অসম

assam

ETV Bharat / state

স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ তিৰোভাৱ তিথিত সাংস্কৃতিক অনুষ্ঠান নিষিদ্ধ কৰিলে কিয় ? - Bhojpuri song controversy

Swargadeo Sarbananda Singha: সৰ্বানন্দ সিংহৰ তিৰোভাৱ তিথিৰ ভোজপুৰী গীতৰ প্ৰসংগত যৌথ সভা সম্পন্ন ৷ মটক জনগোষ্ঠীৰ কেউটা সংগঠনৰ নেতৃত্বৰে তদন্ত কমিটী গঠন ৷ ১৫ দিনৰ ভিতৰত তদন্ত কমিটীয়ে দাখিল কৰিব প্ৰতিবেদন ৷

By ETV Bharat Assamese Team

Published : May 29, 2024, 8:46 AM IST

Swargadeo Sarbananda Singha
স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ ২২২ সংখ্যক তিৰোভাৱ তিথি (ETV BHARAT ASSAM)

তিনিচুকীয়া, ২৯ মে’: যোৱা ২৪ মে’ত ঐতিহাসিক তিনিকোণীয়া পুখুৰীৰ পাৰত আয়োজন কৰা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ ২২২ সংখ্যক তিৰোভাৱ তিথিত নিশা সাংস্কৃতিক অনুষ্ঠানত ভোজপুৰী গীত পৰিবেশন কৰাক লৈ প্ৰতিক্ৰিয়া অব্য়াহত আছে । এই কাৰ্যক কেন্দ্ৰ কৰি সচেতন মহলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ মাজতে মঙলবাৰে মটক জনগোষ্ঠীৰ কেইবাটাও সংগঠনে এখন যৌথ সভাত স্পষ্ট কৰিলে নিজৰ নিজৰ স্থিতি ৷ বৰগুৰিস্থিত সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনৰ কাৰ্যালয়ৰ সভাগৃহত আয়োজিত যৌথ সভাখনত এই বিষয়টো সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয় ।

স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ ২২২ সংখ্যক তিৰোভাৱ তিথি (ETV BHARAT ASSAM)

এই সভাত সদৌ অসম মটক সন্মিলন, সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলন, সদৌ অসম মটক মহিলা পৰিষদ, সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদ, সদৌ অসম মটক ছাত্ৰ সন্থাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে । যৌথ সভাখনত ৰাজবংশ উন্নয়ন সমিতিৰ সভাপতি হেমন্ত গোহাঁই আৰু সম্পাদক স্বৰোজ গোহাঁয়ো উপস্থিত থাকে ৷ সভা শেষত কেউটা সংগঠনৰ নেতৃত্বৰ উপস্থিতিত সদৌ অসম মটক সন্মিলনৰ সভাপতি কিৰণ ৰাজখোৱাই ৰজাগৰাকীৰ তিৰোভাৱ তিথিৰ দিনটোত সংঘটিত অনাকাংক্ষিত ঘটনা গৰিহণাৰ যোগ্য বুলি কয় । তেওঁলোকে কোনেও বিষয়টো তলকিবই নোৱাৰিলে বুলি উল্লেখ কৰে ৷ লগতে ৰাজখোৱাই কয় যে সমগ্ৰ অনুষ্ঠানটো আয়োজনৰ নেতৃত্বত যিহেতু ৰাজবংশ উন্নয়ন সমিতি আছিল সেইহেতুকে যৌথ সভাত ৰাজবংশ উন্নয়ন সমিতিৰ সভাপতি হেমন্ত গোহাঁই ক্ষমা বিচৰাৰ লগতে অনাকাংক্ষিত ঘটনাৰ সমগ্ৰ দোষ মূৰ পাতি লয় ৷

আনহাতে, সমগ্ৰ ঘটনাৰ এক চৰজমিন তদন্ত কৰিবৰ বাবে কেউটা সংগঠনৰ সভাপতি-সম্পাদকক একত্ৰিত কৰি এক তদন্ত কমিটী গঠন কৰা হয় বুলি উল্লেখ কৰে সদৌ অসম মটক সন্মিলনৰ সভাপতি কিৰণ ৰাজখোৱাই । তেওঁ উক্ত কমিটিখনে অহা ১৫ দিনৰ ভিতৰত তদন্তৰ প্ৰতিবেদন দাখিল কৰিব বুলি কয় ৷ ইফালে, আগন্তুক দিনত কেউটা সংগঠনে যদি ২৪ মে’ দিনটোত তিৰোভাৱ তিথি পালন কৰে তেন্তে সেই অনুষ্ঠানৰ সৈতে কোনো সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিব নোৱাৰিব বুলিও প্ৰস্তাৱ গ্ৰহণ কৰে যৌথ সভাই ।

আগন্তুক দিনসমূহত ঐতিহাসিক বেংমৰা ৰাজ্য আৰু বৰ্তমানৰ তিনিচুকীয়াত থকা কীৰ্তিচিহ্নসমূহ সংৰক্ষিত কৰাৰ লগতে বেদখল মুক্ত কৰাৰ দাবীত কেউটা সংগঠনৰ উদ্যোগত যৌথভাৱে প্ৰতিবাদী কাৰ্যসূচী গঢ়ি তুলিব বুলিও কয় সদৌ অসম মটক সন্মিলনৰ সভাপতিগৰাকীয়ে ৷ সমান্তৰালভাৱে কিৰণ ৰাজখোৱাই এটা বিশেষ দিনত সংঘটিত হোৱা অপসংস্কৃতিক মুকলিভাৱে প্ৰকাশ কৰি দৃষ্টিগোচৰ কৰাৰ বাবে সংবাদকৰ্মীসকলক ধন্যবাদ জ্ঞাপন কৰে ।

লগতে পঢ়ক:সৰ্বানন্দ সিংহৰ তিৰোভাৱ তিথিত ভোজপুৰী গীত: সংবাদ মাধ্যমৰ বিৰুদ্ধেহে সোচ্চাৰ হ’ল উদ্যোক্তা - Sarbananda Singha Death anniversary

লগতে পঢ়ক:মটক ৰজা সৰ্বানন্দ সিংহৰ তিৰোভাৱ তিথিত উদ্দাম নৃত্যক লৈ প্ৰতিক্ৰিয়া - MOTOK KING SARBANANDA SINGHA

ABOUT THE AUTHOR

...view details