অসম

assam

By ETV Bharat Assamese Team

Published : 4 hours ago

ETV Bharat / state

১৫৫ সংখ্যক গান্ধী জয়ন্তী; মহামানৱৰ স্মৃতি বিজড়িত স্থানে সোঁৱৰাই সোণসেৰীয়া অতীত - Mahatma Gandhi In Assam

Mahatma Gandhi birth anniversary: ১৯২১ চনৰ ২২ আগষ্টত । সেই দিনটোতেই বাপুজীয়ে খোজ পেলাইছিল শিলঘাটত । গান্ধীজীৰ পদস্পৰ্শই পবিত্ৰ কৰা এই স্থানতেই আছে বহুতো ইতিহাস । সেই ঠাইতেই স্বৰাজৰ বীজ ৰোপণ কৰিছিল গান্ধীজীয়ে ।

Mahatma Gandhi Kaliabor
বাপুজীয়ে খোজ পেলোৱা কলিয়াবৰ (ETV Bharat Assam)

কলিয়াবৰ, ২অক্টোবৰ :১৯২১ৰ বৃটিছ শাসনৰ লগত জুই-পানীৰ অসযোগ চলি থাকোতেই অসমলৈ আগমণ ঘটিছিল মহামানৱ মহাত্মা গান্ধীৰ । গান্ধীজীৰ আগমনে অসমীয়া লোকৰ পূৰ্বৰ বৃটিছ বিৰোধী স্থিতি অধিক তীব্ৰতৰ কৰি তোলে । গান্ধীজীৰ প্ৰথম অসম ভ্ৰমণৰ সময়ছোৱাত কলিয়াবৰত পদাৰ্পন কৰি কলিয়াবৰবাসীক ধন‍্য কৰিছিল ।

গান্ধীজীয়ে তেজপুৰৰ ভ্ৰমণ সামৰি ডিব্ৰুগড়লৈ বুলি কৰা যাত্ৰা পথত কলিয়াবৰত উপস্থিত হৈছিল । ১৯২১ চনৰ ২২ আগষ্টত তেজপুৰৰ পৰা জাহজেৰে বৰলুইত পাৰ হৈ পুৱা ৯:৩০ বজাত শিলঘাটত পদাৰ্পন কৰিলেহি । গান্ধীজীৰ পদস্পৰ্শই পবিত্ৰ কৰিলে শিলঘাট তথা কলিয়াবৰৰ ভূমিখণ্ডক । কলিয়াবৰৰ থানুৰাম ভূঞা প্ৰমুখ‍্যে মহামানৱৰ বহু অনুগামীয়ে গান্ধীজীক শিলঘাটৰ জাহাজঘাটৰ পৰা আদৰি আনিলে ।

বাপুজীয়ে খোজ পেলোৱা কলিয়াবৰ (ETV Bharat Assam)

আনহাতে, বহুলোকে বৃটিছ চৰকাৰৰ ৰোষত পৰাৰ শংকাত গান্ধীজীক দেখা কৰিবলৈ ভয় কৰিছিল । কিন্তু তাৰ মাজতে কলিয়াবৰ এক ব‍্যতিক্ৰমী ঘটনাৰ সাক্ষী হৈ ৰ'ল । গান্ধীজীক জাহাজঘাটৰ পৰা ১৮৮৭ চনত বৃটিছে স্থাপন কৰা শিলঘাট ডাক বঙলালৈ আহিবলৈ তেতিয়াৰ কলিয়াবৰ চাহ বাগিচাৰ মেনেজাৰে এখন বাগীৰ যোগান ধৰিছিল যদিও গান্ধীজীয়ে সেই বাগীত নাহি অনুগামীসকলৰ সৈতে খোজ কাঢ়িয়েই ডাক বঙলা পালেহি ।

  • মহামানৱৰ স্বৰাজৰ বীজ ৰোপণ

শিলঘাটৰ কলিয়াবৰ চাহ বাগিচাৰ ডাক বঙলাৰ বাকৰি লোকে লোকাৰণ‍্য হ'ল । সমবেত ৰাইজৰ আগত ভাৰতৰ মুক্তি সংগ্ৰাম আৰু অহসযোগৰ তাৎপৰ্য‍ ব‍্যাখ‍্যা কৰে । সেইদিনাই কলিয়াবৰবাসীৰ মন আৰু হৃদয়ত গান্ধীজীয়ে স্বৰাজৰ বীজ ৰোপণ কৰিলে । থানুৰাম ভূঞা, বদন চন্দ্ৰ বৰদলৈ, গণেশ চন্দ্ৰ বৰঠাকুৰকে ধৰি কেইবাগৰাকীও লোকে গান্ধীজীৰ চৰণ চুই আন্দোলন কৰিবলৈ অংগীকাৰবদ্ধ হয় । দেশ মাতৃৰ মুক্তি সংগ্ৰামৰ ঢলপুৱাতে গান্ধী-সূৰ্য‍ৰ ঊষাৰ কিৰণ লভি ভাৰতৰ একমাত্ৰ স্বৰাজ আন্দোলনৰ অনুষ্ঠান কংগ্ৰেছৰ প্ৰতি পূৰ্ণ সহযোগ আৰু বৃটিছ শাসন প্ৰতিহত কৰিবলৈ অসহযোগ সাব‍্যস্ত কৰিবলৈ কলিয়াবৰৰ জনগণ গান্ধীজীৰ অনুৰক্ত হ'ল ।

  • গান্ধী পথাৰৰ স্মৃতি

গান্ধীজীয়ে শিলঘাটৰ পৰা আহি কুঁৱৰীটোলত ৰাইজক বৃটিছৰ বিৰুদ্ধে কলিয়বৰীয়া সহস্ৰ জনতাক আহ্বান জনোৱা স্থানক গান্ধী পথাৰ নামেৰে আজিও জনাজাত, কাষতে কলিয়াবৰ মুক্তি যুঁজাৰু ভৱন । গান্ধীজীৰ মৃত‍্যুৰ পিচত চিতা ভষ্ম শিলঘাটৰ ব্ৰহ্মপুত্ৰত বিসৰ্জন দিয়াৰ লগতে গান্ধীৰ সোঁৱৰণত নিৰ্মাণ কৰা হয় গান্ধী অস্থি ধাম । গান্ধীজীয়ে ১৯২১, ১৯২৬, ১৯৩৬ আৰু ১৯৪৬ চনত মুঠ চাৰিবাৰ অসম ভ্ৰমণ কৰিছিল । ১৯২১ চনৰ প্ৰথম ভ্ৰমণৰ সময়ত ২২ আগষ্টত গান্ধীজীৰ পদাৰ্পণৰ সাক্ষী কলিয়াবৰৰ স্মৃতি বিজড়িত স্থানসমূহে আজিও সোঁৱৰাই সোণসেৰীয়া অতীত ।

লগতে পঢ়ক:আন্তৰ্জাতিক অহিংসা দিৱস; গান্ধীজীৰ অহিংস নীতি প্ৰতি সন্মানসূচক এটা দিন - International Day of Non Violence

ত্যাগ-বলিদানৰ গৌৰৱোজ্বল ইতিহাসেৰে মহিমামণ্ডিত অসম আৰক্ষী: ৰাজ্যপাল আচাৰ্য - Assam Police Day 2024

ABOUT THE AUTHOR

...view details