অসম

assam

ETV Bharat / state

মাঘ বিহুৰ পিছত কংগ্ৰেছৰ জয় বাপু, জয় ভীম, জয় সংবিধান কাৰ্যসূচী - JAI BAPU JAI BHIM JAI SAMVIDHAN

অমিত শ্বাহে দেশৰ সংবিধান প্ৰণেতাক অপমান‌ কৰাৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ ।

Congress Press Meet in Guwahati
নিখিল‌ ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক মনোজ চৌহান (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Jan 11, 2025, 3:24 PM IST

গুৱাহাটী:ভোগালী বিহুৰ পিছতে কংগ্ৰেছে অসমত গাঁৱে-ভূঞে এক ব্যাপক কাৰ্যসূচী গ্ৰহণ কৰিব ।‌ দেশৰ সংবিধান ৰক্ষাৰ দাবীত অসমত গাঁৱে ভূঞে কংগ্ৰেছে এই কাৰ্যসূচী গ্ৰহণ কৰিব । কংগ্ৰেছে যোৱা ৩ জানুৱাৰীৰ পৰা অহা ২৬ জানুৱাৰীলৈ জয় বাপু, জয় ভীম, জয় সংবিধান কাৰ্যসূচী দেশজুৰি ৰূপায়ণ কৰি আছে । ইয়াৰে অংশ ৰূপেই দলটোৱে অসমত চলাব অভিযান ।

এই কাৰ্যসূচী সন্দৰ্ভত নিখিল‌ ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক মনোজ চৌহানে সদৰী কৰিছে । শনিবাৰে মহানগৰীত আয়োজিত এক সংবাদমেলত নিখিল‌ ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদকগৰাকীয়ে কয়," ৩ জানুৱাৰীৰ পৰা ২৬ জানুৱাৰীলৈ জয় বাপু,জয় ভীম,জয় সংবিধান কাৰ্যসূচী দেশজুৰি ৰূপায়ণ কৰা হৈছে ।" তেওঁ পুনৰ কয়, "অসমত বিহুৰ পিছত এই কাৰ্যসূচী আৰম্ভ কৰা হ'ব ।"

নিখিল‌ ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক মনোজ চৌহান (ETV Bharat Assam)

নিখিল‌ ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদকগৰাকীয়ে বিজেপিক সমালোচনা কৰি কয়, "বিজেপি আৰু আৰ এছ এছে আৰম্ভণিৰে পৰা দেশৰ সংবিধানক অৱমাননা‌ কৰি আহিছে । শেহতীয়াকৈ সংসদত গৃহমন্ত্ৰী অমিত শ্বাহে দেশৰ সংবিধান প্ৰণেতা ভীমৰাও আম্বেদকাৰক অপমান‌ কৰিছে । কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বিৰোধীক আক্ৰমণ কৰিবলৈ গৈ সংবিধান প্ৰণেতা ভীমৰাও আম্বেদকাৰক লৈ অপমানসূচক মন্তব্য কৰিছিল ।" তেওঁ লগতে কয়, "অমিত শ্বাহে আম্বেদকাৰৰ প্ৰতি কৰা অপমানসূচক মন্তব্যৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰা নাই, কিম্বা ভুল স্বীকাৰ কৰা নাই ৷"

কি কৈছিল অমিত শ্বাহে ?

উল্লেখ্য যে ৰাজ্যসভাত সংবিধানক লৈ আলোচনা চলি থকা অৱস্থাত অমিত শ্বাহে বিৰোধীক আক্ৰমণ কৰিবলৈ গৈ কৈছিল যে আজিকালি এটা ফেচন চলিছে– আম্বেদকাৰ, আম্বেদকাৰ, আম্বেদকাৰ, আম্বেদকাৰ, আম্বেদকাৰ, আম্বেদকাৰ ৷ ইমানবাৰ যদি ভগৱানৰ নাম লোৱা হয়, তেন্তে সাতজন্মই স্বৰ্গবাস লাভ কৰিব । এই মন্তব্য়ৰ বিৰোধিতা কৰি নিখিল‌ ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদকগৰাকীয়ে কয়, "যেতিয়ালৈকে অমিত শ্বাহে পদত্যাগ নকৰে সেই পৰ্যন্ত কংগ্ৰেছ দলে আন্দোলন অব্যাহত ৰাখিব । অহা ২৫ জানুৱাৰীৰ পিছত কংগ্ৰেছ দলে সংবিধান বচাও পদযাত্ৰা কাৰ্যসূচী আৰম্ভ কৰিব । ২০২৬ চনৰ ২৫ জানুৱাৰীলৈ এই কাৰ্যসূচী চলিব ।"

লগতে পঢ়ক:কয়লা ছিণ্ডিকেটৰ চৰ্দাৰ কোন ? সত্যৰ সন্ধানত প্ৰদেশ কংগ্ৰেছ - UMRANGSO COAL MINE TRAGEDY

অসম এতিয়া ভাৰতৰ ভিতৰতে এখন অতি পিছপৰা ৰাজ্য : ৰিপুণ বৰা - RIPUN BORA SLAMS BJP

ABOUT THE AUTHOR

...view details