই । আনহাতে মিলৰ স্বত্বাধিকাৰী কৃষ্ণ চেত্ৰীয়ে উপস্থিত লোকসকলৰ সন্মুখত আশ্বাস দিয়ে যে প্ৰকাশ চেত্ৰী সোনকালে ঘূৰি আহিব ।

লগতে পঢ়ক :বন্দুক-বাৰুদেৰে ডাম্পাৰত উঠি আহি কোনে ধৰি নিলে প্ৰকাশক ? উৱাদিহেই পোৱা নাই স্মাৰ্ট পুলিচে - JAGUN ABDUCTION CASE

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.