অসম

assam

ETV Bharat / state

বাংলাদেশৰ সংখ্যালঘু হিন্দুৰ দৰেই অসমত সংখ্যালঘু মুছলমানৰ ওপৰত অত্যাচাৰ চলিছে: অখিল গগৈ - AKHIL GOGOI ON MINORITY MUSLIMS

অসমত সংখ‍্যালঘু মুছলমান লোকৰ ওপৰত একে আক্ৰমণ কৰিছে মুখ‍্যমন্ত্ৰীগৰাকীয়ে । মুখ্যমন্ত্ৰীৰ বক্তব্যৰ অংশ দেখুৱাই অখিল গগৈয়ে আনিলে অভিযোগ ৷

AKHIL GOGOI ON MINORITY MUSLIMS
সমৰ্থকৰ সৈতে অখিল গগৈ (ETV Bharat)

By ETV Bharat Assamese Team

Published : Dec 11, 2024, 7:48 AM IST

ৰঙিয়া:এটা বিশেষ ভিডিঅ’ দেখুৱাই অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক প্ৰশ্ন কৰিলে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে । ভিডিঅ’টোত বাংলাদেশৰ বৰ্তমান অৱস্থা সম্পৰ্কে মন্তব্য কৰি অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে, ‘‘যি দেশৰ যি দেশৰ শাসন ধৰ্মীয় গোড়ামীৰ ভিত্তিত হয় সেই দেশত সৰ্বসাধাৰণে সংখ‍্যালঘু ৰাইজক সুৰক্ষা দিব নোৱাৰে ।’’

মুখ‍্যমন্ত্ৰীৰ এই মন্তব্যৰ ওপৰত প্ৰশ্ন কৰি শিৱসাগৰৰ বিধায়ক গৰাকীয়ে কয়, ‘‘মুখ্যমন্ত্ৰী গৰাকীৰ এই মন্তব্য বাংলাদেশৰ বিষয়ে । কিন্তু এই একেজন মুখ‍্যমন্ত্ৰীয়ে অসমৰ ক্ষেত্ৰত একেটা বিষয়ত কি কৰিছে ?’’ তেওঁ মুখ‍্যমন্ত্ৰী গৰাকীক পোনপটীয়াকৈ দোষাৰোপ কৰি কয় ‘‘বাংলাদেশত সংখ‍্যালঘু হিন্দুসকলৰ ওপৰত যি অত‍্যাচাৰ চলিছে, অসমত সংখ‍্যালঘু মুছলমান লোকৰ ওপৰত একে আক্ৰমণ কৰিছে মুখ‍্যমন্ত্ৰীগৰাকীয়ে । ইয়াৰ বিপৰীতে আঞ্চলিক দলে অঞ্চলটোৰ প্ৰতিগৰাকী লোকক সমানে গুৰুত্ব প্ৰদান কৰে ।’’

অখিল গগৈৰ বক্তব্য (ETV Bharat)

আনহাতে এক দেশ এক নিৰ্বাচনৰ বিষয়েও মন্তব্য কৰি ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে কয় ‘‘বিজেপি চৰকাৰে দেশৰ বিশেষ ৰাজ‍্য কিছুমানৰ বিশেষ অধিকাৰ খণ্ডন কৰাৰ চেষ্টা অব‍্যাহত ৰাখিছে । যদিহে এক দেশ এক নিৰ্বাচন হয় তেতিয়া দেশত এটা দলৰ ঢৌ আহিব । তেতিয়া লোকসভা, ৰাজ‍্যসভা আৰু বিধানসভাসমুহত একেটা দলে সংখ‍্যাগৰিষ্ঠতা লাভ কৰিব আৰু অতি সহজে দেশৰ সংবিধানখন সলনি কৰি পেলাব পৰা যাব । এনেদৰে বিজেপি দলে দেশৰ সংবিধানখনৰ পৰা ধৰ্মনিৰপেক্ষ আৰু সমাজতন্ত্ৰ এই শব্দদুটা আতৰাব বিচাৰিছে ।’’

উল্লেখযোগ্য যে দলীয় কৰ্মশালা তথা যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ ৰঙিয়াত উপস্থিত হৈছিল শিৱসাগৰৰ বিধায়ক অখিল গগৈ । উক্ত কাৰ্যসূচীত প্ৰায় অৰ্ধ শতাধিক লোকে আনুষ্ঠানিকভাৱে দলটোত যোগদান কৰে । ইয়াৰ উপৰিও অখিল গগৈয়ে উপস্থিত দলীয় কৰ্মীসকলৰ আগত আঞ্চলিক দলটোৰ লক্ষ্য আৰু উদ্দেশ্য সম্পৰ্কে ভাষণ দিয়ে । লক্ষণীয়ভাৱে দলীয় যোগদান কাৰ্যসূচী থকাৰ মাজতে মহিলাসকলে বিধায়কগৰাকীৰ সৈতে ছেল্ফী ল’বলৈ হেতাওপৰা লগোৱা পৰিলক্ষিত হয় ।

লগতে পঢ়ক:উপ-নিৰ্বাচনৰ পাছতেই সংখ্যালঘু এলেকাত তৎপৰতা বৃদ্ধি বিজেপিৰ

কংগ্ৰেছৰ বিৰুদ্ধে যুদ্ধবিৰতি ঘোষণা অখিল গগৈৰ; মিলাইছে সুৰ !

ABOUT THE AUTHOR

...view details