জোনাই, 11 জুলাই:জুন মাহৰ মাজভাগত ৰাজ্যৰ বান পৰিস্থিতিয়ে অধিক জটিল ৰূপ ধাৰণ কৰে ৷ বানাক্ৰান্তসকলে ঠায়ে ঠায়ে পৰ্যাপ্ত সাহায্য নোপোৱাৰ কথাও পোহৰলৈ আহে ৷ বাৰিষাৰ প্ৰথমটো বানে বিস্তৰ ক্ষতিসাধন কৰিছিল ধেমাজিৰ জোনাই মহকুমাত ৷ জোনাইৰ শিৱগুৰি অঞ্চল বানৰ দ্বাৰা ব্যাপক ক্ষতিৰ সন্মুখীন হ’বলগীয়া হয় ৷
চিয়াং, দতুং, দিবাং নৈৰ বাঢ়নী পানীয়ে সমগ্ৰ শিৱগুৰি অঞ্চলটো বুৰাই পেলোৱাত সৃষ্টি হোৱা অবৰ্ণনীয় পৰিৱেশৰ মাজেৰে জীৱন অতিবাহিত কৰিছিল অঞ্চলবাসীয়ে । বানাক্ৰান্তসকলক জোনাই মহকুমা প্ৰশাসন আৰু এছ ডি আৰ এফ বাহিনীয়ে উদ্ধাৰ কৰি জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা অস্থায়ী আশ্ৰয় শিবিৰত ৰখাৰ ব্যৱস্থা কৰে ৷
লগতে পঢ়ক:ধেমাজিত এতিয়াও জলমগ্ন ১৪০ খন গাঁও : কেন্দ্ৰক সমালোচনা সাংসদ অজিত কুমাৰ ভূঞাৰ - Assam Flood 2024
ইতিমধ্যে ৰাজ্য চৰকাৰৰ লগতে কেন্দ্ৰীয় চৰকাৰকো বান সমস্যা নিয়ন্ত্ৰণ তথা প্ৰতিৰোধ কৰিব নোৱাৰাৰ বাবে তুলাধুনা দি আহিছে বিৰোধীয়ে ৷ তেনে এক পৰিৱেশৰ মাজতে জোনাইৰ বানাক্ৰান্তক সহায়ৰ হাত আগবঢ়াই নিখিল ভাৰতীয় কংগ্ৰেছৰ কেন্দ্ৰীয় সম্পাদক বিকাশ উপাধ্যায়ে ৷
লগতে পঢ়ক:১৫ আগষ্টৰ ভিতৰত সকলো ক্ষতিগ্ৰস্তই পাব সাহায্য: অতুল বৰা - Assam Flood 2024