অসম

assam

ETV Bharat / state

যোৰহাটৰ অগ্নিকাণ্ডত নিহত এজন; কেইবা কোটি টকাৰ সম্পত্তি ভস্মীভূত - JORHAT FIRE TRAGEDY

Jorhat fire: যোৰহাটৰ ভোগদৈ মছজিদৰ সমীপত অগ্নিকাণ্ড । এজন লোক নিহত হোৱাৰ খবৰ পোৱা গৈছে ।

Jorhat fire
যোৰহাটৰ অগ্নিকাণ্ডত নিহত এজন (ETV Bharat)

By ETV Bharat Assamese Team

Published : Nov 2, 2024, 9:54 AM IST

যোৰহাট : ৰাজ্যবাসীয়ে দীপাৱলী উদযাপনত ব্যস্ত থকাৰ সময়তে যোৰহাট নগৰত বিধ্বংসী অগ্নিকাণ্ড । নগৰৰ মাজমজিয়াৰ ভোগদৈ মছজিদৰ সমীপত নিশা প্ৰায় ১২ অগ্নিকাণ্ড সংঘটিত হয় । কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান আৰু আৱাসগৃহ জুই ভস্মীভূত হয় । ইফালে অগ্নিকাণ্ডৰ ফলত এগৰাকী লোক নিহত হোৱাৰ খবৰ পোৱা গৈছে । ঘটনাটোক লৈ শোকাকুল পৰিৱেশে বিৰাজ কৰিছে যোৰহাটত ।

দীপাৱলীৰ নিশা ভয়ংকৰ অগ্নিকাণ্ড

জানিব পৰা মতে এখন গেলামালৰ দোকানৰ পৰা জুইৰ সূত্ৰপাত হয় । লাহে লাহে সেই জুই কেইবাখনো বিপণী আৰু আৱাসগৃহত বিয়পি পৰে । ফলত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয় । খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হয় । কিন্তু এই জুই ইমানে ভয়াৱহ আছিল যে অঞ্চলটোৰ প্ৰায় ৮০০ মিটাৰ পৰ্যন্ত জুই বিয়পি পৰে ।

যোৰহাটৰ অগ্নিকাণ্ডত নিহত এজন (ETV Bharat)

সমগ্ৰ অঞ্চলটো জুই আৰু ক'লা ধোঁৱাই আৱৰি ধৰে । অগ্নিনিৰ্বাপক বাহিনীৰ লগে ভাৰতীয় সেনা, বায়ু সেনা আৰু অ'এনজিচিৰ তৰফৰ পৰাও কেইবাখনো বাহনে জুই নিৰ্বাপণৰ চেষ্টা চলায় । কিন্তু অঞ্চলটো ঠেক হোৱাৰ বাবে জুই নিৰ্বাপণত তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হয় অগ্নিনিৰ্বাপক বাহিনী । যাৰ বাবে নিশাই এক্সেভেটৰৰ জৰিয়তে ব্যৱসায়িক প্ৰতিষ্ঠানৰ কিছু অংশ ভাঙি দিয়া হয় । তাৰ পিছতহে জুই নুমুৱাবলৈ সক্ষম হয় ।

জুইৰ উৎস কি ?

কিন্তু ক'ৰ পৰা জুইৰ সূত্ৰপাত হ'ল সেয়া এতিয়াও স্পষ্ট হোৱা নাই । অৱশ্যে ফটকা বা আতচবাজীৰ পৰা জুইৰ সূত্ৰপাত হোৱাৰ আশংকা কৰিছে আৰক্ষী তথা একাংশ লোকে । ঘটনাটোৰ পিছতে যোৰহাটৰ আৰক্ষী অধীক্ষকসহ প্ৰশাসনৰ উচ্চ পদস্থ বিষয়াসকল তাত উপস্থিত হয় আৰু পৰিস্থিতিৰ বুজ লয় । জুইৰ উৎস কি আছিল তাৰ সন্ধানত ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ।

জানিব পৰা মতে অগ্নিকাণ্ডৰ ফলত এগৰাকী লোকৰ মৃত্যু হৈছে । ইফালে কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান আৰু আৱাসগৃহৰ বিস্তৰ ক্ষতি হয় । অগ্নিকাণ্ডত কেইবা কোটি টকাৰ সম্পত্তি আৰু গুৰুত্বপূৰ্ণ নথি পত্ৰ ভস্মীভূত হোৱা বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক :দীপাৱলীৰ দিনাই ৰাজ্যৰ বিভিন্ন স্থানত ভয়ংকৰ অগ্নিকাণ্ড

ABOUT THE AUTHOR

...view details